টেষ্ট মেচ চোৱাৰ আগ্ৰহীৰ বাবে মেগা অফাৰ, দৈনিক ৬০ টকাতে উপভোগ কৰক গিল-ৰাহুলৰ চমক
ভাৰতীয় ক্রিকেট দল বৰ্তমানে অষ্ট্ৰেলিয়াত আছে, য’ত তিনিখন এদিনীয়া (ODI) খেলৰ ছিৰিজৰ পাছত পাঁচখন টি-২০ খেলৰ ছিৰিজ খেলিব। এই ভ্ৰমণৰ অন্তত ভাৰতীয় দলে ঘৰতে দক্ষিণ আফ্ৰিকাৰ সৈতে Test, ODI, T20 খেলিব। এই ছিৰিজৰ আৰম্ভণি ১৪ নৱেম্বৰৰ পৰা হ’ব, প্ৰথমখন টেষ্ট খেলা হ’ব কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেন ষ্টেডিয়ামত। এই খেলৰ বাবে বেংগল ক্রিকেট এছ’চিয়েছনে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। এছ’চিয়েছনৰ সভাপতি সৌৰভ গাঙ্গুলীয়ে খেলাৰ আগতেই ক্ৰিকেট অনুৰাগীসকলক এটা ডাঙৰ দীপাৱলীৰ উপহাৰ দিছে।
কলকাতাৰ ইডেন গাৰ্ডেনত ছয় বছৰ পাছত পুনৰ টেষ্ট খেলা হ’ব। ২০১৯ চনত ইয়াত ভাৰত আৰু বাংলাদেশৰ মাজত “পিংক বল টেষ্ট” খেলিছিল। এতিয়া ১৪ নৱেম্বৰৰ পৰা ভাৰত বনাম দক্ষিণ আফ্ৰিকা প্ৰথম টেষ্ট অনুষ্ঠিত হ’ব। এই খেলাৰ টিকেট Zomato এপত বুক কৰিব পৰা যাব। পাঁচদিনীয়া খেলাৰ টিকট মাচুল ৩০০ টকা— অৰ্থাৎ প্ৰতিদিনৰ বাবে মাথোঁ ৬০ টকাৰ সমান। লগতে ২৫০ টকাৰ এটা দিনৰ টিকটো উপলব্ধ আছে।
ইফালে ৰোহিত শর্মাৰ অৱসৰৰ পাছত শুভমন গিলে টেষ্ট আৰু এদিনীয়া দলৰ নেতৃত্ব লৈছে। তেওঁৰ নেতৃত্বত ভাৰতে প্ৰথম টেষ্ট ছিৰিজ ইংলেণ্ডত খেলিছিল, যিটো ২-২ৰ ব্যৱধানত ড্ৰ হৈছিল। তাৰ পিছত ভাৰতে ঘৰতে অনুষ্ঠিত টেষ্ট ছিৰিজত ৱেষ্ট ইণ্ডিজক ২-০ত পৰাজিত কৰিছিল। এতিয়া গিলৰ নেতৃত্বত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো এদিনীয়া ছিৰিজ খেলিছে, য’ত প্ৰথমখন খেলত ভাৰত পৰাজিত হৈছে।
সৌৰভ গাঙ্গুলীয়ে ২২ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে দ্বিতীয়বাৰ বেংগল ক্রিকেট এছ’চিয়েছনৰ সভাপতি পদ গ্ৰহণ কৰিছিল। তাৰ আগতে তেওঁ ২০১৫ৰ পৰা ২০১৯ পৰ্যন্ত এই পদত আছিল, যাৰ পিছত তেওঁ BCCI-ৰ ৩৫তম সভাপতি হৈছিল।
১৪ৰ পৰা ১৮ নৱেম্বৰলৈ প্ৰথম টেষ্টৰ পিছত দ্বিতীয়খন টেষ্ট ২২ৰ পৰা ২৬ নৱেম্বৰলৈ অসম ক্রিকেট এছ’চিয়েছন (ACA)ত অধীনত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব। তিনিখন এদিনীয়া খেলৰ ছিৰিজ ৩০ নৱেম্বৰত আৰম্ভ হ’ব আৰু পাঁচখন টি-২০ খেলৰ ছিৰিজ ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব।
উল্লেখ্য ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীয়ে টেষ্ট মেচ আয়োজনৰ বাবে নিৰ্বাচিত হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২০ অক্টোবৰ