নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত কালীপূজাথলীত চাফাই কৰ্মীৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজিৰে পৰা কালীপূজা আৰু দীপাৱলী পালন কৰা হৈছে৷ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বিগত এটা মাহ ধৰি ৰাজ্যবাসী শোকত ম্ৰিয়মাণ হৈ আছে৷ জুবিন গাৰ্গবিহীন দুৰ্গাপূজা, লক্ষ্মীপূজা আৰু কাতি বিহু পাৰ হৈ গ’ল৷ কোনো কোনো স্থানত জাকজমকতা, ৰং-বিৰঙৰ বিজুলীবাতিৰে পোহৰাই তোলাৰ বিপৰীতে শিৱসাগৰ চহৰৰ মেলাচকৰত চাফাই কৰ্মীসকলে কালীপূজা তথা দীপাৱলী ধৰ্মীয় ৰীতি-নীতেৰে পালন কৰিছে৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবে পণ লৈছে চাফাই কৰ্মীসকলে৷

আজি পুৱা মেলাচকৰ কালী মন্দিৰৰ হৰিজন কলনীত কালীপূজা উপলক্ষে জুবিন গাৰ্গৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে হৰিজন সমাজে৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে হৰিজন সমাজৰ বয়োজ্যেষ্ঠ মহিলা লীলা বাছফৰ আৰু শিৱসাগৰ পৌৰসভাৰ উপ-পৌৰপতি তথা অধিবক্তা সঞ্জীৱ বৰাই৷ তাৰ পাছতেই দুখীয়াক সহায় কৰি ভাল পোৱা জুবিনৰ আদৰ্শক অনুকৰণ কৰি চাফাই কৰ্মীসকলেও আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জুবিন গাৰ্গৰ ফটো সম্বলিত স্কুল বেগ প্ৰদান কৰে৷ সমান্তৰালভাৱে নাহৰ ভালপোৱা জুবিন গাৰ্গৰ স্মৃতিত বহুকেইটা নাহৰ পুলি ৰোপণ কৰা হয়৷ এই উপলক্ষে আয়োজন কৰা এক চমু অনুষ্ঠানৰ আঁত ধৰে মৃদুল দাসে৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি শিৱসাগৰ পৌৰসভাৰ উপ-পৌৰপতি সঞ্জীৱ বৰাই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই অসমৰ ৰাইজৰ আৱেগ-অনুভূতিৰ প্ৰতি সন্মান জনাই চৰকাৰে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়৷ অনুষ্ঠানত হৰিজন সমাজৰ নেতৃত্ব বহন কৰা নিলেশ বাছফৰ, সাংবাদিক ৰাতু কুমাৰ দাস, মুন্না আগৰৱাল, পৰীক্ষিত গগৈ, বলিন গগৈৰ লগতে বিশিষ্ট সমাজসেৱক তথা ব্যৱসায়ী অচ্যুত চুতীয়া, ৰফিকুল হাজৰিকাৰ উপৰি কেইবাটাও সংগঠনৰ নেতাসকলৰ লগতে সুনীল সিং, প্ৰাঞ্জল দাস, সমীৰ বাছফৰ, গুন্দু বাল্মীকি, অবিনাশ বাছফৰ, গৌৰৱ বাছফৰ, শ্ৰৱণ বাছফৰ, ছাহিল বাছফৰ, চতু বাছফৰ, নিখিল বাছফৰ, সন্দীপ বাছফৰ, বুদ্ধু বাল্মীকিৰ লগতে কেইবাশ লোকে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে জুবিন গাৰ্গৰ ‘মায়াবিনী’ গীতটো পৰিৱেশন কৰে৷

নিয়মীয়া বাৰ্তা, শিৱসাগৰ, ২০ অক্টোবৰ
You might also like