নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : নৱেম্বৰত সকলো দিশ বিবেচনা কৰি বিধানসভাত দিয়া হ’ব প্রতিবেদন

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্রী ডাঃ ৰণোজ পেগুৰ ঘোষণা

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দীর্ঘদিন ধৰি চলি থকা বিতর্কৰ মাজতে জনজাতিকৰণৰ সন্দর্ভত অহা ২৫ নৱেম্বৰত ৰাজ্য চৰকাৰে অসম বিধানসভাত প্রতিবেদন দাখিল কৰিব বুলি কৰা ঘোষণাৰ পাছতে আৰম্ভ হৈছে সংঘাত৷

মুখ্যতঃ জনজাতিকৰণৰ বিষয়টোক লৈ ট্রাইবেল সংঘৰ নেতৃত্বত গঠন হোৱা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি (চিচিটি’এ)–এ মুকলিকৈ আৰম্ভ কৰা বিৰোধিতাই সমগ্র প্রক্রিয়াটোত সৃষ্টি কৰিছে বিতর্কৰ৷

লক্ষণীয়ভাৱে দীর্ঘদিনৰ পৰা জনজাতিকৰণক লৈ বিৰোধিতা প্রকাশ কৰি অহা সমন্বয়ৰক্ষী সমিতিয়ে শেহতীয়াকৈ আহোম আৰু কোচ ৰাজবংশীক জনজাতিৰ মর্যাদা দিয়াৰ ক্ষেত্রত তীব্র বিৰোধিতা কৰিছিল৷

জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে এইবুলি উল্লেখ কৰিছে যে আহোমসকল ৰয়েল ফেমিলীৰ লোক আৰু অসমক আহোমে ৬০০ বছৰ ৰাজত্ব কৰিছিল৷ চুতীয়াসকল আহোম অহাৰ পূর্বে ৰজা আছিল আৰু তেওঁলোকৰ ৰাজ্য আছিল৷ কোচ ৰাজবংশী জনগোষ্ঠীক লৈও আপত্তি তোলা সমন্বয়ৰক্ষী সমিতিৰ মতে, উজনিৰ কোচৰ সৈতে নামনিৰ ৰাজবংশীসকলৰ আকাশ–পাতাল পার্থক্য৷ কোচ আৰু ৰাজবংশী দুটা পৃথক জনগোষ্ঠী৷

কোচ ৰাজবংশীসকল পশ্চিমবংগত অ’বিচি হিচাপে স্বীকৃত৷ আনহাতে, ৰাজস্থানৰ বিখ্যাত মহাৰাণী প্রয়াত গায়ত্রী দেৱী কোচ ৰাজবংশী জনগোষ্ঠীৰ আছিল৷ উজনিৰ কোচসকল সকলো ক্ষেত্রতে আগবঢ়া৷ গোৱালপাৰাৰ ৰাজবংশীসকল কিন্তু পিছপৰা৷ এনেধৰণৰ কেইবাটাও যুক্তিৰে জনজাতিকৰণৰ বিৰোধিতা কৰা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিক উভতি ধৰিছে টাই আহোম ছাত্র সন্থা, চমুকৈ আটাছুৱে৷

আটাছুৰ মন্তব্য– ‘আহোমে অসমত ৬২০ বছৰ ৰাজত্ব কৰিছে, এয়া ধ্রুৱসত্য কথা৷ কিন্তু সেই সময়ৰ ৰাজত্ব আছিল ৰাজতন্ত্র৷ যদিও ৰাজতন্ত্র আছিল তথাপি সেই সময়ত আহোমৰ নীতি আৰু আদর্শ আছিল সাম্যবাদ আৰু সমাজবাদ৷ আহোম জনগোষ্ঠীৰ পৰা যিদৰে মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্রী, মন্ত্রী হৈছে ঠিক একেদৰে বড়ো জনগোষ্ঠীৰ পৰাও ৰাজনৈতিক নেতা, চৰকাৰী আমোলা হৈছে৷ বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ অধ্যক্ষ, মেঘালয়ৰ প্রাক্তন ৰাজ্যপাল ৰঞ্জিৎ শেখৰ মুছাহাৰী, দেশৰ প্রাক্তন মুখ্য নির্বাচনী বিষয়া আছিল হৰিশংকৰ ব্রহ্ম৷

এনে অলেখ উদাহৰণ আছে য’ত বড়ো জনগোষ্ঠীৰ লোক ৰাজনৈতিকভাৱে সক্রিয় আৰু চৰকাৰৰ শীর্ষ আমোলাৰ দায়িত্বত আছিল৷’ আটাছুৱে ট্রাইবেল সংঘ তথা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিক আঙুলিয়াই কয়– ‘আহোম বা কোচ ৰাজবংশীসকলৰ জনজাতিকৰণত বাধাৰ সৃষ্টি কৰি অহা ট্রাইবেল সংঘই ট্রাইবেল বেল্টৰ ভূমি কিমান সুৰক্ষিত হৈ আছে তাৰ খবৰ লওক আগতে৷ সোণাপুৰৰ ট্রাইবেল বেল্ট, গোৱালপাৰাৰ ছিদলী ট্রাইবেল বেল্টৰ ভূমি, বিজনী, দক্ষিণ কামৰূপত ট্রাইবেল বেল্ট, বাক্সাৰ ট্রাইবেল বেল্ট, চিপাগুৰি ট্রাইবেল বেল্ট, কাজাই ট্রাইবেল বেল্ট আদিত লাখ লাখ ভূমি এতিয়া বেদখলৰ কবলত অথবা অসুৰক্ষিত৷

এই ভূমিসমূহ সুৰক্ষিত কৰাতহে ট্রাইবেল সংঘই গুৰুত্ব দিয়া উচিত৷ ইয়াৰ পৰিৱর্তে জনজাতিকৰণৰ বিৰোধিতা কৰি থকা ট্রাইবেল সংঘই দৰাচলতে কাৰ নির্দেশত এই বিৰোধিতাত নামি পৰিছে সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ জনজাতিকৰণৰ বিৰোধিতা কৰি জনজাতিসমূহৰ সমন্বয়ৰক্ষী সমিতিসমূহে আহোম, কোচ ৰাজবংশীসকলৰ বিপৰীতে চাওতাল, খাড়িয়া, মুণ্ডা, চাওৰাসকলৰ প্রতি সহমর্মিতা প্রকাশ কৰি তেওঁলোকৰ জনজাতিকৰণৰ আৱশ্যক বুলিহে মন্তব্য প্রকাশ কৰিছিল৷’

জনজাতিকৰণক লৈ ট্রাইবেল সংঘ আৰু টাই আহোমসহ কেইবাটাও সংগঠনৰ মাজত সৃষ্টি হোৱা সংঘাতে শেহতীয়াকৈ তীব্র ৰূপ ধাৰণ কৰাৰ সময়তে মন্ত্রী ডাঃ ৰণোজ পেগুৱে বিষয়টোক লৈ তাৎপর্যপূর্ণ মন্তব্য কৰে৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত ডাঃ ৰণোজ পেগুৰ মন্তব্য– ‘জনজাতিকৰণৰ বিষয়টোৰ ক্ষেত্রত চৰকাৰৰ ওপৰত সকলোৱে আস্থা ৰাখক৷ নৱেম্বৰত সকলো দিশ বিচাৰ–বিবেচনা কৰি বিধানসভাত দাখিল কৰা হ’ব প্রতিবেদন৷’

মন্ত্রীগৰাকীয়ে পুনৰ কয়– ‘চৰকাৰখনে সদায় নিৰপেক্ষ ভূমিকা লৈ আহিছে৷ মন্ত্রীগোটৰ ওপৰত যি দায়িত্ব অর্পণ কৰা হৈছে সেই অনুসৰি বিধানসভাত জনজাতিকৰণক লৈ প্রতিবেদন দাখিল কৰা হ’ব৷ মূল কথাটো হ’ল জনজাতিকৰণৰ সিদ্ধান্ত ল’ব কেন্দ্রীয় চৰকাৰে৷ আমাৰ কাম হ’ল বিধানসভাত প্রতিবেদন দাখিল কৰা৷ নিশ্চিতভাৱে কিছু জটিলতা আছে৷

মই কোনো কথা ক’ব বিচৰা নাই৷ আমি সকলো জনগোষ্ঠীৰ স্বার্থ আগত লৈ সিদ্ধান্ত ল’ব বিচাৰিছোঁ৷’ উল্লেখ্য যে ছয় জনগোষ্ঠীক অনুসূচিত জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰিবৰ বাবে অধ্যয়ন কৰিবলৈ অসম চৰকাৰে গঠন কৰি দিয়া মন্ত্রীগোটে অহা ২৫ নৱেম্বৰত বিধানসভাত প্রতিবেদন দাখিল কৰিব বুলি ইতিপূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল৷

এই ঘোষণাক লৈ ইতিমধ্যে উজনিত আটাছুৰ নেতৃত্বত আৰম্ভ হৈছে জনজাতিকৰণৰ দাবীত ব্যাপক প্রতিবাদী কার্যসূচী৷ আটাছুৰ এনে প্রতিবাদী কার্যসূচীৰ বিপৰীতে জনজাতিকৰণৰ বিৰোধিতাৰে সৰৱ হৈ পৰিছে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি৷ স্বাভাৱিকতে দুয়োটা সংগঠনৰ এনে বিপৰীত স্থিতিয়ে ৰাজ্য চৰকাৰকো শ’লঠেকত পেলাইছে৷ এনে অৱস্থাত ২৫ নৱেম্বৰত বিধানসভাত দাখিল হ’ব লগা প্রতিবেদনে জনজাতিকৰণৰ বিষয়টোক লৈ কি আশাব্যঞ্জক বার্তা কঢ়িয়ায় সেয়া যথেষ্ট লক্ষণীয় হ’ব৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২১ অক্টোবৰ

You might also like