নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামপন্থীশাসিত ৰাজ্যত ইতিহাস : প্রথম চৰম দাৰিদ্র্যমুক্ত ৰাজ্য কেৰালা

স্বৰাজোত্তৰ ৭৫ বছৰ পিছত বামপন্থীশাসিত ৰাজ্য কেৰালাই ইতিহাস গঢ়িবলৈ সক্ষম হৈছে৷ চৰম দাৰিদ্র্য সীমাৰ তলত কোনো এজন ব্যক্তি নথকা দেশৰ প্রথমখন ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ দিশে বামপন্থীশাসিত কেৰালা৷ শিক্ষা, স্বাস্থ্যত নজিৰ গঢ়া কেৰালাই দৰিদ্রতাৰ ক্ষেত্রতো ৰাজ্যখনত ইতিহাস গঢ়াৰ দিশে আগবাঢ়িছে৷

নৱেম্বৰ মাহত ৰাজ্যখনৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে কেৰালাক চৰম দাৰিদ্র্যমুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিব৷ উল্লেখ্য যে ৰাজ্যখনক দাৰিদ্রমুক্ত কৰাৰ বাবে চৰকাৰখনে এক্সট্রিম প’ভার্টী ইৰাডিকচন প্রজেক্ট (ইপিইপি) আৰম্ভ কৰিছে৷

এই ইপিইপিৰ জৰিয়তে ৰাজ্যখনক চৰম দাৰিদ্র্য সীমাৰ তলত থকা লোকসকলক চিনাক্ত কৰি সেই লোকক দৰিদ্রতাৰ পৰা নির্মূল কৰাৰ লক্ষ্য গ্রহণ কৰে৷ সেই লক্ষ্য অনুসৰিয়ে ৰাজ্যখনৰ প্রান্তে প্রান্তে চৰম দৰিদ্রতাত থকা লোকক চিনাক্ত কৰে আৰু দৰিদ্রতাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

দাৰিদ্র্য সীমাৰেখাৰ তলত থকা ৬৪ হাজাৰ ৬টা পৰিয়ালক ইপিইপিৰ জৰিয়তে চিনাক্ত কৰি সেই পৰিয়ালৰ ১ লাখ ৩ হাজাৰ ৯৯জন লোকক খাদ্য, চিকিৎসা, শিক্ষা, কর্মসংস্থাপন আৰু নিৰাপদ আশ্রয়ৰ সুবিধা কৰি দিয়ে৷ চৰকাৰখনৰ এই ব্যৱস্থাপনাই ৰাজ্যখনত চৰম দাৰিদ্র্য সীমাৰ তলত থকা লোকসকলক বর্তমান সুস্থিৰ জীৱন যাপনৰ সুবিধা প্রদান কৰিছে৷

পৰিয়ালবোৰৰ জীৱন যাত্রাৰ মান উন্নীত হৈছে৷ উপার্জনবিহীন ৩৫ শতাংশ পৰিয়ালক প্রকল্পৰ জৰিয়তে সংস্থাপন দিয়া হৈছে৷ বাকী জীৱন যাপনৰ বাবে প্রয়োজনীয় ব্যৱস্থাসমূহ প্রকল্পৰ জৰিয়তে উন্নীত কৰি সফলতা লাভ কৰিছে৷

নিয়মীয়া বাৰ্তা ডেস্ক, ২১ অক্টোবৰ

You might also like