দিল্লী বিশ্বৰ আটাইতকৈ অধিক প্ৰদূষিত চহৰ, AQI 401 অতিক্ৰম
যদি তৎক্ষণাত ব্যৱস্থা নোলোৱা হয়, তেন্তে শীতৰ সময়ত প্ৰদূষণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চিকিৎসকসকলৰ মতে, ‘অত্যন্ত বেয়া’ বা ‘ভয়াৱহ’ স্তৰৰ বায়ুত দীঘল সময় ধৰি থাকিলে হৃদযন্ত্ৰ আৰু চকুৰ বাবে অতি ক্ষতিকাৰক— বিশেষকৈ শিশু আৰু বয়স্ক লোকৰ বাবে
দেৱালীৰ পিছতেই দিল্লী পুনৰ এবাৰ ধোঁৱা আৰু ধূলিৰে আচ্ছন্ন হৈ পৰিছে। ছুইজাৰলেণ্ডৰ এয়াৰ কুৱালিটি সংস্থা IQAir-ৰ সৰ্বশেষ প্ৰতিবেদন অনুসৰি, দিল্লী বিশ্বৰ আটাইতকৈ অধিক দূষিত চহৰ হিচাপে চিহ্নিত হৈছে। এই তালিকাত ভাৰতৰ মুম্বাই (৫ম স্থান) আৰু কলকাতা (৮ম স্থান)-ও অন্তৰ্ভুক্ত। তাৰ উপৰি পাকিস্তানৰ লাহোৰ আৰু কৰাচী, কুৱেইট, তাচকন্দ, ডোহা, অষ্ট্ৰেলিয়াৰ কেনবেৰা আৰু ইণ্ডোনেছিয়াৰ জাকাৰ্টায়ো শীৰ্ষ ১০ত স্থান পাইছে।
প্ৰতিবেদন অনুসৰি, দেৱালীৰ পিছতে দিল্লীৰ বায়ু মান দ্রুতভাৱে নিম্নগামী হৈছে। আতচবাজীৰ ধোঁৱা, যানবাহনৰ ধোঁৱা, নিৰ্মাণ কাৰ্যৰ বাবে বিষাক্ত কণাৰ প্ৰৱেশ ঘটে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড (CPCB)-ৰ তথ্য অনুসৰি, আজি পুৱাতে দিল্লীৰ AQI (Air Quality Index) ৩৫০ আছিল, যি ‘অত্যন্ত বেয়া’ (Very Poor) শ্রেণীত পৰে। কিছু অঞ্চল যেনে- বৱনা, জাহাঙ্গীৰপুৰী, ৱজীৰপুৰ, আলীপুৰ আৰু বুৰাড়ী ক্রছিঙত AQI ৪০১ৰ ওপৰত উঠি যায়, যি ‘ভয়াৱহ’ (Severe) স্তৰৰ বায়ু মান।
দেৱালীৰ আগতে ছুপ্ৰিম কোৰ্টে দিল্লী-এনচিআৰত কেৱল “গ্ৰীন ফটকা” (Green Crackers) জ্বলাবলৈ অনুমতি দিয়াৰ লগতে সময়সীমা নিৰ্ধাৰণ কৰিছিল— ১৮ৰ পৰা ২১ অক্টোবৰলৈ সন্ধ্যা ৬-৭ আৰু ৰাতি ৮-১০ বজাত। কিন্তু বহু ঠাইত লোকসকলে নিশাও ফটকা জ্বলাইছিল, ফলত বায়ু অধিক বিষাক্ত হৈ পৰে।
পৰিৱেশ বিশেষজ্ঞসকলে সতর্ক কৰিছে— যদি তৎক্ষণাত ব্যৱস্থা নোলোৱা হয়, তেন্তে শীতৰ সময়ত প্ৰদূষণ আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। চিকিৎসকসকলৰ মতে, ‘অত্যন্ত বেয়া’ বা ‘ভয়াৱহ’ স্তৰৰ বায়ুত দীঘল সময় ধৰি থাকিলে হৃদযন্ত্ৰ আৰু চকুৰ বাবে অতি ক্ষতিকাৰক— বিশেষকৈ শিশু আৰু বয়স্ক লোকৰ বাবে।
দিল্লী চৰকাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ সংস্থাসকলে এতিয়া জৰুৰীকালীন পদক্ষেপ লৈ চিন্তাভাবনা আৰম্ভ কৰিছে— স্কুল বন্ধ কৰা, নিৰ্মাণ কাৰ্য স্থগিত ৰখা আৰু যানবাহনৰ ব্যৱহাৰ সীমিত কৰা আদি।
নিয়মীয়া বাৰ্তা ডেস্ক, ২১ অক্টোবৰ