জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজত গৌৰৱ গগৈৰ মন্তব্যক কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি যি অনুভূতি সৃষ্টিৰ হোৱাৰ পিছত বিভিন্ন মঞ্চত নানা প্ৰতিক্ৰিয়া অহা দেখা গৈছে। এই ক্ষেত্ৰত অলপতে গৌৰৱ গগৈয়ে কৰা কিছু প্ৰৰোচনামূলক মন্তব্যৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই তীব্ৰ সমালোচনা কৰে।
পৱিত্ৰ মাৰ্ঘেৰিটাই কয়— “গৌৰৱ গগৈৰ দৰে প্ৰৰোচনামূলক কথা এতিয়া পাতিব নাপায়। সমাজত বিভেদ সৃষ্টিৰ দৰে মন্তব্য অগ্ৰহণযোগ্য। জুবিন গাৰ্গ সকলো অসমীয়াৰ প্ৰাণৰ শিল্পী— তেওঁৰ প্ৰতি স্নেহ আৰু মৰমত কোনো AGP, BJP বা CONGৰ ভাগ নাই। জুবিন অসমীয়াৰ আপোন শিল্পী ইয়াৰ ভেজা লৈ ৰাজনীতি কৰা বা পৰিৱেশ বিনষ্টকাৰী কথা কব নাপায়। ই সময় এখন যুক্তিসংগত আৰু একতামূলক অসম গঠনৰ।”
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, জুবিন গাৰ্গৰ ন্যায়ৰ যুঁজটো কোনো ৰাজনৈতিক বিষয় নহয়, ই অসমীয়াৰ আত্মাৰ সংগ্ৰাম। তেওঁ সকলো পক্ষক আহ্বান জনাই কয়— “এই সময়ত সকলোৱে এচাই কাম কৰা, উচিত জুবিনৰ প্ৰতি ন্যায়ৰ দাবীত একতাবদ্ধ থকা, বিবাদ নহয়।”
নিময়ীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ