নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰপতিৰ প্ৰাণৰক্ষা, কেৰালাত হেলিপেডত ভয়ংকৰ নিৰাপত্তা ত্ৰুটি

যাত্ৰাৰ পূৰ্বেই ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰখনৰ চকা হেলিপেডত আবদ্ধ হৈ পৰে। হেলিপেডৰ মাটিৰ অংশ ভাঙি পৰাত হেলিকপ্টাৰখনৰ এফাল হেলনীয়া হৈ পৰে।

কেৰালাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাৰ এটা গভীৰ ত্ৰুটি পোহৰলৈ আহিছে। আজি ৰাষ্ট্ৰপতিগৰাকীয়ে আকাশমাৰ্গেৰে যাত্ৰা কৰাৰ পূৰ্বে এক বিপজ্জনক পৰিস্থিতিৰ সন্মুখীন হয় আৰু কথমপি প্ৰাণৰক্ষা হয় ৰাষ্ট্ৰপতিগৰাকীৰ।

সূত্ৰ অনুসৰি, ৰাষ্ট্ৰপতিগৰাকী সবৰীমালালৈ তীৰ্থযাত্ৰালৈ যাবলৈ সাজু হৈছিল। আজি পুৱা তেওঁ যাত্ৰা কৰিবলৈ থকা হেলিপেডত ভয়ংকৰ ঘটনা সংঘটিত হয়। যাত্ৰাৰ পূৰ্বেই ৰাষ্ট্ৰপতিগৰাকীৰ হেলিকপ্টাৰখনৰ চকা হেলিপেডত আবদ্ধ হৈ পৰে। হেলিপেডৰ মাটিৰ অংশ ভাঙি পৰাত হেলিকপ্টাৰখনৰ এফাল হেলনীয়া হৈ পৰে।

প্ৰশাসনিক সূত্ৰৰ মতে, হেলিপেডখনত চিমেণ্ট আৰু কংক্ৰিটৰ মিশ্ৰণ সদ্যনিৰ্মাণ কৰা হৈছিল আৰু সঠিকভাৱে শুকোৱা হোৱা নাছিল। ফলত হেলিকপ্টাৰখনৰ ওজন সেই স্থানে সহ্য কৰিব পৰা নাছিল। এই ঘটনাৰ পিছত তৎক্ষণাৎ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ হেলিকপ্টাৰখন উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰে। বহু প্ৰচেষ্টাৰ পাছত হেলিকপ্টাৰখন সুৰক্ষিতভাৱে উঠোৱা সম্ভৱ হয়।

সূত্ৰ মতে, পুৱা ৪ বজালৈকে ৰাষ্ট্ৰপতি কেনেদৰে সবৰীমালালৈ যাব— গাড়ীৰে নে বিমানেৰে— সেই সিদ্ধান্ত স্পষ্ট হোৱা নাছিল। প্ৰথমে থিৰুৱনন্তপুৰমৰ পৰা পাম্পালৈ গাড়ীৰে যাব বুলি চিন্তা কৰা হৈছিল, কিন্তু পিছত সিদ্ধান্ত লোৱা হয় বিমানেৰে যাব বুলি। তাৰ পাছতেই খৰখেদাকৈ নিৰ্মাণ কৰা হয় নতুন হেলিপেডখন আৰু সেইখিনিতেই বুধবাৰে পুৱা এই বিপজ্জনক ঘটনাটো সংঘটিত হয়।

ভাগ্যক্ৰমে কোনো ব্যক্তিগত ক্ষতি হোৱা নাই, কিন্তু এই ঘটনাই ৰাষ্ট্ৰপতিগৰাকীৰ নিৰাপত্তা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন তুলি ধৰিছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২২ অক্টোবৰ

You might also like