নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়া জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে

মই ভাৱো জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত কোনো ৰাজনীতি হোৱা নাছিল।জুবিনৰ মৃত্যুৰ পাছতো ৰাজনীতি নহয়।জুবিনক বিজেপি,এজিপি, কংগ্ৰেছ সকলোৱে ভাল পাইছিল...

“জুবিন গাৰ্গৰ মৃত্যু দুৰ্ভাগ্যজনক আৰু অসমৰ জাতীয় জীৱনৰ আটাইতকৈ কৰুণ আৰু বেদনাদায়ক ঘটনা।ইয়াক এচাম লোকে ৰাজনৈতিক হাথিয়াৰলৈ ৰূপান্তৰৰ চেষ্টা কৰিছে।এইচাম লোকে জীৱন কালত জুবিনৰ এটা গানো শুনা নাছিল। জুবিন গাৰ্গৰ বিষয়ে তেওঁ লোকৰ জ্ঞানো অত্যন্ত সীমিত।জুবিনৰ মৃত্যুৰ পাছত তেওঁ লোকে জুবিনৰ গোটেই আদৰ্শটো অন্য প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰি ৰাজনীতি কৰিব বিচাৰিছে।মই ভাৱো জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত কোনো ৰাজনীতি হোৱা নাছিল।জুবিনৰ মৃত্যুৰ পাছতো ৰাজনীতি নহয়।জুবিনক বিজেপি,এজিপি, কংগ্ৰেছ সকলোৱে ভাল পাইছিল।”আজি নগাঁও চহৰত এলানি চৰকাৰী কাৰ্যসূচী লৈ অহা মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰে।

এতিয়া অসমত কেতবোৰ নকল জুবিন অনুৰাগী ওলোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড°শৰ্মাই লগতে আৰু কয়,”এতিয়া জুবিনৰ নকল অনুৰাগী বহুত ওলাইছে।যি সকলে জীৱন কালত জুবিনক অত্যন্ত কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।

তেওঁ লোকে জুবিনৰ অনুৰাগীৰ ভাও ধৰি অসম খনক অশান্তি কৰাৰ পৰিৱেশ এটা ৰচনা কৰিছে।সেই কাৰণে বিজেপিয়ে জুবিনৰ গান ভাল পোৱা,জুবিনক ভাল পোৱা অনুৰাগী সকলক লৈ অভিযান আৰম্ভ কৰিছে। এইখন জ্যোতিপ্ৰসাদ,বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ অসম।আমি কেতিয়াও অশান্ত হ’ব নিদিওঁ।

এই শ্লোগানেৰে আজিৰে পৰা বিজেপি ৰাজপথত নামিছে।আমাৰ উদ্দেশ্য হৈছে নকল অনুৰাগী সকলৰ বিৰুদ্ধে প্ৰকৃত অনুৰাগী সকলক সংগঠিত কৰা আৰু জুবিনৰ অসমক প্ৰাণৱন্ত ও জীৱন্ত কৰা।জুবিনৰ অসম খন আন্দোলনত তমসাময় হৈ নপৰে, ৰাজনীতিৰ বধ্যভূমি হৈ নপৰে তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম।”

তেওঁ কয়, “অসমৰ ৰাইজৰ আশীৰ্বাদ মোৰ ওপৰত আছে। মোক কোনেও ক্ষতি কৰিব নোৱাৰে।”

এইবাৰ অসম বিধানসভাৰ অধিৱেশনত বহু কেইখন অতি গুৰুত্বপূৰ্ণ বিল আহিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এইবাৰ বিধানসভাত লাভ জেহাদৰ বিৰুদ্ধে, বহু বিবাহৰ বিৰুদ্ধে,কট্টৰ সংৰক্ষণ,চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ দিয়াকে ধৰি বহু ঐতিহাসিক বিল দাখিল কৰা হ’ব।সেইসমূহ আমি সদনত আলোচনাৰ জৰিয়তে চাম। এইসমূহ লাহে লাহে কেবিনেটত এপ্ৰোভ হৈ গৈ থাকিব।”

বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে দল ত্যাগ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ৰাজেন গোহাঁইৰ ৰাজনৈতিক উত্তৰোত্তৰ কামনা কৰিছো। তেওঁৰ সু স্বাস্থ্য কামনা কৰিলোঁ।”

আনহাতে,অহা ডিচেম্বৰ মাহৰ শেষ সপ্তাহ নাইবা ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব বুলি সদৰি কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, “ডিচেম্বৰৰ শেষ সপ্তাহ নাইবা জানুৱাৰীৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহিব আৰু তেওঁ বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পটো উদ্ধোধন কৰিব।”

মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীণত আজি নগাঁও-বটদ্ৰৱা সমষ্টিৰ আত্মসহায়ক গোটৰ ২৭ হেজাৰ মহিলাক টকাৰ বীজ মূলধন দহ হেজাৰকৈ টকাৰ চেক প্ৰদানৰ সন্দৰ্ভত তেওঁ কয়, “এই আঁচনি খনে অসমৰ মহিলা সকলৰ মাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন আন্দোলন আৰম্ভ কৰিব।”

বিশেষ বাৰ্তা, নগাঁও, ২২ অক্টোবৰ

You might also like