নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ গুৱাহাটী মেডিকেল কলেজ , ডিব্ৰুগড়ৰ অসম মেডিকেল হাস্পতালক ক’ৰোনা আক্ৰান্তৰ বাবে সংৰক্ষিত কৰি ৰখাৰ পাচতেই শিলচৰ মেডিকেল কলেজকো সংৰক্ষিত কৰাৰ কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সাধাৰণ ৰোগীৰ বাবে এতিয়াৰে পৰা বন্ধ থাকিব শিলচৰ মেডিকেল কলেজ হাস্পতাল । কেৱল প্ৰসূতি আৰু জৰুৰীকালীন সেৱাহে সাধাৰণ ৰোগীৰ বাবে খোলা থাকিব বুলি দেওবাৰে ঘোষণা কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ইফালে, এতিয়াৰে সাধাৰণ ৰোগীক চিকিৎসা আগবঢ়াবলৈ চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰে শিলচৰৰ ২২ খনকৈ ব্যক্তিগত চিকিৎসালয়ে । আয়ুস্মান ভাৰতৰ নিৰিখ অনুসৰিয়েই প্ৰতিজন সাধাৰণ ৰোগীক চিকিৎসা আগবঢ়াবলৈ প্ৰস্তুত শিলচৰৰ এইসমূহ ব্যক্তিগত চিকিৎসালয় ।
GoA has signed an MoU with 22 pvt hospitals of Silchar for cashless treatment of regular patients at #AyushmanBharat rates, to be reimbursed by Govt.
Silchar Medical College shall be reserved only for #COVID patients, other than maternity & emergency cases. pic.twitter.com/PpTnLVAjLG
— Himanta Biswa Sarma (@himantabiswa) March 29, 2020