নেটৱৰ্থ ১২,৪৯০ কোটি টকা : ৰাজকীয় জীৱনৰ আঁৰত কি শ্বাহৰুখৰ?
ফাইনেন্সিয়েল এক্সপ্ৰেছ অনুসৰি, মন্নতৰ মূল্য ২০০ কোটি। মন্নতত শ্বাহৰুখ খানৰ ৰাজকীয় বিলাসী জীৱনধাৰা প্ৰদৰ্শিত হয়।
শ্বাহৰুখ খানে এক অসাধাৰণ আৰু বিলাসী জীৱন যাপন কৰে। শেহতীয়া এটা প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খান (কিং খান)ৰ নেটৱৰ্থ ১২,৪৯০ কোটি টকা। এনেকুৱা নেটৱৰ্থৰ সৈতে তেওঁ বলীউডৰ আটাইতকৈ ধনী অভিনেতা হৈ পৰিছে। শ্বাহৰুখৰ হাতত কেইবাটাও অমূল্য সম্পত্তি আছে, যি তেওঁক ইমান কোটি টকাৰ মালিক কৰিছে।
প্ৰডাকচন হাউচ (Red Chillies Entertainment)
শ্বাহৰুখ খানৰ সৰ্বাধিক আয় তেওঁৰ প্ৰডাকচন হাউছ Red Chillies Entertainmentৰ পৰা হয়। প্ৰতিবেদন অনুসৰি, Red Chillies Entertainmentৰ মূল্য ৫০০ কোটি। এই প্ৰডাকচন হাউছ ২০০২ চনত আৰম্ভ হৈছিল। “Main Hoon Na”, “Om Shanti Om” আৰু “Chennai Express” আদি ছবিসমূহ এই হাউছৰ বেনাৰতে নিৰ্মাণ কৰা হৈছিল।
মন্নত
যিকোনো মানুহে মুম্বাইলৈ যোৱাৰ সময়ত স্বপ্ন হিচাপে শ্বাহৰুখ খানৰ ঘৰ “মন্নত” পৰিদৰ্শন কৰিবলৈ যাবলৈ ইচ্ছা কৰে। এইটো ছয় তলা, সমুদ্র অভিমুখী মহল। ফাইনেন্সিয়েল এক্সপ্ৰেছ অনুসৰি, মন্নতৰ মূল্য ২০০ কোটি। মন্নতত শ্বাহৰুখ খানৰ ৰাজকীয় বিলাসী জীৱনধাৰা প্ৰদৰ্শিত হয়।
আইপিএল দল
প্ৰডাকচন হাউছৰ পিছত শ্বাহৰুখ খানৰ সৰ্বাধিক আয়ত থকা সম্পত্তি হৈছে তেওঁৰ আইপিএল দল “Kolkata Knight Riders”। এই দলে ইতিমধ্যে তিনিবাৰ ট্ৰফী জিকিছে। কলকাতা নাইট ৰাইডাৰ্ছৰ মালিকত্বত শ্বাহৰুখ একমাত্ৰ মালিক নহয়; অভিনেত্ৰী জুহি চাওলাৰো দলটোত অংশ আছে।
প্ৰাইভেট জেট
শ্বাহৰুখ খানৰ নিজৰ প্ৰাইভেট জেটো আছে। তেওঁৰ প্ৰাইভেট জেটৰ মূল্য প্ৰায় ২৬০ কোটি। এইটো তেওঁৰ আটাইতকৈ বিলাসী সম্পত্তিসমূহৰ ভিতৰত এটা।
আলিবাগৰ বাংলা
শ্বাহৰুখ খানৰ ঘৰৰ কথা যেতিয়া আহে, তেওঁলোকৰ আলিবাগৰ ঘৰ কিদৰে পাহৰিব পাৰি? এই ঘৰটোত সমুদ্র দৰ্শন, বিলাসী ইণ্টেৰিয়ৰ আৰু কাঠৰ ডেক আছে, যি আলিবাগৰ ঘৰক আৰু মনোমোহা কৰি তোলে। শ্বাহৰুখ প্ৰায়ে নিজৰ অৱসৰৰ বাবে আলিবাগৰ ঘৰলৈ যায়।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ