নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই বন্ধু, গুৰুতৰভাৱে আহত দুজন

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আৰেয়াৰঝাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱানিশা সংঘটিত হয় এক হৃদয়বিদাৰক পথ দুৰ্ঘটনা। দুখনকৈ বাইক আৰু এখন মালবাহী ট্ৰাকৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষত ঘটনাস্থলীতে নিহত হয় দুজনকৈ বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত হয় আন দুজন। নিহত বাইক আৰোহীদ্বয় হ’ল চাপৰ পৌৰসভাৰ ৫নং ৱাৰ্ডৰ বাসিন্দা বলোৰাম মাল্লাৰ পুত্ৰ বাপন মাল্লা (৩১) আৰু বিলাসীপাৰাৰ ৰাণীগঞ্জ মলানডুবি নিৱাসী প্ৰয়াত জিতু চৌধুৰীৰ পুত্ৰ মন্তোষ চৌধুৰী (৩৭)।

জানিব পৰা মতে, মন্তোষ চৌধুৰীয়ে চাপৰত বিবাহ কৰি চাপৰতে স্থায়ীভাৱে বসবাস কৰি থকাৰ  লগতে স্থানীয় এখন কাপোৰৰ দোকানত কৰ্মৰত আছিল। কালি তেওঁ বন্ধু বাপন মাল্লাৰ সৈতে ৰাণীগঞ্জৰ মলানডুবিত থকা মাতৃক দেখা কৰিবলৈ গৈছিল। মাতৃক সাক্ষাৎ কৰি উভতি আহোঁতে আৰেয়াৰঝাৰৰ পখিপাৰাৰ সমীপত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা আন এখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত দুয়ো বাইক আৰোহী ছিটিকি ট্ৰাক এখনৰ চকাত সোমাই যায় আৰু থিতাতে দুই বন্ধু নিহত হয়।

আনহাতে, বিপৰীত দিশৰ পৰা অহা বাইকৰ আৰোহীদ্বয় ক্ৰমে গৌৰীপুৰৰ মস্তাফিজুৰ ৰহমান আৰু বঙাইগাঁও জিলাৰ আইমনা খাতুন গুৰুতৰভাৱে আহত হয়। আহত দুজনক স্থানীয় ৰাইজে ততালিকে চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱায়। দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ AS-17R-8192 আৰু AS-18N-5602 আনহাতে, ট্ৰাকখনৰ নম্বৰ AS-17B-7360। ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ আহে আৰু আজি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। উক্ত হৃদয়বিদাৰক দুৰ্ঘটনাত সমগ্ৰ চাপৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে। ধুবুৰীত দুয়োৰে মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত আজি চাপৰ আঞ্চলিক শ্মশানঘাটত বৈদিক নিয়ম মতে শেষকৃত্য সম্পন্ন কৰে।

নিয়মীয়া বাৰ্তা, চাপৰ, ২৩ অক্টোবৰ :

You might also like