জুবিন গাৰ্গৰ বিয়োগ আৰু আখ্যান যুদ্ধ : অপতথ্যৰ প্ৰদৰ্শনীলৈ পৰ্যবসিত এটা ট্ৰেজেডী
এইটো কথা কোৱা দিন নহয়। এয়া প্ৰতিশ্ৰুতি দিয়াৰ ক্ষণ যে অসমে জুবিনক খঙৰ জৰিয়তে নহয়, তেওঁ আমাক এৰি থৈ যোৱা সংগীত আৰু মৰমৰ জৰিয়তে স্মৰণ কৰিব
জুবিন গাৰ্গৰ বিয়োগ আৰু আখ্যান যুদ্ধ : অপতথ্যৰ প্ৰদৰ্শণীলৈ পৰ্যবসিত এটা ট্ৰেজেডী
ড০ জয়ন্ত বিশ্ব শৰ্মা
ছিংগাপুৰৰ পৰা যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ আহিছিল, ৰাজ্যজুৰি অবিশ্বাসৰ ঢৌ উঠিছিল। জুবিন গাৰ্গৰ মৃত্যু অগনন লোকৰ বাবে ব্যক্তিগত ক্ষতিতকৈও অধিক আছিল—এয়া আছিল এক সাংস্কৃতিক জোকাৰণি। অসমৰ বাবে জুবিন কেৱল এজন গায়ক নাছিল বৰং গতানুগতিকতাৰ মাজতেই তেওঁ আছিল বিদ্ৰোহৰ এক বিমূৰ্ত ৰূপ। তেওঁৰ অকাল মৃত্যুৱে এক সামূহিক আৱেগ, এক শূন্যতাৰ সৃষ্টি কৰিলে। সেই শূন্যতাত ন্যস্তস্বাৰ্থয়ো সন্তৰ্পণে কিন্তু তড়িৎ গতিত নিজৰ স্থান দখল কৰিলে। এটা শোকাৰ্ত পৰিবেশত জনসাধাৰণৰ মাজত অভূতপূৰ্ব আৱেগ আৰু লগতে জল্পনা-কল্পনাৰ এক তীব্ৰ ঢৌৰ সৃষ্টি হৈছিল। ঘণ্টাৰ ভিতৰতে ছ’চিয়েল মিডিয়াত অসত্য দাবী, ষড়যন্ত্ৰমূলক তত্ত্ব, তাৎক্ষণিক অপৰাধমূলক শাস্তিৰ দাবী আদিৰ জোৱাৰ উঠিল। এই এক পৰিবেশত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰম্ভিক সঁহাৰি আছিল সম্যক কিন্তু জনসাধাৰণৰ আবেগৰ পৰিপ্ৰেক্ষিতত পৰবৰ্তী সময়ত পৰিবৰ্তন হৈছিল। আইন-পদ্ধতিভিত্তিক স্থিতি ৰাজহুৱা আৱেগ আৰু আখ্যান-যুদ্ধৰ প্ৰতিদ্বন্দ্বিতা মোকাবিলা কৰিবলৈ ক্ৰমে বিৱৰ্তনশীল স্থিতিলৈ পৰিৱৰ্তন হৈছিল অনুমান কৰিব পাৰি।

‘ছিংগাপুৰৰ পৰা আনুষ্ঠানিক তথ্যৰ বাবে অপেক্ষা কৰোঁ আহক। আমি তাত থকা কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছো। জুবিনক তেওঁৰ প্ৰাপ্য সন্মানেৰে ঘৰলৈ ঘূৰাই অনাৰ বাবে অসমে চৰকাৰে সকলোখিনি কৰিব।” — মুখ্যমন্ত্ৰীৰ প্ৰথম বক্তব্য
খবৰটো বিয়পি পৰাৰ মূহুৰ্তৰ পৰাই আৱেগে ৰাজহুৱা আলোচনা প্ৰভাবিত কৰিবলৈ ধৰিলে। তথ্য পিছত, প্ৰথমে প্ৰশ্নহে উত্থাপন হৈছিল। তথ্যৰ ঠাই দাবীয়ে ল’লে। অদ্ভুতৰ পৰা ষড়যন্ত্ৰমূলক তত্ত্বই মতামত গঢ় দিবলৈ আৰম্ভ কৰিলে। এই অস্বাভাবিক নাছিল। বৰং সাম্প্ৰতিক সময়ত দূৰ্ভাগ্যক্ৰমে এনে পৰিস্থিতিত ই এটা চিনাকি আৰ্হি অনুসৰণ কৰিছিল— আখ্যান-যুদ্ধ অপহৰণ কৰা। তেতিয়া নিৰ্ধাৰিত ভ্ৰমণত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা বিবৃতি প্ৰকাশ কৰাসকলৰ ভিতৰত প্ৰথম আছিল। তেওঁৰ কথাৰ সুৰ আছিল শোকাভিভূত আৰু মৰ্যাদাপূৰ্ণ। শোক বিশৃংখলতালৈ পৰিণত হোৱাৰ ভাবুকিৰ সন্মুখত তেওঁ শান্তিৰ আহ্বান দিছিল।
ঘণ্টাৰ ভিতৰতে তেওঁৰ কাৰ্যালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্ত আৰু অসম আৰক্ষীৰ যোগাযোগ ইউনিটৰ মাজত সমন্বয় সক্ৰিয় কৰি তুলিলে। অসম আৰক্ষী বিষয়াৰ দুজনীয়া দল এটাক নথিপত্ৰ আৰু প্ৰত্যাৱৰ্তনৰ প্ৰক্ৰিয়াত সহায় কৰিবলৈ বিমানেৰে ছিংগাপুৰলৈ পঠিওৱা হৈছিল। মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে তেওঁলোকক কৈছিল আমি “মৰ্যাদা আৰু শিষ্টাচাৰ প্ৰতিটো খোজতে আমি প্ৰদৰ্শন কৰিব লাগিব।”

দিল্লী বিমানবন্দৰত জুবিনৰ কফিনৰ আগত প্ৰণাম কৰা মুখ্যমন্ত্ৰী
তেওঁৰ নিৰ্দেশত অসম চৰকাৰে প্ৰত্যাৱৰ্তনৰ যাৱতীয় খৰচ, মৃতদেহ, নথিপত্ৰ, বিমান পৰিবহণকে ধৰি সকলো বহন কৰিছিল। গুৱাহাটী বিমানবন্দৰৰ যোগাযোগ বিষয়াসকলে পৰিয়ালটোৰ সৈতে সমন্বয় ৰক্ষা কৰি আগমন চাঞ্চল্যকৰ হোৱাৰ পৰিবৰ্তে গাম্ভীৰ্যপূৰ্ণ হৈ থকাটো নিশ্চিত কৰিছিল। ছিংগাপুৰৰ পৰা অহা বিমানখন দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত কফিন গ্ৰহণ কৰিবলৈ বিমান অৱতৰণ থলীত মুখ্যমন্ত্ৰী উপস্থিত আছিল।
ৰাজহুৱা শ্ৰদ্ধাঞ্জলি – এক সূক্ষ্ম ভাৰসাম্য
গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী পুনৰ কফিনটো গ্ৰহণ কৰিবলৈ যায়। গামোচাৰে আবৃত শিষ্টাচাৰৰ সৈতে এস্কৰ্ট কৰি মৃতদেহটোক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে নিৰ্দিষ্ট স্থানলৈ অনা হয়। তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীয়ে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজনৈতিক শ্লোগান বা দলীয় প্ৰদৰ্শনৰ পৰা মুক্ত কৰি ৰাখিবলৈ আহ্বান জনাই সজোৰে কৈছিল—
“জুবিন কোনো দলৰ নহয়, অসমৰ জনতাৰ।“
অনুশাসন আৰু সন্মানৰ এক পৰিবেশত জনসাধাৰণক শ্ৰদ্ধাঞ্জলি জনাবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল। মৃতদেহটো গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হৈছিল, যত পূৰ্ণ ৰাজ্যিক সন্মানেৰে শোক সমাৱেশৰ আয়োজন কৰা হৈছিল।

গুৱাহাটী বিমানবন্দৰত
অতিমাত্ৰা ভিৰ ৰোধ কৰিবলৈ নিৰাপত্তা শক্তিশালী কৰা হৈছিল, তথাপিও ব্যৱস্থা যথেষ্ট মুকলি কৰি ৰখা হৈছিল যাতে অনুৰাগীয়ে কফিনৰ কাষেৰে পাৰ হৈ পুস্পাঞ্জলি দিব পাৰে। জুবিনৰ পৰিয়ালৰ কাষত নিৰৱে থিয় হৈ মুখ্যমন্ত্ৰীয়ে পিছত ৰাইজৰ সৈতে যোগ দি ফুলৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিল— ভাষণ বা ৰাজনৈতিক মন্তব্য এৰাই চলিছিল।
আখ্যানমূলক ধুমুহা – আৱেগ আৰু ক্ষোভ নিয়ন্ত্ৰণ
শেষকৃত্য সম্পন্ন নৌহওঁতেই ছ’চিয়েল মিডিয়াত জল্পনা-কল্পনা আৰু পৰিণতিত ক্ষোভৰ সৃষ্টি হৈছিল। চিবিআইৰ তদন্তৰ দাবী কৰা ‘হেচটেগ’সমূহে প্লেটফৰ্মসমূহত ‘ট্ৰেণ্ড’ কৰিছিল, আৰু কিছুমান চেনেলে ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পোৱাৰ পূৰ্বেই জল্পনা-কল্পনা আৰু বিতৰ্কৰে অপতথ্য প্ৰচাৰ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সংযম বজাই ৰাখিছিল। মুখ্যমন্ত্ৰীয়ে পুনৰ ৰাজহুৱাভাৱে আবেদন জনাইছিল—
“ন্যায়ৰ ভিত্তি হ’ব তথ্য, ফৰৱাৰ্ড কৰা বাৰ্তা নহয়। আৱেগে সত্যক ঢাকিবলৈ নিদিওঁ।” সমান্তৰালভাৱে তেওঁ অসম চি আই ডিক ভুৱা তথ্য প্ৰচাৰৰ ওপৰত নজৰ ৰাখিবলৈ আৰু সম্পাদিত বা ভুৱা প্ৰতিবেদন প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত একাধিক গ্ৰেপ্তাৰ হৈছিল। প্ৰমাণ কৰিছিল যে সহানুভূতি আৰু অপতথ্যৰ বিৰুদ্ধে আইনী বলৱৎকৰণৰ সহাৱস্থান হ’ব পাৰে।
মৃতদেহ দাহনৰ দিনা শেষকৃত্যস্থলীত মুখ্যমন্ত্ৰী উপস্থিত হৈছিল। আনুষ্ঠানিক সন্মান সম্পূৰ্ণ হোৱাৰ পিছত পৰিয়ালটোৰ কাষত থিয় হৈ তেওঁলোকৰ সৈতে জুইকুৰা জ্বলাই দিছিল। কোনো ৰাজনৈতিক শ্লোগানৰ অনুমতি দিয়া নহ’ল। মৌনতা, প্ৰাৰ্থনা, আৰু “অ মোৰ অপোনাৰ দেশ” আকাশ-বতাহ ভৰি পৰিছিল। সংবাদ মাধ্যমৰ আগত দিয়া চমু বক্তব্যত তেওঁ কৈছিল—
এইটো কথা কোৱা দিন নহয়। এয়া প্ৰতিশ্ৰুতি দিয়াৰ ক্ষণ যে অসমে জুবিনক খঙৰ জৰিয়তে নহয়, তেওঁ আমাক এৰি থৈ যোৱা সংগীত আৰু মৰমৰ জৰিয়তে স্মৰণ কৰিব।

শেষ শ্ৰদ্ধাঞ্জলি

শেষকৃত্যস্থলীত
আৱেগ আৰু অনুশাসন
পিছৰ সপ্তাহটোত মুখ্যমন্ত্ৰীয়ে সহানুভূতি আৰু কৰ্তৃত্বৰ মাজত সংগ্ৰাম কৰিছিল। তেওঁ আৱেগিক বৈধতাক প্ৰতিষ্ঠানিক সততাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিছিল, নিশ্চিত কৰিছিল—
১) ছিংগাপুৰ আৰক্ষী আৰু ফৰেনছিক কৰ্তৃপক্ষৰ সৈতে সমন্বয়।
২) আইনী প্ৰট’কল উলংঘা নকৰাকৈ চৰকাৰী আপডেটসমূহৰ স্বচ্ছতা।
৩) জুবিনৰ পৰিয়াল আৰু অনুৰাগীৰ সৈতে সন্মানজনক যোগাযোগ।
৪) শোকৰ প্ৰকাশ বাধা নিদিয়াকৈ ডিজিটেল ভুল তথ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ।
এই সংকটৰ সময়ত তেওঁৰ আচৰণে সংযম, মৰ্যাদা আৰু দৃষ্টান্তমূলক অনুশাসন প্ৰতিফলিত কৰিছিল— এনেবোৰ গুণ আজিৰ আৱেগিকভাৱে অস্থিৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিৰল। মুখ্যমন্ত্ৰীৰ কাৰ্য্যত নশ্বৰ দেহ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰাৰ পৰা আৰম্ভ কৰি শ্মশানৰ শেষকৃত্য সম্পন্ন কৰালৈকে শান্তি আৰু মমতা ফুটি উঠিছিল। যি সময়ত শোকতকৈ ক্ষোভ সহজ আছিল, সেই সময়ত তেওঁ প্ৰদৰ্শনৰ সলনি মমতা আৰু অনুশাসনৰ সমন্বয় বাছি লৈছিল। “আৱেগ প্ৰমাণ হ’ব নালাগে” বুলি তেওঁৰ স্থিতিয়ে নেতৃত্বৰ এক বিৰল সংজ্ঞা দাঙি ধৰিছিল। অসমে জুবিন গাৰ্গক সম্পূৰ্ণ সন্মানেৰে বিদায় দিছিল। এনে এক সামূহিক হৃদয় বিদাৰক মুহূৰ্তত নেতৃত্বৰ উচ্চস্বৰ নহয়, ভাৰসাম্যমূলক কল্যাণকামী স্থিতিহে দৃষ্টান্তমূলক হৈ ৰ’ব।

জুবিনৰ পৰিয়ালৰ বাসগৃহত মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰীৰ প্ৰথম সঁহাৰিত দায়িত্বশীল সংযম আৰু যথাযথ প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আছিল। স্পষ্ট কৰি দিছিল যে, যিহেতু মৃত্যু বিদেশী মাটিত সংঘটিত হৈছে, সেয়েহে প্ৰাথমিক আইনী অধিকাৰ ছিংগাপুৰৰ ওপৰত নিৰ্ভৰশীল। তেওঁ উল্লেখ কৰিছিল যে অসমত অধিক তদন্তৰ যিকোনো সিদ্ধান্ত ছিংগাপুৰ আৰক্ষী আৰু ফৰেনছিক কৰ্তৃপক্ষৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিব। এই স্থিতিত আন্তঃৰাষ্ট্ৰীয় আইনী নীতি-নিয়মৰ প্ৰতি সজাগতা প্ৰতিফলিত হৈছিল আৰু ই ভিত্তিহীন জল্পনা-কল্পনাক অপ্ৰাসংগিক কৰিছিল। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে শান্তিৰ বাবে আবেদন জনাই কৈছিল—
১) প্ৰাথমিক তদন্তৰ অধিকাৰ ছিংগাপুৰৰ কৰ্তৃপক্ষৰ ওপৰত যিহেতু মৃত্যু বিদেশত সংঘটিত হৈছিল।
২) অসম চৰকাৰে পৰৱৰ্তী পদক্ষেপৰ আগতে ছিংগাপুৰৰ পৰা আনুষ্ঠানিক তথ্যৰ বাবে অপেক্ষা কৰিব।
৩) ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক তথ্যত ‘ফাউল প্লে’ৰ কথা বা উত্তৰহীন প্ৰশ্ন উত্থাপন হ’লেহে অসমত তদন্তৰ সিদ্ধান্ত লোৱা হ’ব।
৪) তেওঁ যথাযথ আইনী প্ৰক্ৰিয়াৰ ওপৰত আস্থাত গুৰুত্ব আৰোপ কৰিছিল আৰু বিশেষকৈ ছ’চিয়েল মিডিয়াৰ জল্পনা-কল্পনাক নিৰুৎসাহিত কৰিছিল। তেওঁৰ সুৰ আছিল—
১) সতৰ্ক, পদ্ধতিগত, আইনভিত্তিক।
২) ‘চেনচেচনেলিজম’ পৰিহাৰ কৰা।
৩) ভিত্তিহীন অভিযোগ বা বিশৃংখলতা ৰোধ কৰাৰ চেষ্টা।
৪) আন্তঃৰাষ্ট্ৰীয় অধিকাৰক্ষেত্ৰ আৰু প্ৰট’কল মানি চলা।
ইয়াৰ বিপৰীতে ছ’চিয়েল মিডিয়াৰ ধুমুহাই দ্ৰুতগতিত সন্দেহ আৰু অবিশ্বাস বিয়পাইছিল। সন্দেহৰ ডিজিটেল ধুমুহা, ৰাজপথত আৱেগিক হেঁচা, টেলিভিছনত প্ৰচাৰিত ক্ষোভ আৰু চৰকাৰী প্ৰক্ৰিয়াটোক অবৈধ কৰাৰ সমন্বিত প্ৰচেষ্টাই ‘নেৰেটিভ হাইজেক’ কৰিছিল। চৰকাৰী বক্তব্যসমূহ “ছিগাপুৰৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰোঁ আহক”ৰ পৰা “আমি যিকোনো তদন্তৰ বাবে মুকলি”লৈ পৰিবৰ্তন হৈছিল। এয়া আছিল দৃষ্টিভংগীৰ আপাত পৰিৱৰ্তনৰ সংকেত, গণউন্মাদনা প্ৰশমিত কৰাৰ প্ৰচেষ্টা।
নেৰেটিভ হাইজেক হৈছিল
ৰাজপথত প্ৰতিবাদৰ সৃষ্টি হ’ল আৰু টেলিভিছনৰ বিতৰ্ক অবিৰত চলিছিল। সংবাদ মাধ্যমৰ কিছু অংশই উত্তেজনা লাঘৱ কৰাৰ পৰিৱৰ্তে জল্পনা-কল্পনাত সাৰ-পানী দিছিল আৰু চাঞ্চল্যকৰ অনুমানক ভিত্তি কৰি উন্মাদনা তীব্ৰতৰ কৰি তুলিছিল। তীব্ৰতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ চৰকাৰ ক্ৰমান্বয়ে প্ৰাৰম্ভিক অৱস্থানৰ পৰা আঁতৰি আহিব লগা হৈছিল। আশ্বাস দিছিল যে চৰকাৰ “যিকোনো ধৰণৰ তদন্তৰ বাবে সাজু” আৰু অসমৰ ভিতৰতো অতিৰিক্ত তদন্ত নুই নকৰে। জুবিন গাৰ্গৰ শেহতীয়া দিনকেইটাৰ কাৰ্যক্ৰমণিকা, তেওঁৰ সৈতে যোগাযোগকাৰীসকলকে আদি কৰি ঘটনাস্থলীত উপস্থিতসকলোকে সাঙুৰি এক সমান্তৰাল তদন্তৰ সম্ভাৱনাক লৈ আলোচনা হৈছিল। যিটো আইনী পদ্ধতি হিচাপে আৰম্ভ হৈছিল সেয়া জনসাধাৰণৰ আৱেগ পৰিচালনাৰ বাবে অৱধাৰিতভাবে ৰাজনৈতিকভাৱে সঁহাৰিলৈ পৰিবৰ্তিত হৈছিল। ৰাজহুৱা শোক আছিল বাস্তৱ আৰু মৰ্যাদাপূৰ্ণ। কিন্তু অতি সোনকালে সেই শোক ন্যস্তস্বাৰ্থৰ হাতত অস্ত্ৰ হৈ পৰিল। বেনামী ছ’চিয়েল মিডিয়া একাউণ্টে জল্পনা-কল্পনাৰে ষড়যন্ত্ৰ-তত্ত্বৰ বীজ সিঁচিছিল। ৰাজনৈতিকভাৱে প্ৰৰোচিত বক্তব্যই আৱেগক অস্ত্ৰ-সজ্জিত কৰি ৰাজ্য প্ৰশাসনক শলঠেকত পেলোৱাৰ চেষ্টা কৰিছিল। সংবাদ মাধ্যমৰ প্ৰায়খিনিয়ে নাটকীয় পেনেল বিতৰ্কৰ খাটিৰত সংযম পৰিত্যাগ কৰিছিল। “ৰহস্য”, “হত্যা” আৰু “ষড়যন্ত্ৰ” শিৰোনাম হৈ পৰিছিল। অথচ ফৰেনছিক ফলাফল ওলাবলৈ বাকী আছিল। এই আখ্যান-যুদ্ধক শক্তিশীলী কৰাৰ অন্তৰালত এটা পৰিকল্পিত পদ্ধতি আছিল।
১) স্বাভাবিক শোক → আৱেগিক ঐক্য
২) সন্দেহৰ বীজ → প্ৰমাণ অবিহনে সন্দেহ
৩) অনাস্থা → “চৰকাৰে অপৰাধীক সুৰক্ষা দিছে” অপপ্ৰচাৰ
৪) সংগঠন → সমাজিক মাধ্যমত প্ৰতিবাদ আৰু ‘হেচটেগ’ অভিযান
৫) চাপ → চিবিআই বা এছআইটিৰ দাবী
এইধৰণৰ কথা-কাণ্ডই এক সীমা অতিক্ৰম কৰাত অনাস্থা শক্তিশালী হ’ল, সত্য হৈ পৰিল অপ্রাসংগিক ৷ ভ্ৰান্ত ধাৰণা চালিকা শক্তি হৈ পৰিল। আৱেগ আৰু প্ৰমাণ একাকাৰ হৈ পৰিল। ২৪–৪৮ ঘন্টাৰ ভিতৰতে সমগ্ৰ অসমতে এক বৃহৎ আৱেগিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল—
১) ছ’চিয়েল মিডিয়াত ষড়যন্ত্ৰমূলক তত্ত্বৰ বিস্ফোৰণ ঘটিল—হত্যাৰ জল্পনা-কল্পনাৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ষড়যন্ত্ৰ আৰু অভিসন্ধিৰ প্ৰতিদ্বন্দ্বিতালৈকে।
২) সংবাদ মাধ্যমৰ কিছু অংশই অসত্যক সাৰ-পানী দিলে, ফলত জনসাধাৰণৰ সন্দেহ বৃদ্ধি পালে।
৩) প্ৰতিবাদ আৰু ডিজিটেল ক্ষোভ— চিবিআইৰ তদন্ত, উচ্চ পৰ্যায়ৰ তদন্ত, বা অপৰাধ শাখাৰ জড়িত কৰাৰ দাবী।
জনসাধাৰণৰ হেঁচাত মুখ্যমন্ত্ৰীৰ মূল আইনী স্থিতি স্থানান্তৰিত হ’ল।
১) অসম চৰকাৰে সমান্তৰাল পদক্ষেপৰ কথা ঘোষণা কৰিলে। বিশদ প্ৰতিবেদন বিচৰা, ভাৰতত অতিৰিক্ত তদন্ত নুই নকৰা, ৰাজ্যিক পৰ্যায়ৰ তদন্ত আদি বিকল্প মুকলি কৰি ৰখাকে ধৰি।
২) “ফলাফল অপেক্ষা কৰক” নিয়মৰ পৰা জনসাধাৰণক তাৎক্ষণিক উত্তৰ দিয়া আৰু আশ্বস্ত কৰালৈ চৰকাৰী প্ৰতিক্ৰিয়া পৰিবৰ্তন হৈছিল।
কেইবাটাও কাৰকে মুখ্যমন্ত্ৰীৰ মূল স্থিতিক অতিক্ৰম কৰিলে—
১) আৱেগিক ‘শ্বক’ আৰু শোক— জনসাধাৰণে প্ৰক্ৰিয়া নহয়, তৎক্ষণাত শাস্তিৰ দাবী জনাইছিল।
২) প্ৰতিষ্ঠানসমূহৰ প্ৰতি অনাস্থা— “ৰিপ’ৰ্টৰ বাবে অপেক্ষা” কৰিবলৈ জনসন্দেহপ্ৰৱণতা।
৩) ছ’চিয়েল মিডিয়াৰ আখ্যান— ৰাজহুৱা বক্তৃব্যৰ সুৰ নিৰ্ধাৰণৰ কাৰক।
৪) ৰাজনীতিকৰণ— বিৰোধী গোটসমূহে চৰকাৰক হেঁচা প্ৰয়োগ কৰিবলৈ ৰাজহুৱা ক্ষোভৰ ব্যৱহাৰ কৰিছিল।
৫) ‘চেলিব্ৰিটি’ প্ৰভাৱ— এগৰাকী সাংস্কৃতিক ‘আইকন’ৰ হেৰুওৱাৰ হেঁচাত জনসাধাৰণৰ আৱেগ বৃদ্ধি।
এই পৰিৱৰ্তন সাৱধানী আছিল। আইনী প্ৰক্ৰিয়াৰে তদন্তৰ কথা নুই নকৰাকৈয়ে তেওঁ ক্ৰমাৎ বৃদ্ধি পোৱা জনক্ষোভক প্ৰশমিত কৰাৰ লগতে জল্পনা-কল্পনাই প্ৰক্ৰিয়াক ‘হাইজেক’ কৰাত বাধা দিছিল। আৱেগ আৰু আইন-প্ৰক্ৰিয়াৰ মাজৰ পাতল সীমাৰেখাডাল ভংগ নকৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বান আছিল অভূতপূৰ্ব। ৰাজহুৱা আখ্যানৰ বিস্ফোৰণৰ মাজত বিবেক বজাই ৰাজ্যখনৰ সামগ্ৰিক কল্যাণৰ প্ৰতি চকু ৰাখি ৰাখি ভিন্ন হেঁচাৰ মাজত সামঞ্জস্য ৰখাটো আইনী পদক্ষেপৰ দৰেই অতি প্ৰয়োজনীয়। তেওঁৰ দৃষ্টিভংগীয়ে চাৰিটা বাস্তৱ স্বীকৃতি প্ৰতিফলিত কৰিছিল—
১) পৰিস্থিতি নাগৰিক অশান্তিলৈ পৰিণত হ’ব নালাগে।
২) উৰাবাতৰিৰ প্ৰভাৱত ৰাষ্ট্ৰৰ নীতি হ’ব নালাগে।
৩) ছিংগাপুৰৰ সৈতে কূটনৈতিক সংবেদনশীলতা বজাই ৰাখিব লাগিব।
৪) চৰকাৰখন আত্মৰক্ষামূলক বা সংবেদনহীন পৰিগণিত হ’ব নালাগে।
চাঞ্চল্যবাদতকৈ স্থিতিশীলতাক অগ্ৰাধিকাৰ দি আখ্যান-যুদ্ধৰ অস্থিৰতাৰ মাজেৰে মুখ্যমন্ত্ৰীয়ে পৰিস্থিতি পৰিচালনা কৰিছে। তেওঁৰ সঁহাৰিয়ে দেখুৱাইছে—
১) উদাসীন নোহোৱাকৈ সংযম।
৩) আৱেগৰ বশবৰ্তী নোহোৱাকৈ সংবেদনশীলতা।
৪) সংঘাত নোহোৱাকৈ দৃঢ়তা।
ষড়যন্ত্ৰমূলক তত্ত্ব আৰু আৱেগক লৈ হেতালি খেলা পৰিৱেশত বিশেষকৈ যেতিয়া ক্ষোভ শৃংখলাতকৈ সহজ শান্তি বজাই ৰখাটোৱেই হৈছে নেতৃত্ব।
যেতিয়া ন্যায় প্ৰক্ৰিয়া নহয় দাবী হৈ পৰে
ন্যায় বিচৰা দাবী আৰু ততালিকে নিজে ৰায়দানৰ মাজত ব্যৱধান এডাল পাতল ৰেখা। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সৃষ্টি হোৱা অৱহাওৱা এনে হৈ পৰিছিল যে তদন্ত আৰম্ভ হোৱাৰ আগতেই তদন্তৰ সততাক লৈ সন্দেহৰ বীজ ৰোপণ হৈছিল। তদন্তৰ বাবে চিকিৎসকৰ প্ৰমাণ, ‘ফৰেনছিক’ পৰীক্ষাৰ ধাৰাবাহিকতা আৰু ন্যায়িক সমন্বয়ৰ প্ৰয়োজন। অনলাইন সমীক্ষা আৰু “প্ৰমাণ” বুলি মাৰ্কা লগোৱা ‘ফৰৱাৰ্ড’ কৰা বাৰ্তা সহায়ক নহয়। যদিহে প্ৰতিটো ‘হাই-প্ৰফাইল’ মৃত্যু প্ৰথমে ছ’চিয়েল মিডিয়া আদালতত বিচাৰ কৰা হয়, বৈধ প্ৰক্ৰিয়াসমূহে প্ৰহসন হৈ পৰিব।
চিন্তাৰ অনুশাসনৰ প্ৰয়োজন
সত্য যিয়েই নহওক—বিচাৰি উলিয়াবই লাগিব—ৰাজহুৱা যুক্তিৰ প্ৰহসন অসমে সহ্য কৰিব নোৱাৰে। ৰাজ্যখনে এক বিপজ্জনক নতুন যুগত প্ৰৱেশ কৰিছে য’ত সংগঠিত ডিজিটেল কোলাহলে পদ্ধতিক অগ্ৰাহ্য কৰিব পৰা হৈছে। আজি জুবিনক লৈ কাইলৈ যিকোনো ব্যক্তি লৈ অস্থিৰতা-আৰাজকতা সৃষ্টিৰ প্ৰয়াস হ’ব পাৰে।
এটা স্বতন্ত্ৰ আৰু স্বচ্ছ তদন্তৰ প্ৰয়োজন ভিৰটোৱে দাবী কৰাৰ বাবে নহয় বৰং সত্য প্ৰতিস্থিত হোৱাৰ বাবেহে। কিন্তু ন্যায় প্ৰমাণৰ দ্বাৰা হ’ব লাগিব, আখ্যানৰ হেঁচাত নহয়। যদি আমি সঁচাকৈয়ে জুবিন গাৰ্গক সন্মান জনাব বিচাৰোঁ তেন্তে আমি হেতালি খেল প্ৰতিহত কৰিব লাগিব, উন্মাদনাক নাকচ কৰিব লাগিব, আৰু আমাৰ ৰাজহুৱা কথা-বাৰ্তাত মৰ্যাদা পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। আৱেগ মানৱীয় প্ৰবৃত্তি—কিন্তু সত্য সাৰ্বভৌম।
অপপ্ৰচাৰৰ অংশীদাৰসকল
জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজহুৱা আখ্যান জৈৱিকভাৱে বিকশিত হোৱা নাছিল। বিভিন্ন উদ্দেশ্য আৰু পদ্ধতিৰে অভিনেতামণ্ডলীৰ সুকীয়া সুকীয়া গোটে ইয়াক গঢ় দিছিল। বিশ্লেষণ কৰিলে দেখা যায় যে সমন্বিত এজেণ্ডাৰে পৰিচালিত যোগাযোগে কেনেকৈ প্ৰকৃত ৰাজহুৱা আৱেগক অস্ত্ৰৰ ৰূপ দিছিল। আৱেগিক ঢৌ তীব্ৰতৰ হোৱাৰ লগে লগে এক অভিসন্ধিমূলক সুকীয়া আৰ্হি ফুটি উঠিছিল যে ৰাজহুৱা কথা-বতৰা সম্পূৰ্ণ প্ৰাকৃতিক নাছিল। পৰ্যবেক্ষকসকলে লক্ষ্য কৰিছিল যে প্ৰাৰম্ভিক অৱস্থাত ঘটনাৰ প্ৰকৃত বিবৰণীৰ অবৰ্তমানত, যেতিয়া তথ্যৰ অভাৱ আছিল, ন্যস্ত স্বাৰ্থই দ্ৰুতভাৱে সুযোগ গ্ৰহন কৰিছিল। তেওঁলোকে প্ৰকৃত বিৱৰণীৰ ঠাইত কৃত্ৰিমভাৱে উৰাবাতৰিৰে পূৰ্ণ কৰাই নহয় বিস্ফোৰণ ঘটাৱলৈ সক্ষম হৈছিল। একেধৰণৰ ‘হেচটেগ’, বাৰম্বাৰ একে শ্লোগান আৰু আৱেগিকভাৱে উত্তেজিত কৰিব পৰা ‘ভিজুৱেল’সমূহ কম সময়ৰ ভিতৰতে একাধিক প্লেটফৰ্মত ‘ট্ৰেণ্ডিং’ হৈছিল। ‘ডাটা ট্ৰেইল’ আৰু ‘পোষ্টিং’সমূহে সংঘবদ্ধ (‘অৰ্কেষ্ট্ৰেটেড’) অভিযানৰ ইংগিত দিছিল, একাউণ্টসমূহৰ সমন্বিত গোট একোটাই দিনটোৰ একেসময়ত একে ধৰণৰ বাৰ্তা আৰু ‘হেচটেগ’ ‘প্ৰম’ট’ কৰিছিল। এনে সমন্বিত কাৰ্য্যকলাপে স্বতঃস্ফূৰ্ত ৰাজহুৱা শোকৰ অতিৰিক্ত এক সংগঠিত ‘এজেণ্ডা’ৰ ইংগিত দিছিল। ৰাজনীতিকৰণৰ চেষ্টা ক্ৰমে দৃশ্যমান হৈ পৰিছিল। প্ৰতিদ্বন্দ্বী দল আৰু গোটসমূহে শোকক চৰকাৰৰ বিৰুদ্ধে গণভোট হিচাপে সজ্জিত কৰি ট্ৰেজেডীক অস্ত্ৰ কৰি লৈছিল। তেওঁলোকে ন্যায় আৰু ৰাজনৈতিক লাভৰ মাজৰ সীমাৰেখাডাল নোহোৱা কৰি পেলাইছিল। কিছুমান বিশেষ স্বাৰ্থই জনতাৰ ক্ষোভক নিৰ্দিষ্ট কেতবোৰ প্ৰতিষ্ঠান বা ব্যক্তিৰ ফালে পুনৰ্নিৰ্দেশিত কৰিব বিচৰাৰ লক্ষণো দেখা গৈছিল। বাৰ্তা প্ৰেৰণৰ ধৰণ, হঠাৎ বৃদ্ধি আৰু নিৰ্বাচিত ‘ফ্ৰেমৱৰ্কে’ আৱেগক হেঁচা সৃষ্টি কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টাৰ ইংগিত দিছিল। কিছুমান ৰাজনৈতিক গোটে পৰিস্থিতিক মূলধন হিচাপে লৈ চৰকাৰক সমালোচনা কৰিছিল, আনহাতে আন কিছুমানে এই ট্ৰেজেডীক শিল্পীজনৰ সৈতে জড়িত ব্যক্তি আৰু উদ্যোগক লক্ষ্য কৰি লৈছিল। প্ৰকৃত জৈৱিক ৰাজহুৱা আলোচনাৰ পৰিৱৰ্তে এইধৰণৰ কথা-কাণ্ডই কাহিনীটো অপহৰণ কৰি ন্যস্ত-স্বাৰ্থ সিদ্ধিৰ দিশটোকে আঙুলিয়াই দিছিল।
জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ঘটা পৰিঘটনাত শাসন ব্যৱস্থা, জনসাধাৰণৰ আৱেগ, আৰু ডিজিটেল সংগঠনৰ মাজৰ আন্তঃক্ৰিয়া সম্পৰ্কে এক সতৰ্কতামূলক অধ্যয়নৰ দিশ উন্মোচন কৰিছে।
অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰম্ভিক স্থিতি শুদ্ধ আছিল যদিও যি যুগত ভ্ৰান্তধাৰণাই তথ্যতকৈ বেছি দ্ৰুতগতিত যাত্ৰা কৰে অপৰ্যাপ্ত বুলি প্ৰমাণিত হৈছিল। আৱেগিকভাৱে ‘চাৰ্জড’ পৰিৱেশত বিশুদ্ধ পদ্ধতিগত সঁহাৰিয়ে অনলাইন ক্ষোভৰ বেগ সহ্য কৰিব নোৱাৰিলে। প্ৰশাসনৰ পৰৱৰ্তী স্থিতি পৰিৱৰ্তনে জনসাধাৰণৰ আৱেগক ক্ষণিকৰ বাবে শান্ত কৰিছিল যদিও পদ্ধতিগত অনুশাসনক কিছু পাতল কৰি পেলাইছিল। আশ্বাস হিচাপে যি দিয়া হৈছিল সেয়া ৰেহাই হিচাপে পৰিগণিত হৈছিল। ফলত ডিজিটেল গতিবেগে ৰাষ্ট্ৰৰ সঁহাৰি প্ৰভাৱিত কৰিব পাৰে এনে এক পৰিস্থিতি উদ্ভৱ হৈছিল। ঘটনাৰ এই ক্ৰমটোৱে এটা বৃহত্তৰ সত্যক উজ্জ্বল কৰি তুলিছে— বৈধ উদ্দেশ্যই যথেষ্ট নহয়। আৱেগৰ সংকট পৰিচালনা কৰিবলৈ চৰকাৰসমূহে ভুল তথ্যই গতি পোৱাৰ পূৰ্বেই কাহিনীৰ শূন্যতা পূৰণ কৰিব লাগিব। স্বচ্ছ, সহানুভূতিশীল আৰু প্ৰমাণভিত্তিক কৌশলগত যোগাযোগ এতিয়া আইনী সঠিকতাৰ দৰেই অতি প্ৰয়োজনীয়। আৱেগিক জনপ্ৰিয়তাবাদে এবাৰ ঠাই ল’লেই প্ৰতিষ্ঠানসমূহে সত্যতকৈ জনমানসক প্ৰশমিত কৰিবলৈ হেঁচা অনুভব হকৰিব পাৰে। সমান্তৰালভাৱে এই পৰিঘটনাই ইচ্ছাকৃতভাৱে কৰা এটা আসুৰিক পৰিকল্পনাৰ দিশলৈ আঙুলিয়াই দিয়ে— ন্যস্ত স্বাৰ্থজড়িত লোকসকলে শোকক অস্ত্ৰ কৰি প্ৰতিষ্ঠানসমূহৰ ওপৰত অনাস্থা আৰু অৰাজকতাৰ পৰিবেশ কৰিবলৈ প্ৰবৃত্ত হয়। বিষয়টোক মেৰুকৰণ আৰু কাহিনীটো অপহৰণ কৰি সামূহিক শোকৰ বিনিময়ত ৰাজনৈতিক বা সামাজিক সুবিধা উলিয়াবলৈ চেষ্টা কৰাৰো ই এক নিকৃষ্ট উদাহৰণ।
হেঁচাত পৰি চৰকাৰৰ স্থিতিৰ পৰিৱৰ্তন ডিজিটেল জনপ্ৰিয়তাবাদৰ যুগত শাসনৰ দ্বিধাদ্বন্দ্বৰ প্ৰতীক। যিসময়ত প্ৰকৃত তথ্যৰ শূন্যতা জল্পনা-কল্পনাৰ দ্বাৰা দ্ৰুতভাৱে পূৰণ হয়, জনসাধাৰণৰ আৱেগৰ প্ৰতি সঁহাৰি জনাব লাগিব যদিও তদন্ত প্ৰক্ৰিয়াক প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবও লাগিব।
জুবিন গাৰ্গৰ মৃত্যুৰ আৱেগিক পৰিণতিত অসমে এনে এক অস্থিৰ পৰ্যায়ত প্ৰৱেশ কৰিছে য’ত শোক, জল্পনা-কল্পনা আৰু অভিসন্ধিসূলক ৰাজনৈতিক আখ্যানে যুক্তিক অতিক্ৰম কৰিছে। এই পৰিবেশত অসমৰ মুখ্যমন্ত্রীয়ে এটা দৃশ্যমান সতর্ক স্থিতি গ্রহণ কৰিছে— জনসাধাৰণৰ আৱেগক উলাই কৰা নাই বা ৰাজ্য-যন্ত্ৰক আৱেগিকভাৱে কাম কৰিবলৈ দিয়া নাই৷ তেওঁৰ পদ্ধতিয়ে শাসন-অনুশাসনক প্ৰতিফলিত কৰিছে—যি সময়ত তথ্যতকৈ ভ্ৰম তথ্য দ্ৰুতগতিত বিয়পি পৰে ই এক অপৰিহাৰ্য নীতি। পৰবৰ্তী পৰ্যায়ত এই নতুন অভিজ্ঞতাৰে তেওঁ অধিক সমৃদ্ধ হ’ব।