নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জল সংৰক্ষণৰ প্রাসংগিকতা

আধুনিক বিশ্বত জীৱশ্রেষ্ঠ মানৱৰ বাবে জীৱন–যাপনত বহুতো সুবিধা আহিছে যদিও প্রাকৃতিকভাৱে কিছুমান কাৰণত জীৱন–যাপনত জটিলতাও আহিছে৷ মানৱসৃষ্ট কাৰকৰ বাবে প্রদূষিত পৃথিৱীত জলসংকট এক ভয়াৱহ সমস্যা হিচাপে থিয় দিছে৷ জলসংকটৰ পৰা মানৱ জাতিয়ে উদ্ধাৰ পাবলৈ হ’লে প্রদূষণৰ কাৰকসমূহ বন্ধ কৰাৰ লগতে জল সংৰক্ষণৰ ওপৰতো গুৰুত্ব দিব লাগিব৷ এক কথাত বর্তমান বিশ্বত জল সংৰক্ষণ এক জৰুৰী বিষয় হৈ চর্চিত হৈছে৷ আমি বাস কৰা পৃথিৱীখনৰ চাৰি ভাগৰ তিনিভাগ পানীৰে আৱৰি থকা সত্ত্বেও এতিয়া পৃথিৱীত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মানুহৰ প্রয়োজনীয় বিশুদ্ধ পানীৰ সমস্যা প্রতি ক্ষণে ক্ষণে গুৰুতৰৰ পৰা অতি গুৰুতৰ হৈ গৈ আছে৷ বিশুদ্ধ পানীৰ অভাৱ বিশ্বৰ বিভিন্ন দেশত ইতিমধ্যে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এনে পৰিপ্রেক্ষিতত বিশুদ্ধ পানীৰ সংৰক্ষণৰ প্রয়োজনীয়তা চর্চিত হৈছে৷ জল সংৰক্ষণৰ প্রাসংগিকতা বৃদ্ধি পাইছে৷ জল সংৰক্ষণৰ বিষয়টো কিয় আজিৰ পৃথিৱীত অতিকৈ গুৰুত্বপূর্ণ হৈছে তাক আলোচনা কৰাৰ পূর্বে আমি জলক লৈ কিছু তথ্য জনাৰ প্রয়োজন আছে৷ উনুকিয়াও যে মানুহৰ শৰীৰ ৬০ শতাংশ পানীৰে গঢ়া৷ মানুহৰ লগতে পৃথিৱীৰ বাকী সকলো জীৱৰ বাবেও প্রকৃতার্থত পানী হৈছে অতি গুৰুত্বপূর্ণ৷ পানী অবিহনে জীৱৰ অস্তিত্ব কল্পনাই কৰিব নোৱাৰি৷ পৃথিৱীৰ জীৱৰ লগতে, গছ–গছনি, প্রাণী আৰু পৰিৱেশ বর্তি থকাৰ লগতে সক্ষম হৈ থকাৰ বাবে পানীৰ অতি আৱশ্যক৷ আমি বাস কৰা গ্রহটিত ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ কিমান, সেই কথা অৱগত হ’লে আশ্চর্য হোৱাটো নিশ্চিত৷ পৃথিৱীৰ কেৱল ৩ শতাংশ পানীহে মানুহে ব্যৱহাৰ কৰিব পাৰে৷ এই ৩ শতাংশ পানীৰ ভিতৰত মানুহে সেৱন কৰাৰ পৰা নিজৰ দৈনন্দিন কর্মত ব্যৱহাৰ কৰে৷ পৃথিৱীৰ প্রতিটো পৰিস্থিতি তন্ত্রৰ বাবে পানী গুৰুত্বপূর্ণ আৰু অভিন্ন৷ পানীৰ প্রতি মানুহৰ স্বাভাৱিক সচেতনতা আৰু সজাগতা ন্যূনতম হোৱাৰ বাবে পানীৰ ব্যৱহাৰৰ ক্ষেত্রত সঠিক পৰিকল্পনা কৰা দেখা নাযায়৷ পুৱা শুই উঠাৰে পৰা নিশা পুৱালৈকে মানুহে পানী ব্যৱহাৰ কৰাৰ সময়ত পানীৰ অপচয়ৰ ওপৰত গুৰুত্ব দিয়া দেখা নাযায়৷ এনে কাৰণত বিশুদ্ধ পানীৰ অপচয়ে কিছু ক্ষেত্রত বিশুদ্ধ পানীৰ নাটনি ঘটায়৷ পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ লগতে উদ্যোগৰ সম্প্রসাৰণ, উন্নয়নমূলক কার্যকলাপৰ পর্যায় বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ বাবে জলসম্পদৰ ওপৰত নেতিবাচক প্রভাৱ পৰিছে৷ পানীৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে দ্রুতগতিত পানীৰ পৰিমাণ হ্রাস পাইছে৷
পানীৰ নাটনিৰ সমস্যা আঁতৰ কৰিবলৈ হ’লে জল সংৰক্ষণৰ প্রাসংগিকতা আহি পৰে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি বিশ্বৰ দেশসমূহে সম্প্রতি জল সংৰক্ষণত অধিক গুৰুত্ব দিবলগীয়া হৈছে৷ পানীৰ নাটনিৰ সমস্যা দূৰ কৰিবলৈ মানুহে পানীৰ সঠিক ব্যৱহাৰ কৰিব লাগিব৷ অর্থাৎ পানীৰ অপব্যৱহাৰ কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব৷ ৰান্ধনি ঘৰৰ পৰা বহিঃভাগত ব্যৱহূত পানী উচিত ধৰণে প্রয়োগৰ ক্ষেত্রত গুৰুত্ব দিব লাগিব৷ ব্যৱহূত পানীয়ে যাতে প্রাকৃতিক বিশুদ্ধ পানীৰ ভঁৰাল প্রদূষিত কৰিব নোৱাৰে তাৰ প্রতি সজাগ হৈ সঠিক ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ পানীৰ যাতে অপচয় নহয় তাৰ বাবে পানীৰ পাইপলাইন ব্যৱস্থা উন্নত কৰিব লাগিব৷ সাধাৰণতে পানী যোগান ব্যৱস্থাত পাইপসমূহ ফাটি বিভিন্ন সময়ত পানী বাহিৰলৈ ওলাই আহি অপচয় হোৱা দেখা যায়৷ এনে ধৰণৰ কার্যকলাপবোৰ ৰোধ কৰাত চৰকাৰৰ লগতে জনসাধাৰণেও গুৰুত্ব দিব লাগিব৷ পানী যাতে অপচয় নহয়, তাৰ বাবে প্রতিজন নাগৰিকে নিজে পানী ব্যৱহাৰ কৰাৰ সময়ত সজাগ হ’ব লাগিব৷ অবাবত যাতে পানীৰ অপব্যৱহাৰ কৰা নহয়, তাৰ প্রতি সচেতন হ’ব লাগিব৷ পৃথিৱীজুৰি বিশুদ্ধ খোৱাপানীৰ সংকটে নমাই অনা সমস্যাৰ পৰা মানৱ জাতিক উদ্ধাৰ কৰিবলৈ হ’লে প্রাকৃতিকভাৱে জল সংৰক্ষণ কৰাৰ সমান্তৰালকৈ আধুনিক ব্যৱস্থাৰ জৰিয়তেও জল সংৰক্ষণ কৰিব লাগিব৷ পৃথিৱীত বিশুদ্ধ পানীৰ নাটনি গুৰুতৰ সমস্যা হৈ উঠাত ৰাষ্ট্রসংঘয়ো এই সমস্যাটোক লৈ ব্যৱস্থা গ্রহণ কৰিছে৷ জল সংৰক্ষণ দিৱস উদযাপন কৰি থকা হৈছে৷ প্রতি বছৰে ২২ মার্চত জল সংৰক্ষণ দিৱস উদযাপনেৰে সজীৱ পানীৰ গুৰুত্বক জনসাধাৰণৰ মাজত প্রচাৰ কৰাৰ লক্ষ্য নির্ধাৰণ কৰি লোৱা হৈছে৷ বিশুদ্ধ পানী কিম্বা সজীৱ পানীৰ বহনক্ষম ব্যৱস্থাপনাক আগবঢ়াই নিয়াৰ বাবে জল সংৰক্ষণ দিৱসে গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে৷ জল সংৰক্ষণৰ দিৱস উদযাপনেই এই কথা বিশ্ববাসীক নিশ্চিত কৰি দিছে যে বিশুদ্ধ খোৱাপানী সঠিকভাৱে জীৱন–যাপনৰ বাবে ব্যৱহাৰ কৰিবলৈ হ’লে প্রতিজন নাগৰিক পানীৰ ব্যৱহাৰৰ প্রতি সজাগ–সচেতন হ’বই লাগিব৷ অন্যথা পানীৰ মাজত থাকিও পৃথিৱীবাসীয়ে পানীৰ বাবে হাহাকাৰ কৰিব লাগিব৷

You might also like