জীৱনৰ অধিকাংশ সময়েই কষ্টোপার্জিত উপার্জন জনকল্যাণৰ হকে ব্যয় কৰা গণশিল্পী জুবিন গার্গৰ সৰলতাক একাংশই সুযোগ হিচাপে গ্রহণ কৰিছিল৷ সুবিধাবাদী এই ভণ্ড মুখাপিন্ধা ভদ্রলোকসকলৰ মাজৰ অন্যতম আছিল মেনেজাৰ সিদ্ধার্থ শর্মা৷ ছিংগাপুৰত শিল্পীগৰাকীয়ে ৰহস্যজনক মৃত্যুক আঁকোৱালি লোৱাৰ পাছত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া এছআইটিৰ তদন্তত এতিয়া এফালৰ পৰা পোহৰলৈ আহিবলৈ ধৰিছে শিল্পী জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ লুণ্ঠনৰ কাহিনীবোৰ৷
জুবিন গার্গৰ ধনেৰে অগাধ সম্পত্তিৰ মালিক হোৱা সিদ্ধার্থ শর্মাই প্রেয়সীক উপহাৰ দিছিল তিনিটা ফ্লেট৷ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পাছতো শিল্পীগৰাকীৰ স্বাস্থ্যৰ প্রতি কোনোধৰণৰ নজৰ নিদিয়াকৈ সিদ্ধার্থ শর্মাই কেৱল তেওঁক ৰূপান্তৰ কৰিছিল এটা ধন ঘটা যন্ত্রলৈ৷ মৃত্যুৰ তিনিদিন পূর্বে এটা প’ডকাষ্টত শিল্পীগৰাকীয়ে নিজে কৈ গৈছে– মই যন্ত্র নাছিলোঁ৷ কিন্তু মানুহবোৰে মোক যন্ত্রলৈ ৰূপান্তৰ কৰিলে৷ অৱশ্যে কাৰো নাম প্রকাশ নকৰাকৈ শিল্পীগৰাকীয়ে তেওঁক জীৱিত সময়ছোৱাত আৱৰি ৰখা একাংশ সুবিধাবাদীৰ কথাই স্পষ্টকৈ উল্লেখ কৰি গৈছিল৷ তেওঁৰ মৃত্যুৰ পাছত ৰাজ্য চৰকাৰে গঠন কৰা এছআইটিয়ে অব্যাহত ৰখা তদন্তই বহু কথা পোহৰলৈ আনিলে৷
যোৱা ২২ অক্টোবৰত এছআইটিৰ চমনমর্মে চিআইডিৰ উলুবাৰীৰ মুখ্য কার্যালয়ত উপস্থিত হৈছিল জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ প্রেয়সী প্রতীক্ষা দাস৷ বৰপেটা নিৱাসী প্রতীক্ষা দাসক বিগত দুদিন ধৰি চিআইডিয়ে জেৰা চলাইছিল৷ জেৰাৰ সময়ছোৱাত প্রতীক্ষা দাসে দিয়া বিস্ফোৰক স্বীকাৰোক্তিয়ে সম্প্রতি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রিয় শিল্পীৰ সৰলতাৰ সুযোগ লৈ এফালৰ পৰা কেৱল ধন লুণ্ঠন কৰা মেনেজাৰ সিদ্ধার্থ শর্মাই এটা নহয়, তিনিটাকৈ বিলাসী ফ্লেট উপহাৰ হিচাপে দিছিল প্রতীক্ষা দাসক৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত থকা ফ্লেট তিনিটা প্রতীক্ষা দাসৰ নামত পঞ্জীয়ন পর্যন্ত কৰাই দিছিল সিদ্ধার্থ শর্মাই৷ বিশেষ সূত্রৰ পৰা এই কথা জানিব পৰা গৈছে৷
সূত্রটোৱে সদৰী কৰা মতে, অকল ফ্লেটেই নহয়, বিভিন্ন সময়ত আন বহু বিলাসী সামগ্রী উপহাৰ হিচাপে সিদ্ধার্থ শর্মাই প্রেয়সী প্রতীক্ষা দাসক দিছিল৷ তাৎপর্যপূর্ণভাৱে অসমীয়া ভাষাৰ প্রতি ন্যূনতম জ্ঞান নথকা সিদ্ধার্থ শর্মাই অসমীয়া লিখাটো দূৰৰেই কথা, অসমীয়া ভাষাত বার্তালাপ পর্যন্ত কৰিব পৰা নাছিল৷ কিন্তু জুবিন গার্গৰ ৰহস্যজনক মৃত্যুৰ পাছত অগণিত অনুৰাগীয়ে মেনেজাৰ সিদ্ধার্থ শর্মাৰ ভূমিকাক লৈ সামাজিক মাধ্যমযোগে প্রশ্ণ চিহ্ণ উত্থাপন কৰাৰ সময়তে ফেচবুকযোগে অসমীয়া আৰু ইংৰাজী ভাষাত এটা স্পষ্টীকৰণ সিদ্ধার্থ শর্মাই ৰাইজৰ প্রতি আগবঢ়াইছিল৷ সূত্রটোৱে জনোৱা মতে, ফেচবুকযোগে সিদ্ধার্থ শর্মাই অসমবাসীলৈ প্রেৰণ কৰা এই স্পষ্টীকৰণটো অসমীয়া ভাষাত লিখি দিছিল প্রতীক্ষা দাসে৷ শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত ৰাজ্যজুৰি শোকৰ বাতাৱৰণ অব্যাহত থকাৰ সময়তে প্রতীক্ষা দাসে উক্ত স্পষ্টীকৰণটো সিদ্ধার্থ শর্মালৈ ফেচবুকত দিয়াৰ বাবে প্রেৰণ কৰিছিল৷ এছআইটিৰ মাৰাথন জেৰাত প্রতীক্ষা দাসে এই সন্দর্ভত সকলো কথা স্বীকাৰ কৰিছে বুলি সূত্রটোৱে জানিবলৈ দিছে৷ অৱশ্যে তদন্তৰ খাতিৰত এই সন্দর্ভত অধিক তথ্য সদৰী কৰাৰ পৰা বিৰত থাকে আৰক্ষী সূত্রটো৷ প্রেয়সী প্রতীক্ষা দাসৰ বিস্ফোৰক স্বীকাৰোক্তিৰ পাছতেই এছআইটিয়ে সিদ্ধার্থ শর্মাৰ লুণ্ঠনক লৈ তদন্ত অধিক তীব্রতৰ কৰি তুলিছে৷
ইপিনে, কালি এছআইটিয়ে জেৰা চলায় সিদ্ধার্থ শর্মাৰ দুই ব্যৱসায়িক সহযোগী প্রতীক খৈতান আৰু বিকাশ আগৰৱালাক৷ এছআইটিৰ চমনমর্মে কালি উলুবাৰীৰ চিআইডিৰ মুখ্য কার্যালয়ত দিনৰ ভাগত উপস্থিত হোৱা দুয়োজন ব্যৱসায়ীক প্রায় ৫ ঘণ্টাজুৰি জেৰা চলায় তদন্তকাৰী বিষয়াই৷ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, সিদ্ধার্থ শর্মাৰ মালিকানাধীন হোটেল ৰয়েল হেৰিটেজৰ অংশীদাৰ আছিল উক্ত দুই ব্যৱসায়ী৷ হোটেলখন ক্রয় কৰাৰ পৰা পৰিচালনালৈকে সকলো ক্ষেত্রত সক্রিয়ভাৱে জড়িত থকা প্রতীক খৈতান আৰু বিকাশ আগৰৱালাই মেনেজাৰ সিদ্ধার্থ শর্মাৰ আন ব্যৱসায়তো ধন বিনিয়োগ কৰিছিল বুলি জানিব পৰা গৈছে৷ কালি ৫ ঘণ্টা জেৰাৰ অন্তত দুয়োকে যাবলৈ দিয়া হয় যদিও আজি পুনৰ জেৰাত হাজিৰ হোৱাৰ বাবে নির্দেশ জাৰি কৰিছে এছআইটিয়ে৷
ডিজিটেল ডেস্ক, ২৫ অক্টোবৰ :