বাৰুদৰ গোন্ধ আৰু নিবিচাৰোঁ
প্রাণৰ শিল্পী জুবিন গার্গৰ ৰহস্যময় মৃত্যুৰ বেদনাত ৰাজ্যবাসী কাতৰ হৈ থকাৰ সময়তে এসপ্তাহৰ ব্যৱধানত দুটা কূটাঘাতে ৰাজ্যখনক জোকাৰি গৈছে৷ উজনি অসমৰ কাকপথাৰত অৱস্থিত সেনা শিবিৰত বিদ্রোহী সংগঠন আলফা (স্বাধীন)–এ অতর্কিতে আক্রমণ চলাই শিবিৰটোৰ বিস্তৰ ক্ষতি কৰাৰ লগতে কেইবাজনো জোৱানক আহত কৰাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নামনি অসমৰ কোকৰাঝাৰত ৰে’ললাইনত অজ্ঞাত সংগঠনে ভয়াৱহ আইইডি বিস্ফোৰণ ঘটায়৷ এই বিস্ফোৰণত যদিও কোনো লোক হতাহত হোৱা নাই, কিন্তু ব্যস্ত ৰে’ললাইনটোৰ এছোৱা ক্ষতি কৰে৷ যাৰ ফলত কেইবাঘণ্টা ধৰি উজনি–নামনিৰ ৰে’ল চলাচল ব্যাহত হৈ পৰে৷ যদিও এই বিস্ফোৰণে উপৰুৱা দৃষ্টিত বিশেষ হানি–ক্ষতি কৰা নাই, কিন্তু ইয়াৰ অন্তৰালত এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ জুবিনৰ মৃত্যুক লৈ ৰাজ্য কিছু অস্থিৰ হৈ আছে৷ জনজাতিকৰণৰ দাবীত উজনিৰ পৰা নামনিলৈ বিভিন্ন সংগঠনে উত্তাল বিক্ষোভ–প্রতিবাদ কৰি আছে৷ সন্মুখত আহি আছে ২০২৬ৰ বিধানসভা নির্বাচন৷ স্বাভাৱিকতে এই সময়ছোৱা অত্যন্ত স্পর্শকাতৰ সময়৷ ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক বাতাৱৰণ উত্তপ্ত হৈ থকাৰ সময়তে ৰাজনৈতিক লাভালাভৰ অংক কৰিয়েই যে হঠাতে একাংশই কূটাঘাতমূলক কার্য সংঘটিত কৰাৰ উদ্যোগ হাতত লৈছে সেয়া বুজিবলৈ বৰ বিশেষ অসুবিধা নহয়৷ মূলতঃ ৰাজ্যবাসীৰ মাজত আতংক আৰু অস্থিৰতা অধিক পৰিমাণে বিস্তাৰিত কৰাৰ বাবেই পৰিকল্পিতভাৱে এই কাম কৰা হৈছে৷
কিন্তু অসমবাসীয়ে এতিয়া আৰু কোনো কাৰণতে বাৰুদৰ গোন্ধ ল’ব নিবিচাৰে৷ গোন্ধ ল’ব নিবিচাৰে মানুহৰ পোৰা মঙহ আৰু কেঁচা তেজৰ৷ যোৱাটো শতিকাৰ শেষ দুটা দশক আৰু এইটো শতিকাৰ প্রথম এটা দশকৰ ৰক্তাক্ত স্মৃতিয়ে এতিয়াও অসমীয়াৰ বুকু বিদীর্ণ কৰি আছে৷ ভয়ংকৰ বোমাৰ আঘাত, নির্বিচাৰ গুলীয়ে সেই তিনিটা দশকত অলেখ অসমীয়াৰ বক্ষ ভেদি থৈছে৷ শ শ অসমীয়াই অকাল মৃত্যুক সাবটি লৈছে৷ শ শ মহিলাৰ শিৰৰ সেন্দূৰ চিৰদিনলৈ মচ খাই গৈছে৷ শ শ মাতৃৰ বুকু উদং হৈছে৷ কিমান যে পাহোৱাল ডেকাই য’তে–ত’তে মৰা পৰিছে সেই হিচাপ কাহানিও নোলাল৷ বিদ্রোহী সংগঠন আলফা–এনডিএফবি–বিএলটি-আনলা ইত্যাদি ইত্যাদিৰ ভয়াৱহ কূটাঘাত আৰু এই কূটাঘাতৰ প্রত্যুত্তৰত নিৰাপত্তা এজেঞ্চীসমূহে চলোৱা অভিযানত থকা–সৰকা হৈছিল ৰাজ্যখন৷ পুৱা ঘৰৰ পৰা সুস্থ শৰীৰে ওলাই অহা মানুহজন সন্ধিয়া সুকলমে ঘৰলৈ যে উভতি আহিব পাৰিব তাৰ নিশ্চয়তা নোহোৱা হৈছে৷ এক ঘনঘোৰ ত্রাসৰ ডাৱৰে আৱৰি ৰাখিছিল সমগ্র ৰাজ্য৷ ২০০৮ৰ ৩০ অক্টোবৰত এনডিএফবিয়ে গুৱাহাটীসহ ৰাজ্যৰ কেইবাস্থানতো চলোৱা ভয়াৱহ বোমা বিস্ফোৰণৰ স্মৃতি এতিয়াও এটুকুৰা কেঁচা ঘা হৈ ওলমি আছে অসমীয়াৰ বুকুত৷ ধেমাজিত ১৫ আগষ্টত আলফাই কণ কণ শিশুক হত্যা কৰা নৰমেধ যজ্ঞৰ বর্বৰতা আজিও সজীৱ হৈ আছে অসমীয়াৰ দুচকুত৷ সেই হত্যাৰ ‘চিকাৰ’ হোৱা অবুজ কণমানিহঁতৰ মৰণকাতৰ চিঞৰ আজীৱন অসমীয়াৰ কর্ণপটত তাল মাৰি ধৰি থাকিব৷ সমান্তৰালভাৱে অসমীয়াক চিৰদিন আতংকিত কৰি ৰাখিব সেনা বাহিনীয়ে বিদ্রোহী সংগঠনৰ সদস্যক বিচৰাৰ নামত ৰাজ্যখনৰ নিৰীহ বাসিন্দাৰ ওপৰত চলোৱা অবর্ণনীয় অত্যাচাৰৰ স্মৃতিয়ে৷ অসমীয়াক আজিও আতংকিত কৰি তোলে গুপ্তহত্যাৰ নামত সহোদৰে সহোদৰক নির্বিচাৰে হত্যা কৰা সেই কালান্তক দিনবোৰে৷ সেই তেতিয়া ঘন জংঘল–উদং পথাৰ অথবা ৰাস্তাৰ দাঁতিত পৰি ৰোৱা নির্জীৱ লাচবোৰত কৰাল বন্ধা তেজৰ গোন্ধে আজিও খেদি ফুৰে অসমীয়াক৷ জাতিটো জাতি হৈ থকাৰ সংগ্রামত ইতিমধ্যে অসমীয়াই বহু মাচুল দি থৈছে৷ সেয়ে কোনো কাৰণতে সেই অন্ধকাৰ দিনৰ পুনৰাবৃত্তি নিবিচাৰে অসমীয়াই৷ নিবিচাৰে পুনৰ বাৰুদৰ গোন্ধ৷