নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতৰ তলুৱাত ‘টোকা’ লিখি চৰম পথ মহাৰাষ্ট্রৰ চিকিৎসকৰ…

তিনিগৰাকী আৰক্ষী বিষয়াৰ দ্বাৰা যৌন নির্যাতনৰ বলি হৈ চৰম পথ বাছি লয় মহাৰাষ্ট্রৰ এগৰাকী চিকিৎসকে৷ পৰহি নিশা হাতৰ তলুৱাত ‘টোকা’ লিখি যুৱতী চিকিৎসকগৰাকীয়ে চৰম পন্থা হাতত লয়৷ এই ঘটনাই মহাৰাষ্ট্রৰ ৰাজধানীত উত্তেজনাৰ সৃষ্টি কৰিছে৷

মৃত্যুৰ পূর্বে যুৱতী চিকিৎসকগৰাকীয়ে হাতত লিখিছিল- ‘মোৰ মৃত্যুৰ বাবে আৰক্ষী পৰিদর্শক গোপাল বডানো দায়ী৷ তেওঁ মোক চাৰিবাৰ অপকৰ্ম কৰিছিল৷ বিগত ৫ মাহ ধৰি মোক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল’৷

ইফালে, এই ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত আৰক্ষী বিষয়াজনক নিলম্বন কৰা হৈছে৷ চিকিৎসকগৰাকীৰ মৃত্যুৰ পিছতে গম পোৱা গ’ল যে তেওঁ ফুল্টনৰ তিনিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে স্থানীয় ডিএছপিৰ ওচৰত লিখিত অভিযোগ দিছিল৷ এই চিঠি প্রেৰণৰ ১৫ দিনৰ ভিতৰতে চিকিৎসকগৰাকীয়ে কঠোৰ সিদ্ধান্ত গ্রহণ কৰে৷

নিউজ ডেস্ক, ২৫ অক্টোবৰ : 

You might also like