অসম কন্যা উমা চেত্রীৰ এদিনীয়াত অভিষেক, বাংলাদেশৰ বিৰুদ্ধে মহিলা বিশ্বকাপত ল’লে অংশ
অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ক্রিকেটৰ বাবে শুভসংবাদ৷ অসমৰ সুদক্ষ ক্রিকেটাৰ উমা চেত্রীয়ে এদিনীয়া আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ কালি আইচিচি মহিলা বিশ্বকাপৰ এখন মেচত বাংলাদেশৰ বিৰুদ্ধে নভি মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত ঐতিহাসিক অভিষেক ঘটালে অসম কন্যাই৷
গোলাঘাট জিলাৰ এইগৰাকী ২৩ বছৰীয়া ক্রিকেটাৰে ভাৰতীয় দলৰ সহঃ অধিনায়ক স্মৃতি মান্ধানাৰ হাতৰ পৰাই এদিনীয়াৰ কেপ গ্রহণ কৰে৷ বৰষুণৰ বাবে পলমকৈ আৰম্ভ হোৱা মেচখনত তেওঁ ৰিচা ঘোষৰ স্থানত দলভুক্ত হয়৷ আঙুলিত আঘাত পোৱা বাবে ৰিচাই কালি মেচখনত অংশগ্রহণ কৰিব নোৱাৰিলে৷
উল্লেখ্য যে অসমৰ তৃণমূল পর্যায়ৰ পৰা ক্রিকেট জার্নী আৰম্ভ কৰা উমাই ২০২১–২২ চনত ঘৰুৱা ক্রিকেটত অভিষেক ঘটাইছিল৷ তেওঁৰ সুদক্ষ উইকেটকীপিং আৰু ল’ৱাৰ অর্ডাৰৰ দর্শনীয় বেটিঙৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ হৈছিল৷ অসমৰ ঘৰুৱা আৰু মাণ্ডলিক প্রতিযোগিতাসমূহত উমাই সুন্দৰ প্রদর্শন দাঙি ধৰে৷ ২০২৩ চনত এচিচি মহিলা এমার্জিং টীমৰ এছিয়া কাপত ভাৰতীয় দলক প্রতিনিধিত্ব কৰে৷ ইয়াৰ এমাহৰ পিছতে তেওঁ বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ ছিনিয়ৰ দলত স্থান লাভ কৰি উত্তৰ–পূর্বাঞ্চলৰ প্রথমগৰাকী ক্রিকেটাৰ হোৱাৰ কৃতিত্ব অর্জন কৰে৷
২০২৪ চনত তেওঁ মহিলা প্রিমিয়াৰ লীগত ইউ পি ৱাৰিয়র্ছ দলত চুক্তিবদ্ধ হয়৷ তাত আন্তঃৰাষ্ট্রীয় পর্যায়ত প্রশিক্ষণৰ সুবিধা লাভ কৰি প্রদর্শনৰ উন্নতি ঘটোৱাৰ পিছত ২০২৪ চনৰ ৭ জুলাইত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে টি–২০ ক্রিকেটত অভিষেক ঘটায়৷ এইবাৰ তেওঁ বিশ্বকাপৰ বাংলাদেশৰ বিৰুদ্ধে খেলা কালিৰ মেচখনৰ জৰিয়তে এদিনীয়াত অভিষেক ঘটোৱাৰ লগতে বিশ্বকাপ খেলা প্রথমগৰাকী অসমৰ ক্রিকেটাৰ হিচাপে পৰিগণিত হয়৷
ডিজিটেল ডেস্ক, ২৭ অক্টোবৰ