নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ঔষধৰ সঠিক প্ৰয়োগে যক্ষ্মা নিৰাময়ৰ বাবে হব ইতিবাচক :  ৰিণিকি ভূঞা শৰ্মা 

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স, চমুকৈ এইমছ, গুৱাহাটীত যক্ষ্মা ৰোগ নিৰ্মুলকৰণৰ ওপৰত এখন কৰ্মশালা তথা নীতি আলোচনা বিষয়ক এক অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ স্বাস্থ্য আৰু  পৰিয়াল কল্যাণ বিভাগৰ নিৰ্দেশনাত গুৱাহাটী এইমছ, গেটছ ফাউণ্ডেচন, নীতি স্থাপক ফাউণ্ডেচন (PRF), আইআইটি গুৱাহাটীৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানৰ মুখ্য উদ্দেশ্য হ’ল- বৰ্তমান সমাজত অন্যতম ব্যাধি হৈ পৰা যক্ষ্মা ৰোগ কিদৰে আধুনিক ব্যৱস্থাৱলীৰ পদ্ধতিৰে তথা কাৰিকৰী পদক্ষেপ ব্যৱহাৰ আৰু ইয়াৰ ঔষধৰ সঠিক প্ৰয়োগ আদি কৰি প্ৰতিৰোধ কৰিব পৰা যায় তাৰেই এক যুগন্তকাৰী দৃষ্টিভংগী।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাইড ইষ্ট এন্টাৰটেইন্টমেন্ট প্ৰাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শৰ্মা। তেওঁ যক্ষ্মা ৰোগৰ নিৰাময়ৰ বাবে অসম চৰকাৰ, এইমছকে ধৰি উল্লিখিত প্ৰতিষ্ঠান তথা উদ্যোক্তা সমূহে লোৱা ভূমিকাক ভাল পদক্ষেপ বুলি অভিহিত কৰে।

বিশেষকৈ উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ঔষধৰ সঠিক প্ৰয়োগ হ’লে যক্ষ্মা ৰোগ স্বাভাৱিকতে নিৰ্মূল হোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ৰিণিকি ভূঞা শৰ্মাই সদৰী কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়েও বিভাগীয়ভাৱে প্ৰচেষ্টা হাতত লোৱাৰ কথা ব্যক্ত কৰে।

অনুষ্ঠানত গুৱাহাটী এইমছৰ কাৰ্যবাহী সঞ্চালক অশোক পৌৰাণিক, অধ্যাপক সুভাষ গুপ্তা, নীতি স্থিতিস্থাপক ফাউণ্ডেচনৰ সঞ্চালক নন্দিশ পেথানী, ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চৰ অধ্যক্ষ অশোক কে ভৰতদ্বাজ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক অচ্যুত চন্দ্ৰ বৈশ্য, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ বাবুল কুমাৰ বেজবৰুৱা, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ড° পি  অশোক বাবু সন্মানীয় তথা সমল ব্যক্তি হিচাপে উপস্থিত থাকে।

নমস্য ব্যক্তিসকলে যক্ষ্মা ৰোগ প্ৰতিৰোধৰ বাবে ইউনিভাৰ্চেল ড্ৰাগ সংবেদনশীলতা পৰীক্ষা, (ইউডিএছটি) উন্নীতকৰণ আৰু ফেন’টাইপিক পৰীক্ষাৰ পৰা জিন’মিক পৰীক্ষালৈ পৰিৱৰ্তনৰ ওপৰত বক্তব্য ৰাখি এক সজাগ সৃষ্টিৰ দৃষ্টিভংগী দাঙি ধৰা পৰিলক্ষিত হয় ।

নিয়মীয়া বাৰ্তা, চাংসাৰি, ৩১ অক্টোবৰ

You might also like