নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ দেশত প্ৰতিটো মুহূৰ্ততে বৃদ্ধি পাই আছে ক’ৰোনাত আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা । বিগত ২৪ ঘণ্টাত ১০৬ জনৰ শৰীৰত ধৰা পৰিছে ক’ভিড-১৯ । দেশত আক্ৰান্ত সংখ্যা বৃদ্ধি পাই ১০২৪ হৈছে । বৰ্তমানলৈকে দেশত মুঠ মৃত্যুৰ সংখ্যা হৈছে ২৭ জন ।
ইফালে, সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ৭,০২,৩৬৮ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩৩,১৭৮ গৰাকীকৈ লোক ।
উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত ২১ দিনীয়া লকডাউন ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অসমত বৰ্তমানলৈকে এজনো লোক ক’ৰোনাত আক্ৰান্ত হোৱা নাই যদিও অসম চৰকাৰ স্বাস্থ্যবিভাগে গঢ়ি তুলিছে সকলো ধৰণৰ প্ৰস্তুতি ।