নিয়মীয়া বাৰ্তা, দিখৌমুখ, ২ নৱেম্বৰ : শিৱসাগৰ জিলাৰ বৃহত্তৰ দিখৌমুখ অঞ্চলৰ কুৰিখনতকৈও অধিক গাঁৱৰ ৰাইজৰ সক্রিয় অংশগ্রহণেৰে অঞ্চলটোৰ দিখৌমুখ মিলিত শিল্পী সমাজে উদযাপন কৰি অহা শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱে এইবাৰ ৪১সংখ্যক বৰ্ষত ভৰি দিছে। অন্যান্য বৰ্ষসমূহৰ দৰে এইবাৰো সকলো জাতি-জনগোষ্ঠীৰ সন্মিলিত প্রচেষ্টাত অহা ৪ আৰু ৫ নৱেম্বৰত দিখৌমুখ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহৰ এইবাৰৰ কমলা বড়া সোঁৱৰণী মণ্ডপত দুদিনীয়াকৈ বিস্তৃত আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যসূচীৰে ৰাসলীলা মহোৎসৱ উদযাপনৰ প্রস্তুতি ইতিমধ্যে প্রায় সম্পূর্ণ হৈ উঠিছে।
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তর্পণ আৰু নাম-প্ৰসংগৰে শুভাৰম্ভ হ’ব লগা কাৰ্যসূচীত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো অনুষ্ঠিত হ’ব৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট সাংস্কৃতিক কর্মী ড° সদানন্দ পায়েঙে৷ দুপৰীয়া কৃষ্ণ নৃত্য আৰু বায়ন শম্ভুৰাম হাজৰিকা সোঁৱৰণী দিহানাম প্ৰদৰ্শনৰ অন্তত সন্ধিয়া বহুকেইজন বিশিষ্ট অতিথিৰ উপস্থিতিত প্রথম মিচিং অনাতাঁৰ শিল্পী বলোৰাম মিলি সোঁৱৰণী ৰাসলীলা প্ৰদৰ্শন উদ্বোধন কৰিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাই।
ৰাসোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত পুৱা নাম-প্ৰসংগ, প্ৰয়াত শান্তিৰাম কলিতা সোঁৱৰণী দিহানাম প্ৰদৰ্শনৰ অন্তত সন্ধিয়া সমাজকর্মী প্রবীণ শইকীয়া সোঁৱৰণী ৰাসলীলা প্রদর্শন উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী, অসম চৰকাৰৰ মীন বিষয়া চক্ৰ সিং মিলিয়ে। ইতিমধ্যে এই ৰাস মহোৎসৱ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ সভাপতি বুবুল দত্ত, কাৰ্যকৰী সভাপতি গণেশ মিলি আৰু সম্পাদক ত্ৰিদীপ নন্দন শইকীয়াৰ নেতৃত্বত ৰাইজে দিনে-নিশাই প্রচেষ্টা অব্যাহত ৰাখি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সংশ্লিষ্ট ৰাসোৎসৱৰ দুয়োটা দিনৰ কাৰ্যসূচীত ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি উদ্যোক্তা মণ্ডলীয়ে আন্তৰিকতাৰে কামনা কৰিছে।