নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰিব আমেৰিকাই, মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সদম্ভে ঘোষণা

ডিজিটেল ডেস্ক, ২ নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রই পুনৰ আৰম্ভ কৰিব পাৰমাণৱিক পৰীক্ষণ৷ এয়াৰফ’ৰ্চ ৱানত সাংবাদিকৰ আগত সদম্ভে ঘোষণা কৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷

কিছুদিন পূর্বে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে পেণ্টাগনক সামৰিক পৰীক্ষণ আৰম্ভ কৰিবলৈ নির্দেশ দিয়াৰ পাছত সৃষ্টি হোৱা প্রতিক্রিয়াৰ মাজতেই শুকুৰবাৰে সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত ৰাষ্ট্রপতি ট্রাম্পে আমেৰিকাই পাৰমাণৱিক পৰীক্ষণ পুনৰ আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে৷ সাংবাদিকে ৰাষ্ট্রপতি ট্রাম্পক শীতল যুদ্ধৰ সময়ত আমেৰিকাই ভূগর্ভত পাৰমাণৱিক পৰীক্ষণো চলাব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰ প্রত্যক্ষভাৱে নিদি শীঘ্রেই এই সন্দর্ভত সাংবাদিকে জানিব বুলি মন্তব্য কৰে৷

উল্লেখ্য যে ১৯৪৫ চনৰ পৰা ১৯৯২ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্রই ১০৫৪ পাৰমাণৱিক পৰীক্ষণ চলাইছিল৷ ইয়াৰে অধিকাংশই দেশখনৰ নেভাদাত কৰিছিল৷ কিন্তু পৰিৱেশমূলক বিষয় আৰু শীতল যুদ্ধৰ উত্তেজনা হ্রাস কৰাৰ প্রতি লক্ষ্য ৰাখি মার্কিন চৰকাৰে পাৰমাণৱিক পৰীক্ষণ বন্ধ কৰি ৰাখে৷ বিগত দশক দশক ধৰি এই পাৰমাণৱিক পৰীক্ষণ বন্ধ ৰখাৰ পিছত চীন আৰু ৰাছিয়াৰ সৈতে পাৰমাণৱিক অস্ত্র–শস্ত্রৰ মোকাবিলা কৰিবলৈ নতুনকৈ পাৰমাণৱিক পৰীক্ষণ আৰম্ভ কৰাৰ ঘোষণা কৰিছে ৰাষ্ট্রপতি ট্রাম্পে৷

উল্লেখ্য যে যোৱা বুধবাৰে ৰাষ্ট্রপতি ট্রাম্পে পেণ্টাগনক চীন আৰু ৰাছিয়াৰ সৈতে মিলাকৈ পাৰমাণৱিক অস্ত্রৰ পৰীক্ষণ আৰম্ভ কৰিবলৈ নির্দেশ দিছিল৷ ৰাছিয়া আৰু চীনেই নহয়, বিশ্বৰ আন দেশতকৈ অধিক পাৰমাণৱিক অস্ত্র–শস্ত্রৰ ভঁৰাল থকা আমেৰিকাৰ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে পাৰমাণৱিক অস্ত্র পুনৰ পৰীক্ষণৰ নির্দেশ দিয়াৰ লগতে সাংবাদিকৰ আগত পাৰমাণৱিক পৰীক্ষণৰ সদম্ভ ঘোষণাক লৈ বিশ্বজুৰি প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷

স্মর্তব্য যে ৰাষ্ট্রপতি হিচাপে প্রথমটো কার্যকালত ট্রাম্পে বিধ্বংসী শক্তিসম্পন্ন পাৰমাণৱিক অস্ত্র–শস্ত্রক লৈ উদ্বিগ্ণতা প্রকাশ কৰি এই অস্ত্র–শস্ত্র নির্মাণক লৈ অনীহা প্রকাশ কৰিছিল৷ কিয়নো এই অস্ত্র–শস্ত্রৰ ভঁৰালৰ ক্ষেত্রত আমেৰিকা ৰাছিয়া আৰু চীনতকৈ শীর্ষত আছিল৷ কিন্তু শেহতীয়াভাৱে দুই প্রতিদ্বন্দ্বী ৰাষ্ট্র ৰাছিয়া আৰু চীনে পাৰমাণৱিক অস্ত্র–শস্ত্রৰ পৰীক্ষণ চলোৱা বিষয়টোক লৈ গুৰুত্ব আৰোপ কৰি দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি পদত কার্যনির্বাহ কৰি থকা ট্রাম্পে আমেৰিকায়ো পাৰমাণৱিক অস্ত্র–শস্ত্র পৰীক্ষণৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিকল্পনা গ্রহণ কৰিছে বুলি জনায়৷

You might also like