নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাহৰেইনত দুভৰিৰ চমক দেখুওৱা লখিমপুৰৰ জুবিনক সম্বর্ধনা

বিশেষ বার্তা, লখিমপুৰ ২ নৱেম্বৰ : লখিমপুৰৰ জুবিন গোহাঁয়ে দুভৰিৰ যাদুৰে বাহৰেইনত আঁজুৰি আনিলে ব্রঞ্জৰ পদক৷ ভাৰতক প্রতিনিধিত্ব কৰি সুদূৰ বাহৰেইনত চমক দেখুৱাই ব্রঞ্জৰ পদক আঁজুৰি আনিলে জুবিন গোহাঁয়ে৷

নৱম শ্রেণীত অধ্যয়নৰত জুবিনে বাহৰেইনত অনুষ্ঠিত থার্ড এছিয়া য়ুথ ফেষ্টিভেলত লং জাম্পত তৃতীয় স্থান লাভ কৰি ব্রঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনে৷ জুবিন গোহাঁই হ’ল লখিমপুৰৰ হাৰমতী নিবাসী তৰা গোহাঁইৰ পুত্র৷ উল্লেখ্য যে বাহৰেইনত যোৱা ২২ৰ পৰা ২৭ অক্টোবৰলৈ অনুষ্ঠিত হয় থার্ড এছিয়া য়ুথ ফেষ্টিভেল৷ এই ফেষ্টিভেলত বিশ্বৰ ৪৫খন দেশে অংশগ্রহণ কৰিছিল৷ মুঠ ২১টা ইভেণ্টত খেলসমূহ অনুষ্ঠিত হয়৷ জুবিনে ভাৰতবর্ষক প্রতিনিধিত্ব কৰি লং জাম্পত তৃতীয় স্থান লাভ কৰি ব্রঞ্জৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনে৷ বিশ্বৰ প্রায় দুহেজাৰ খেলুৱৈয়ে সেই ক্রীড়া মহোৎসৱত অংশগ্রহণ কৰিছিল৷ বর্তমান জিন্দাল বিদ্যা মন্দিৰত নৱম শ্রেণীত অধ্যয়নৰত জুবিনে জেএছডব্লিউ কর্ণাটকত সংশ্লিষ্ট ক্রীড়া শৈলীত শিক্ষাগ্রহণ কৰি আছে৷

উল্লেখ্য যে ইয়াৰ পূর্বে জুবিনে ৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাত লং জাম্পত তিনিটাকৈ সোণৰ পদক লাভ কৰে৷ দুভৰিৰ যাদুৰে জগত জিনিবলৈ পণ লোৱা জুবিনৰ মাতৃ এগৰাকী সাধাৰণ মহিলা৷ তেওঁ তাঁতশালত বোৱা-কটা কৰিয়েই তিনিজনীয়া পৰিয়ালটো পৰিচালনা কৰিছে৷ জুবিনসহ তেওঁলোকৰ পৰিয়ালটোৰ একমাত্র আয়ৰ উৎস হল মাতৃ তৰা গোহাঁইৰ তাঁতশালখন৷ তাঁতশালখনৰ আয়ৰ পৰাই তেওঁ জুবিনসহ দুই সন্তানক কেৱল পঢুৱাই নহয়, ক্রীড়া ক্ষেত্রতো পাকৈত কৰি বিশ্বত চিনাকি দিয়াৰ লক্ষ্যৰে আগুৱাই নিছে৷ জুবিনৰ এনে প্রয়াস, মাতৃৰ আশা সফল হওক বুলি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে৷

আজি জুবিনক লখিমপুৰৰ ইনডৰ ষ্টেডিয়ামত সম্বর্ধনা জনোৱা হয়৷ জিলা ক্রীড়া সন্থাই তেওঁক সম্বর্ধনা জনায়৷ অনুষ্ঠানটোত সভাপতিত্ব কৰে লতিফুল আহমেদে৷ সম্বর্ধনা অনুষ্ঠানটোত জিলা ক্রীড়া সন্থাৰ সভাপতি মানৱ ডেকা, কার্যকৰী সভাপতি লতিফুল আহমেদ, সম্পাদক ভৱ গগৈকে আদি কৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে৷ গামোচা, শৰাই, মানপত্র আদিৰে সম্বর্ধনা জনাই সকলোৱে জুবিনক উৎসাহিত কৰে৷

You might also like