২,০০০ টকাত বাংলাদেশীক ভাৰতত প্রৱেশৰ অনুমতি, সীমান্তত ৰক্ষকেই ভক্ষকৰ ৰূপত…
ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : ত্রিপুৰাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তত পহৰাৰ দায়িত্বত থকা একাংশ বিএছএফ জোৱানৰ দায়িত্বজ্ঞানহীনতাৰ ফলতে ভাৰতত অবাধ হাৰত বাংলাদেশীৰ অনুপ্রৱেশ ঘটিছে৷
ত্রিপুৰাৰ বেলাগামত ২,০০০ টকা দিলেই ভাৰতত প্রৱেশৰ অনুমতি দিয়ে সীমান্ত সুৰক্ষা বাহিনীৰ একাংশ জোৱানে৷ এই জোৱানসকলৰ সৈতে একাংশ আৰক্ষী জড়িত হৈ অবৈধ বাংলাদেশীক নির্দিষ্ট বাহনেৰে মূল চহৰসমূহলৈ প্রেৰণৰো ব্যৱস্থা কৰি দিয়ে৷ এই লৈ ত্রিপুৰা সীমান্তৰ বাসিন্দাসকলে বিএছএফৰ বিৰুদ্ধে বিষোদগাৰ প্রদর্শন কৰি আহিছে৷ তেওঁলোকৰ অভিযোগ, সীমান্তৰে খোৱাই মহকুমাত প্রৱেশৰ বাবে বাংলাদেশীৰ প্রতিযোগিতা চলে৷ তেওঁলোকৰ পৰা গাইপতি ২,০০০ টকাকৈ লৈ একাংশ বিএছএফ জোৱানে ভাৰতত প্রৱেশৰ অনুমতি দিয়ে৷ সীমান্তত দালাল চক্র ইমানেই সক্রিয় যে ধনৰ বিনিময়ত অবৈধ বাংলাদেশীক নির্দিষ্ট বাহনেৰে খোৱাই চহৰলৈ আনি গোপনে বিভিন্ন ঠাইলৈ প্রেৰণ কৰে৷ ইয়াৰ পিছত একাংশ স্থানীয় লোকে সন্দেহৱশতঃ দুখন অটোৰিক্সা জব্দ কৰাত প্রায় ১১জন বাংলাদেশীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰে ৬জনে বাংলাদেশৰ পৰা অহা বুলি স্বীকাৰ কৰিলেও বাকী ৫জনৰ ঘৰ শিলচৰত বুলি জনাইছে৷ বাংলাদেশী লোককেইজনে বিএছএফ জোৱানক ২,০০০ টকাকৈ দিয়াৰ কথাটো স্পষ্টকৈ সদৰী কৰে৷
ইফালে, আটক কৰা বাংলাদেশীকেইজনক আদালতত হাজিৰ কৰি জে’ললৈ প্রেৰণ কৰা হয়৷ আৰক্ষীয়ে ধৃত চালককেইজনক জেৰা কৰি এই চক্রটোৰ সৈতে জড়িত আন লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে৷ উল্লেখ্য যে খোৱাই অঞ্চলত ভাৰত–বাংলাদেশৰ প্রায় ৬২ কিলোমিটাৰ আন্তঃৰাষ্ট্রীয় সীমান্ত আছে৷ অঞ্চলটোত কাঁইটীয়া তাঁৰ, চিচি টিভি কেমেৰা আছে যদিও বিএছএফৰ অৱহেলাত সঘনাই অনুপ্রৱেশ হৈ আহিছে৷