নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন, জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

অসমেই এখন এনে ৰাজ্য যি অসম আন্দোলনৰ ৬ বছৰ,অসম চুক্তি হৈ যোৱাৰ পিছত ৪০ বছৰ মুঠ ৪৬ বছৰ নিজৰ মাতৃভূমি ভাষা সংস্কৃতি ৰক্ষাৰ বাবে আন্দোলন কৰি আছে ৷ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ বাবে আন্দোলন কৰিব লগা হোৱা নাই

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ বৰছলাত বৰছলা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ,সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰ আৰু বৃহত্তৰ বৰছলাবাসী ৰাইজৰ সহযোগত সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নৱনিৰ্মিত প্ৰতিমূৰ্তিৰ শুভ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ সভাপতি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। প্ৰতিমূৰ্তিৰ কাষতে নৱনিৰ্মিত জাতীয় শ্বহীদ বেদীৰ শুভ উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।

বৰছলাত সুধাকণ্ঠৰ প্ৰতিমূৰ্তি উন্মোচন কৰি আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ জাতীয় জীৱনৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে জাতীয় শ্বহীদ বেদী নিৰ্মাণ কৰাৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বাবে বৰছলাবাসী ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

লগতে জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সংকল্প লৈ কয় যে জাতীয় শ্বহীদৰ ত্যাগক আমি অথলে যাব নিদিওঁ। অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে খিলঞ্জীয়া ৰাইজৰ প্ৰভুত্ব থাকিব লাগিব ৷সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব৷ আৰু তাৰ উপায় অসম চুক্তিৰ প্ৰত্যেকটো দফা ৰূপায়ণ। সাংবিধানিক ৰক্ষা কবচ লাগিব ,সাংবিধানিক ৰক্ষা কবছৰ বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ সকলো দফা কাৰ্যকৰী হ’ব লাগে। সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে পদক্ষেপ ল’ব লাগিব৷ যেতিয়ালৈকে আমি ৰক্ষাকবছ নাপাও তেতিয়ালৈকে আমি নেৰো৷ কাৰণ ৰক্ষাকবছ আমাৰ প্ৰাপ্য এইটো দয়া মৰম নহয়। ভাৰত বাংলাদেশ সীমান্ত চীল কৰিব লাগে ।৪০ বছৰে চীল কৰিব নোৱাৰাটো কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ অক্ষমণীয় অপৰাধ ৷

এতিয়া অবৈধ বাংলাদেশীৰ লগতে মৌলবাদী সোমাইছে৷ দেশৰ প্ৰতি ভাবুকি ৷গতিকে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ বিৰুদ্ধে চৰকাৰে বিশেষ অভিযান কিয় নচলায় ৷গতিকে এটা SPECIAL OPERATION চলাব লাগে ৷আৰু যেতিয়ালৈকে আমি অসম চুক্তি ৰূপায়ণৰে জ্বলন্ত বিদেশী সমস্যা সমাধান নহয় যেতিয়ালৈকে ৰক্ষা কবছ নাপাও তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব আমি ক্ষান্ত নহওঁ ৷

আৰু এটা কথা ঠিক যে অসমেই এখন এনে ৰাজ্য যি অসম আন্দোলনৰ ৬ বছৰ চুক্তি হৈ যোৱাৰ পিছত ৪০ বছৰ মুঠ ৪৬ বছৰ নিজৰ মাতৃভূমি ভাষা সংস্কৃতি ৰক্ষাৰ বাবে আন্দোলন কৰি আছে ৷ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ বাবে আন্দোলন কৰিব লগা হোৱা নাই ৷ফলাফল আমাৰ প্ৰাপ্য ফলাফল নোপোৱালৈকে আমি নেৰো ৷

ড° ভূপেন হাজৰিকাক আমাৰ মাজত জীয়াই ৰাখিবলৈ পাঠ্যক্ৰমত ভূপেনদাৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে৷ গৱেষণা কৰিবৰ বাবে বিশ্ববিদ্যালয়ত আসন স্থাপন কৰিব লাগে। আন্তঃৰাষ্ট্ৰীয় স্তৰৰ গৱেষণা প্ৰতিষ্ঠান নিৰ্মাণ হ’ব লাগে৷ গুৱাহাটী ৰেল ষ্টেচন ড° ভূপেন হাজৰিকাৰ নামত হ’ব লাগে। মহাৰাষ্ট্ৰই পাৰে আমি কিয় নোৱাৰো৷

ড° ভূপেন হাজৰিকাৰ নামত এখন সাংস্কৃতিক ৰেলৰ ব্যৱস্থা কৰিব লাগে। ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি চিন্তন মনন মন্থন কৰিবলৈ চৰকাৰে বিভিন্ন স্থানত প্ৰেক্ষাগৃহ নিৰ্মাণৰ লগতে বিভিন্ন পদক্ষেপ ল’ব লাগে৷জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী ৷ জুবিন গাৰ্গক ন্যায় দিব লাগিব ৷ ন্যায় কি? ন্যায় হ’ল দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিব লাগিব ৷কেনেকৈ ৷যে তদন্তটো পানী নসৰকা হ’ব লাগিব। আৰু SIT য়ে যিটো তদন্ত কৰি আছে সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া আৰু শক্তিশালী চাৰ্জশ্বিট আদালতত দিব লাগিব যাতে এজনো দোষী আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে।

বৰছলাত নৱনিৰ্মিত জাতীয় শ্বহীদ বেদীৰ শুভ উন্মোচন কৰি আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উৎপল শৰ্মাই অসমৰ জাতীয় জীৱনৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে জাতীয় শ্বহীদ বেদী নিৰ্মাণ কৰাৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বাবে বৰছলাবাসী ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷

তেওঁ সংবাদমাধ্যমত জনায় যে ৰাজ্যৰ শ্বহীদ সকলৰ ত্যাগক অথলে যাব নিদিবলে ছাত্ৰ সন্থা সংকল্পবদ্ধ ৷জাতীয় জীৱনৰ সমস্যাসমূহ সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থা দায়বদ্ধ ৷সময় পাৰ হৈ গৈ আছে, দশকৰ পিছত দশক পাৰ হৈ গৈ আছে কিন্ত অসম আন্দোলনৰ যিসমূহ মূল দাবী আছিল অবৈধ বিদেশী বিতাড়নৰ যিসমস্যা আছিল সমাধানসূত্ৰ ওলোৱা নাই ,অবৈধ বিদেশী চিনাক্তকৰণ হোৱা নাই,ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা নাই ,বহিষ্কৰণ হোৱা নাই ,যেতিয়ালৈকে নহ’ব সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। জাতীয় শ্বহীদৰ শ্বহীদ বেদী উন্মোচন কৰি সেই সংকল্প পুনৰ দোহাৰিছো বুলি কয়।

তেওঁ লগতে কয় যে, অসমত এনেকুৱা এজন ব্যক্তি নোলাব যিগৰাকীয়ে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় কামনা নকৰে ৷প্ৰথম দিনাৰ পৰাই ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিছো ৷এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে এয়া হত্যাকাণ্ড বুলি। মূল কথাটো হৈছে শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব। ন্যায় কেতিয়া পাব যেতিয়া দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব ৷

তাৰ কাৰণে SIT য়ে তদন্ত ক্ষিপ্ৰতাৰে কৰি এখন পানী নসৰকা চাৰ্জশ্বিট দিব লাগিব। যিখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণৰে সৈতে কটকটীয়া হ’ব। আৰু যিখন চাৰ্জশ্বিটত দোষীয়ে আইনৰ সুৰুঙাৰে সাৰি যোৱাৰ কোনো অৱকাশ নাথাকিব। এতিয়া চৰকাৰে কৈ আছে ন্যায় ন্যায়পালিকাই দিব ৷সেই কথাটো অবুজ শিশুৱেও জানে। কিন্ত ন্যায়পালিকাই কেতিয়া ন্যায় দিব পাৰিব যেতিয়া চাৰ্জশ্বিটখন কটকটীয়া হ’ব ৷সাক্ষ্য প্ৰমাণৰ ভিত্তিত মজবুত চাৰ্জশ্বিট হ’ব ৷

গতিকে তথ্য প্ৰমাণৰ ভিত্তিত চাৰ্জশ্বিটখন দাখিল কৰাই চৰকাৰৰ দায়িত্ব নহয় SIT য়ে কৈছে চাৰ্জশ্বিটখন দাখিল কৰাৰ পিছত SPECIAL PUBLIC PROSECUTOR ল’ব লওঁক যিমান ভাল অধিবক্তা তেওঁলোকে মোতায়েন কৰিব বিচাৰে কৰক কিন্ত আইনৰ যুঁজখনত জিকিব লাগিব আৰু দোষী সাব্যস্ত কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব তেতিয়াহে ন্যায় পাব আৰু অসমৰ ৰাইজ আশ্বস্ত হ’ব বুলি কয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই।

ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ সভাপতি ডিম্বেশ্বৰ দাসে আদৰণি ভাষণ প্ৰদান কৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শুকদেৱ অধিকাৰী,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু তথা সাংস্কৃতিক কৰ্মী কাজল বৰাৰ লগতে আছুৰ শোণিতপুৰ জিলাৰ প্ৰতিটো আঞ্চলিকৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে।

বিশেষ বাৰ্তা, ঢেকীয়াজুলি, ৪ নৱেম্বৰ

You might also like