নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোসাঁইগাঁৱত বিদেশী চিগাৰেট জব্দ, দুজন গ্ৰেপ্তাৰ

চিগাৰেটবোৰ চোৰাং ব্যৱসায়ীৰ এটা সংগঠিত নেটৱৰ্কৰ অংশ হিচাপে বিভিন্ন ৰাজ্যলৈ সৰবৰাহ কৰা হৈছিল

কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে এক সফল অভিযান চলাই বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়। অভিযান চলাই আৰক্ষীয়ে MH 12 MV 3914 নম্বৰৰ এখন ট্ৰাক জব্দ কৰে, য’ত গোপনে প্ৰায় ১২ হাজাৰ বিদেশী চিগাৰেট লুকুৱাই আনিছিল।

সূত্ৰ অনুসৰি, চিগাৰেটসমূহ অসমৰ পৰা অন্য ৰাজ্যলৈ চোৰাংকৈ পৰিবহণ কৰা হৈছিল। জব্দ কৰা বিদেশী চিগাৰেটৰ বজাৰ মূল্য ২০ লাখ টকাৰো অধিক বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এই ঘটনাত জড়িত দুজন লোককো গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক দুজন হ’ল — উত্তৰাখন্ডৰ জুল ফিকাৰ আৰু ৰবৰ খান।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, চিগাৰেটবোৰ চোৰাং ব্যৱসায়ীৰ এটা সংগঠিত নেটৱৰ্কৰ অংশ হিচাপে বিভিন্ন ৰাজ্যলৈ সৰবৰাহ কৰা হৈছিল। বৰ্তমান আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে আৰু চোৰাং সৰবৰাহৰ সম্পূৰ্ণ নেটৱৰ্ক উন্মোচনৰ চেষ্টা চলাইছে।

ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ

You might also like