নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাফলঙত চাঞ্চল্য : কাৰাগাৰৰ পৰা পলাল DNAT সদস্য বেটচিং জিদুং

বৰ্তমান কাৰাগাৰত অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীও বন্দী হৈ আছে

হাফলং উপ-কাৰাগাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। আজিৰ প্ৰায় দুপৰীয়া ১২ বজাত কাৰাগাৰৰ পৰা পলাই যায় বেটচিং জিদুং, যাক স্থানীয়ভাৱে “মাষ্টাৰ” বা “জন ডিমাছা জিদুং” নামেৰে জনা যায়।

জিদুং ডিমা নেচনেল আর্মী টাইগাৰ্ছ্‌ (DNAT)-ৰ পূৰ্বৰ সদস্য বুলি জানিব পৰা গৈছে। ঘটনাটোৱে সম্পূৰ্ণ ডিমা হাচাও জিলাত চাঞ্চল্য সৃষ্টি কৰিছে।

সূত্রৰ পৰা জনা মতে, জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰে নাম সাঙোৰ খাই বৰ্তমান কাৰাগাৰত অমৃত প্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীও বন্দী হৈ আছে।

ঘটনাটো সম্পৰ্কে এতিয়ালৈকে কোনো চৰকাৰী ঘোষণা প্ৰকাশ হোৱা নাই। আৰক্ষী আৰু কাৰাগাৰ বিভাগে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক, ৫ নৱেম্বৰ

You might also like