নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমৃতপ্ৰভা মহন্ত-শেখৰজ্যোতি গোস্বামীক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

বিশেষ বাৰ্তা, ৩ অক্টোবৰ : হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। কালি ৬ দিনীয়া মাৰাথন জেৰাৰ অন্তত CID-এ গ্ৰেপ্তাৰ কৰিছিল বাদ্যযন্ত্ৰী শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ছিংগাপুৰত একেলগে আছিল শেখৰজ্যোতি আৰু অমৃতপ্ৰভা। ছিংগাপুৰৰ সাগৰত জুবিন পানীত থকা অৱস্থাত ভিডিঅ’ ৰেক’ৰ্ডিং কৰিছিল অমৃতপ্রভাই। লগতে বাদ্যযন্ত্ৰী শেখৰকো সেই সময়ত সাগৰৰ পানীত সাঁতুৰি থকা দেখা গৈছিল।

কালি নিশা শেখৰ আৰু অমৃতপ্ৰভাক গ্ৰেপ্তাৰ কৰাৰ পিছতে আজি পুৱা চি আই ডিৰ কাৰ্যালয়ৰ পৰা এই দুই অভিযুক্তক CJM আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পিছতে এই দুই অভিযুক্তক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোট, এছআইটিয়ে তদন্ত অব্যাহত ৰাখি কালি পুনৰ চিআইডিৰ উলুবাৰীৰ মুখ্য কার্যালয়লৈ তলব কৰে শিল্পীগৰাকীৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী আৰু সহযোগী শিল্পী অমৃতপ্রভা মহন্তক৷ কালি চতুর্থবাৰলৈ চলোৱা জেৰাৰ অন্তত শিল্পীগৰাকীৰ মৃত্যু সন্দর্ভত ৰুজু হোৱা ১৮/২৫ নম্বৰৰ গোচৰৰ অধীনত দুয়োকে গ্রেপ্তাৰ কৰা হয়৷ ইতিমধ্যে এই ঘটনাৰ অন্যতম দুই অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থও আছে ১৪ দিনৰ আৰক্ষীৰ জিম্মাত।

You might also like