সংকটত সৃষ্টিশীলতা
বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ শিক্ষার্থীসকলক শিক্ষকসকলে প্রায়ে এছাইনমেণ্ট লিখিবলৈ দিয়ে৷ পূর্বেও দিছিল, আজিকালিও দিয়ে৷ অলপতে এজন শিক্ষার্থীয়ে মহাবিদ্যালয়ৰ পৰা দিয়া এছাইনমেণ্ট ঘৰত লিখি আছিল আৰু সকলোবোৰ লিখিছিল কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈ৷ এটা সময়ত এটা এছাইনমেণ্ট লিখিবলৈ সময় লাগিছিল প্রায় ৭ দিন, কিন্তু আজিকালি যিকোনো বিষয়ত এছাইনমেণ্ট দিলেই প্রায় ১–২ দিনতেই সম্পূর্ণ কৰি লিখে৷ এছাইনমেণ্টবোৰত ভুল–ত্রুটিও প্রায়ে নাথাকে৷ এইদৰেই বিশ্ববিদ্যালয়–মহাবিদ্যালয়ৰ সকলো শিক্ষার্থীয়ে যিকোনো গৃহকর্ম কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা তৈয়াৰ কৰে৷ এই কথা শিক্ষকসকলে নজনা নহয়, কিন্তু ইয়াক ৰোধ কৰিব নোৱাৰে বা অসম্ভৱ৷ প্রযুক্তিৰ উন্নয়নৰ লগে লগে শিক্ষার্থীসকলে প্রযুক্তি ব্যৱহাৰ কৰিছে, কিন্তু ই কিদৰে আমাৰ জীৱনত নেতিবাচক প্রভাৱ পেলাব পাৰে সেই দিশবোৰো মন কৰিবলগীয়া৷ পূর্বতে গৃহ কর্ম বা এছাইনমেণ্ট দিলে শিক্ষার্থীসকলে বিষয়বস্তু চাই কিতাপ অধ্যয়ন কৰিব লাগে বা নির্দিষ্ট বিষয়ৰ পাঠটো অধ্যয়ন কৰি লিখিবলৈ চেষ্টা কৰিব লাগে, যাৰ বাবে সময়ৰ প্রয়োজন হৈছিল৷ সময়ৰ লগে লগে পঢ়ি যোৱাৰ বাবে বিষয়বস্তুৰ ওপৰত এটা ধাৰণাও গঢ় লৈ উঠিছিল, কিন্তু কৃত্রিম বুদ্ধিমত্তা অহাৰ পিছত আজিকালি পঢ়িবলৈ সময় নাই, নির্দিষ্ট বিষয়টো লিখি দিলেই বিষয়টো সম্পর্কে বর্ণনা কৰি দিয়ে৷ যিটো চাই তাৎক্ষণিকভাৱে শিক্ষার্থীজনে লিখিব পাৰে৷ এই ব্যৱস্থাই শিক্ষার্থীসকলৰ মনঃস্তাত্ত্বিক দিশত বহুখিনি নেতিবাচক প্রভাৱ পেলাইছে বুলি ধাৰণা কৰিব পাৰি৷ কেৱল শিক্ষার্থীসকলৰ ক্ষেত্রতেই যে নেতিবাচক প্রভাৱ পৰিছে তেনে নহয়, সাহিত্য, গীত, ছবি, নিয়োগৰ ক্ষেত্রখনতো নেতিবাচক প্রভাৱ পৰা দেখা গৈছে৷ পূর্বতে এজন লেখকে মাহত বা সপ্তাহত তিনিটামান লেখা লিখিব পাৰিছিল, কিন্তু প্রযুক্তিৰ যুগত এজন লেখকে দৈনিক এটাকৈ লেখা লিখে৷ এই কথাবোৰ ৰাষ্ট্রীয় পর্যায়তো চর্চা হোৱা দেখিবলৈ পোৱা গৈছে৷
এজন লেখকে ভিন্ন বিষয় লৈ দৈনিক লিখিবলৈ হ’লে অধ্যয়নৰ সময়, অন্যান্য কামবোৰ কিদৰে সম্পন্ন হয়, এই কথাবোৰো চিন্তানীয় বিষয়৷ বহু সময়ত লেখাবোৰ পঢ়িলেই অনুমান কৰিব পৰা যায় যে লেখাটো কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত লিখা হৈছে৷ সাহিত্যৰ ক্ষেত্রখনতো কৃত্রিম বুদ্ধিমত্তাৰ সহায় লৈ সাহিত্য সৃষ্টি কৰিব পৰা এক পৰিৱেশ সৃষ্টি হৈছে৷ মাউছৰ ক্লিকত আজিকালি যে সহজতে সকলো উপলব্ধ, সকলো কৰিব পাৰি৷ কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত মডেল সৃষ্টি কৰিব পাৰি, কবিতা লিখিব পাৰি, সংগীত, ছবিৰ বহুতো কাম কৰিব পাৰি৷ বাস্তৱ পৃথিৱীখনত যদি সঁচাকৈ সৃষ্টিশীল মন এটা নোহোৱাকৈ সাহিত্য সৃষ্টি কৰিব পাৰি, নপঢ়াকৈ লেখক হ’ব পাৰি, মডেল, ফটোগ্রাফাৰ নোহোৱাকৈ যদি সকলো সম্ভৱ হয়, তেনেহ’লে ভৱিষ্যৎ এই পৃথিৱীখন কি ধৰণৰ হ’ব, চিন্তনীয় নহয়নে? ২০২৫ চনৰ জুন মাহৰ কথা৷ দ্য ভেলভেট ছানডাউন নামৰ এটা বেণ্ড স্পটিফাইত হঠাৎ জনপ্রিয় হৈ পৰিছিল৷ তেওঁলোকৰ ‘ডাষ্ট অন দ্য উইণ্ড’ গীতটো শুনি সকলো আচৰিত হৈছিল৷ সকলো অনুসন্ধান কৰিবলৈ লাগি গৈছিল যে এই গীতটোৰ সৈতে কোন জড়িত, কোনে গাইছে? কিন্তু আচৰিত কথা যে এই বেণ্ডটোৰ কোনো অস্তিত্ব নাই৷ কোনো গায়ক, সুৰকাৰ নাই৷ গীতৰ কথা, সুৰ, কণ্ঠ, আনকি বেণ্ডৰ সদস্যসকলৰ ছবিও কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত নির্মিত৷ এই বেণ্ডৰ শ্রোতাৰ সংখ্যা এতিয়া মাহত ৯ লাখ অতিক্রম কৰিছে৷ এই বেণ্ডটোৰ বায়’ত লিখা আছে– ভেলভেট ছানডাউন হৈছে মানুহে পৰিচালনা কৰা এক কৃত্রিম সংগীত প্রকল্প৷ সৃষ্টিশীল পৰিচালনা, ৰচনা, কণ্ঠ, ভিডিঅ’ত দেখুওৱা সকলো দৃশ্যপটত আছে মানৱীয় স্পর্শ৷ কৃত্রিম বুদ্ধিমত্তাৰ প্রভাৱক লৈ প্রথমে আতংকিত হৈ পৰিছিল আইটি খণ্ড৷ আইটি খণ্ডত বহু লোকক চাকৰিৰ পৰা বর্খাস্ত কৰাৰো বাতৰি পোৱা গৈছিল৷ আইটি কোম্পানীবোৰত এআয়ে সকলো ক্ষেত্রতে বহু দ্রুত আৰু কম খৰচতে কাম কৰিবলৈ সক্ষম হৈছে, যাৰ বাবে নিয়োগৰ সম্ভাৱনা হ্রাস পাইছে৷ ফিউচাৰ অৱ জবছ ৰিপ’ৰ্টছ অনুযায়ী– প্রযুক্তিৰ বাবে ২০৩০ চনৰ ভিতৰত ৯.২ কোটি চাকৰিৰ সুযোগ হ্রাস পাব৷ বর্তমান সময়ত এআইক অস্বীকাৰ কৰাটো সম্ভৱ নহয়৷ প্রযুক্তিৰ এই নতুন অধ্যায়টো কামৰ প্রয়োজন অনুসৰি ব্যৱহাৰ কৰিব লাগিব৷ লেখকসকলে তথ্য সংগ্রহ কৰিব পাৰে, কিন্তু লেখাবোৰ সম্পূূর্ণ নিজেই লিখিব লাগিব৷ তথ্যৰ সত্যতা নিজেই বিচাৰিবও লাগিব৷ মুঠতে সময়ৰ লগে লগে প্রযুক্তি ব্যৱহাৰ কৰিব লাগিব, কিন্তু মনত ৰাখিব লাগিব, যাতে কোনো কাৰণতে সৃষ্টি–চিন্তাৰ গভীৰতা নোহোৱা হৈ নাযায়৷