নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় বলিং ধুমুহাত ধূলিসাৎ অষ্ট্ৰেলিয়া : শৃংখলাত অগ্ৰগতি মেন ইন ব্লুৰ

ৱাশ্বিংটন সুন্দৰ, শিৱম ডুবে আৰু অক্ষৰ পেটেলৰ বলিঙে অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপ ভাঙি পেলায়। তিনিওৱে ক্ৰমে ডুবেই ২টা, পেটেলে ২টা আৰু সুন্দৰে ৩টা উইকেট দখল কৰে।

চতুৰ্থ টি-২০ত ভাৰতীয় দলে অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাজিত কৰি পাঁচখন খেলৰ টি-২০ শৃংখলাত ২-১ৰ অগ্ৰগতি লাভ কৰিছে। খেলখনত প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ১৬৭ ৰানৰ বিজয় লক্ষ্য বান্ধি দিছিল কেংগাৰু বাহিনীক। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়া ১১৯ ৰানত অলআউট হয়।

ভাৰতৰ বলাৰ ৱাশ্বিংটন সুন্দৰে খেলখনত সুন্দৰ প্ৰদৰ্শন কৰে— তেওঁ মাত্ৰ ৮টা বলত ৩টা উইকেট দখল কৰি ভাৰতীয় বিজয়ৰ পথ প্ৰশস্ত কৰে।

ভাৰতীয় ইনিংছত শুভমনৰ গিল ৪৬ ৰান আৰু অভিষেক শৰ্মাই ২৮ ৰানৰ ইনিংছ খেলে। অধিনায়ক সূৰ্যকুমাৰ যাদবে ১০টা বলত ২০ ৰানৰ ইনিংছ খেলি দলক শক্তিশালী আৰম্ভণি দিয়ে। যদিও বাকী বেটচমানসকলে বিশেষ প্ৰভাৱ পেলাব নোৱাৰিলে।

অষ্ট্ৰেলিয়াৰ ইনিংছত এটা সময়ত দলখন ১টা বিকেটত ৬৭ ৰানত ভাল অৱস্থানত আছিল। কিন্তু তাৰ পিছত ভাৰতীয় বলাৰসকলৰ তীব্ৰ বলিঙৰ আগত সম্পূৰ্ণ তচনত হৈ পৰে। আৰু পৰাজয় স্বীকাৰ কৰে।

ৱাশ্বিংটন সুন্দৰ, শিৱম ডুবে আৰু অক্ষৰ পেটেলৰ বলিঙে অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপ ভাঙি পেলায়। তিনিওৱে ক্ৰমে ডুবেই ২টা, পেটেলে ২টা আৰু সুন্দৰে ৩টা উইকেট দখল কৰে।

উল্লেখ্য যে প্ৰথমখন টি-২০ পৰিত্যক্ত হোৱাৰ পিছত ভাৰতে ২খনত জয় আৰু অষ্ট্ৰেলিয়াই এখনত জয়লাভ কৰে। সেয়ে পঞ্চম তথা শেষৰ খেলত ভাৰত জয়ী হলে শৃংখলা দখল কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াই জয়লাভ কৰে শৃংখলা ড্ৰ হিচাপে বিবেচিত হব।

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ

You might also like