হাতী-ৰ আক্ৰমণত প্ৰাণ গ’ল দুই মহিলাৰ, ব্যৰ্থ বন বিভাগ
বন বিভাগো ব্যৰ্থ হৈছে বনৰীয়া হাতীৰ জাকটো নিয়ন্ত্ৰণ কৰাত। মঙ্গলবাৰে হাতীৰ আক্ৰমণত দুজনকৈ লোকৰ মৃত্যুত জালাহবস্তি অঞ্চলত শোকৰ ছাঁ পৰিছে
বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজনকৈ লোকৰ।মঙ্গলবাৰে সন্ধিয়া সাতমান বজাত জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে বাক্সা জিলাৰ জালাহবস্তি গাঁৱৰ ৰাণী হাচদা আৰু পৰমেশ্বৰ বাস্কীক।
প্ৰতিটো দিনতেই বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ বলি হৈছে অঞ্চলটোৰ ৰাইজ।সুৱনখাটা, খৈৰাণী, বড়িকাদাঙা, শিমলাবাৰী আদি অঞ্চলত বনৰীয়া হাতীয়ে বহুদিন ধৰি বিচৰণ কৰি মানুহৰ ঘৰ, ৰান্ধনীশালৰ ক্ষতি কৰাৰ লগতে কৃষিপথাৰৰ ধান খাই উদং কৰিছে।
বন বিভাগো ব্যৰ্থ হৈছে বনৰীয়া হাতীৰ জাকটো নিয়ন্ত্ৰণ কৰাত। মঙ্গলবাৰে হাতীৰ আক্ৰমণত দুজনকৈ লোকৰ মৃত্যুত জালাহবস্তি অঞ্চলত শোকৰ ছাঁ পৰিছে।
অভিযোগ উত্থাপন হৈছে যে ঘটনা সম্পৰ্কে বন বিভাগক জনোৱাৰ পিছতো বাহন নথকাৰ অজুহাত দি এইপৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগৰ লোক।
বন বিভাগৰ অৱহেলাৰ বাবে এনে ঘটনা হোৱা বুলি কয় ভুক্তভোগী ৰাইজে।
ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ