দিল্লী বিস্ফোৰণক লৈ ফেচবুকত বিতৰ্কিত মন্তব্য দি আটক হাইলাকান্দিৰ ফৰিদ
অসম আৰক্ষীৰ চাইবাৰ চেলে পোষ্টটো লক্ষ্য কৰি বিষয়টোক সংবেদনশীল হিচাপে চিহ্নিত কৰাৰ পাছত লালা আৰক্ষীয়ে নিশা অভিযান চলাই তেওঁক আটক কৰে
দিল্লীৰ সাম্প্ৰতিক বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যম ফেচবুকত বিতৰ্কিত আৰু সাম্প্ৰদায়িক সংবেদনশীল মন্তব্য কৰাৰ অভিযোগত হাইলাকান্দিৰ লালা আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
যুৱকজনৰ নাম ফৰিদ উদ্দিন লস্কৰ, যি লালা থানাৰ অন্তৰ্গত ৰংপুৰ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, ফৰিদে ফেচবুকত দিল্লী বিস্ফোৰণ সম্পৰ্কে এনে মন্তব্য কৰিছিল যি সমাজত উত্তেজনা সৃষ্টি কৰাৰ সম্ভাৱনা আছিল।
অসম আৰক্ষীৰ চাইবাৰ চেলে পোষ্টটো লক্ষ্য কৰি বিষয়টোক সংবেদনশীল হিচাপে চিহ্নিত কৰাৰ পাছত লালা আৰক্ষীয়ে নিশা অভিযান চলাই তেওঁক আটক কৰে।
আৰক্ষীৰ সূত্ৰে জনোৱা মতে, তেওঁৰ বিৰুদ্ধে সমাজত বিভেদ সৃষ্টি আৰু সামাজিক মাধ্যমৰ জৰিয়তে ভ্ৰান্ত তথ্য প্ৰচাৰৰ অভিযোগত প্ৰাসংগিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
ফৰিদ উদ্দিন লস্কৰক আজি হাইলাকান্দি চীফ জুডিচিয়েল মেজিষ্ট্ৰেট (CJM) আদালতত হাজিৰ কৰা হ’ব বুলি আৰক্ষীয়ে জনাইছে।
ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ