বাক্সাত জুবিন গাৰ্গ-ৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা, বাহন জ্বলাই ক্ষোভ জনতাৰ
ক্ষুব্ধ জনতাই জ্বলাই দিয়ে দুখন বাহন আৰু আৰক্ষীৰ বাহনলৈ নিক্ষেপ কৰে শিলগুটি। উত্তেজিত জনতাৰ আক্ৰমণত একাধিক সাংবাদিক আৰু আৰক্ষী বিষয়া আহত হৈছে।
বাক্সাত জুবিন গাৰ্গ-ৰ অকাল মৃত্যুৰ ঘটনাৰ অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰলৈ লৈ যোৱাৰ পাছতেই বিস্ফোৰিত হ’ল ৰাইজৰ ক্ষোভ। কাৰাগাৰৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি।
ক্ষুব্ধ জনতাই জ্বলাই দিয়ে দুখন বাহন আৰু আৰক্ষীৰ বাহনলৈ নিক্ষেপ কৰে শিলগুটি। উত্তেজিত জনতাৰ আক্ৰমণত একাধিক সাংবাদিক আৰু আৰক্ষী বিষয়া আহত হৈছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ পৰা বাহিৰ হোৱাত কৰ্তব্যৰত আৰক্ষীয়ে লাঠীচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰে। উত্তেজিত ৰাইজৰ আক্ৰমণৰ পৰা প্ৰাণ বচাবলৈ কেতিয়াবা দলঙৰ তলত সোমাবলগীয়া পৰিস্থিতিত পৰে আৰক্ষী।
পৰিস্থিতি অধিক জটিল হোৱাৰ পাছত আৰক্ষীয়ে জনতালৈ লক্ষ্য কৰি গুলী চালনা কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰলৈ লৈ যোৱাৰ পাছতেই বাক্সা জিলা কাৰাগাৰ উত্তপ্ত হৈ পৰে।
উল্লেখযোগ্য যে ৰাজ্যজুৰি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বাক্সাত দেখা দিছে এই ভয়াৱহ পৰিস্থিতি। কাৰণ আজি আদালতে পাঁচ অভিযুক্তক ন্যায়িক জিম্মালৈ দিয়াত তেওঁলোকক বাক্সাৰ নৱনিৰ্মিত আটকধুনীয়া কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰু তাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ