নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰিয়াৰ বচাবলৈ ঘৰুৱা ক্রিকেট খেলিব লাগিব টীম ইণ্ডিয়াৰ দুই ছুপাৰষ্টাৰে

নিউজ ডেস্ক, ১৩ নৱেম্বৰ : টীম ইণ্ডিয়াৰ দুই ছুপাৰষ্টাৰে ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে যদি জাতীয় দলত খেলিব লগা হয়, তেন্তে দুয়োজনে নিশ্চিতভাৱে ঘৰুৱা ক্রিকেটত নিয়মীয়াকৈ অংশগ্রহণ কৰিব লাগিব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে এই কথা স্পষ্ট কৰি দিছে তাৰকা ক্রিকেটাৰ দুগৰাকীক৷ ইতিমধ্যে টেষ্ট আৰু টি–২০ৰ পৰা অৱসৰ গ্রহণ কৰা ৰোহিত আৰু কোহলিয়ে এদিনীয়া ক্রিকেটত ভাৰতীয় দলটোক প্রতিনিধিত্ব কৰি আহিছে৷

জানিব পৰা মতে, ৰোহিত শর্মাই ব’ৰ্ডৰ এই কথাত সন্মতি দিছে যদিও কোহলিয়ে এই সন্দর্ভত এতিয়ালৈকে কোনো মন্তব্য আগবঢ়োৱা নাই৷ ডিচেম্বৰৰ শেষ সপ্তাহৰ পৰা আৰম্ভ হ’ব বিজয় হাজাৰে ট্রফী৷ এদিনীয়া ফর্মেটৰ প্রতিযোগিতাখনত দুয়োগৰাকী তাৰকাই খেলাটো বিচাৰিছে ব’র্ডে৷ ব’ৰ্ডৰ এক সূত্রই সংবাদ মাধ্যমক জনোৱা মতে, ব’ৰ্ড আৰু দল পৰিচালনা সমিতিয়ে দুয়োকে জনাইছে যে ভাৰতৰ হৈ খেলিবলৈ ঘৰুৱা ক্রিকেট খেলিব লাগিব৷ মেচ ফিট হৈ থাকিবলৈ দুয়োৱে ঘৰুৱা ক্রিকেট খেলিব লাগিব৷ ইতিমধ্যে ৰোহিত শর্মাই বিজয় হাজাৰে ট্রফীত খেলিব বুলি মুম্বাই ক্রিকেট সন্থাক অৱগত কৰিছে৷ আনহাতে, কোহলি সন্দর্ভত দিল্লী ক্রিকেট সন্থাৰ পৰা কোনোধৰণৰ খবৰ অহা নাই৷

উল্লেখ্য যে টীম ইণ্ডিয়াই দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে ৩–৯ ডিচেম্বৰত এদিনীয়া শৃংখলাত অংশগ্রহণ কৰিব আৰু এই শৃংখলাটোত ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ অংশগ্রহণ সন্দর্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই বিচিচিআয়ে৷

You might also like