দিল্লীৰ বোমা বিস্ফোৰণকাৰীক সমৰ্থন : কংগ্ৰেছী বিধায়কৰ আত্মীয়ক আটক
বৰপেটাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ মোমায়েকৰ পুতেক ৰকিবুল চুলতানে দিল্লী বিস্ফোৰণত জড়িত জেহাদীক সমৰ্থন জনাই সামাজিক মাধ্যমত দিছিল পোষ্ট
দিল্লী বিস্ফোৰণত জড়িত জেহাদী সমৰ্থনকাৰীৰ বিৰুদ্ধে অভিযান চলাইছে বৰপেটাৰোড আৰক্ষীয়ে। অভিযানত বৰপেটাৰোডত এজন জেহাদী সমৰ্থনকাৰীক গ্ৰেপ্তাৰ কৰে বৰপেটাৰোড আৰক্ষীয়ে।
জেহাদী সমৰ্থনকাৰীজনৰ নাম ৰকিবুল চুলতান ৷ বৰপেটাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ মোমায়েকৰ পুতেক ৰকিবুল চুলতানে দিল্লী বিস্ফোৰণত জড়িত জেহাদীক সমৰ্থন জনাই সামাজিক মাধ্যমত দিছিল পোষ্ট।
বৰপেটাৰোড আৰক্ষীয়ে জেহাদী সমৰ্থনকাৰী ৰকিবুল চুলতানক গ্ৰেপ্তাৰ কৰিছে। জেহাদীক সমৰ্থন কৰি সামাজিক মাধ্যমত পোষ্ট দি গ্ৰেপ্তাৰ হোৱা ৰকিবুল চুলতানৰ ঘৰ বৰপেটাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ নিজ গাঁও গান্ধাৰীপাৰাত বুলি জানিব পৰা গৈছে।
ডিজিটেল ডেস্ক, ১৩ নৱেম্বৰ