নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইডেনত ভাৰতৰ লজ্জাজনক পৰাজয় : দক্ষিণ আফ্ৰিকাৰ হাৰ্মাৰৰ ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ

ডিজিটেল ডেস্ক, ১৬ নৱেম্বৰ : ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল ভাৰত। ঘৰুৱা মাটিত ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়। দক্ষিণ আফ্ৰিকাই জয়ৰ বাবে বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলটোৱে মাত্ৰ ৯৩ ৰান সংগ্ৰহ কৰি লজ্জাজনক পৰাজয়ৰ সন্মুখীন হয়। দক্ষিণ আফ্ৰিকাৰ বলাৰ হাৰ্মাৰৰ ঘূৰ্ণিত ভাৰতীয় বেটিং তচনচ হৈ পৰে। ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টত ভাৰতীয় দলটো ৩০ ৰানত পৰাজিত হোৱাৰ লগে লগে শৃংখলাত দক্ষিণ আফ্ৰিকাই ১-০ত অগ্ৰগতি লাভ কৰে।

৬ বছৰৰ পাছত ইডেনলৈ ঘূৰি আহিছিল টেষ্ট ক্ৰিকেট। তাৰ মাজতে এক উত্তেজনাৰ সৃষ্টি হৈছিল। বগা কাপোৰ পিন্ধিও ক্ৰিকেটৰ স্বৰ্গ ৰঙীন হৈ পৰিছিল। প্ৰটিয়াছৰ অধিনায়ক টেম্বা বাভুমাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম দিনাই বিশ্ব চেম্পিয়ন দক্ষিণ আফ্ৰিকাৰ প্ৰথম ইনিংছ সমাপ্ত হৈছিল মাত্ৰ ১৫৯ ৰানত। য’ত ভাৰতৰ যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰে। সেই সময়ত এনে লাগিছিল যেন টেষ্টখনত ভাৰতৰ জয় একেবাৰে সহজ হ’ব। আনকি বাভুমাৰ বেটিং কৰাৰ সিদ্ধান্তক লৈও প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু ভাৰতৰ বেটিং ব্যৰ্থতাৰ বাবে ভাৰতে প্ৰথম ইনিংছত কেৱল ১৮৯ ৰানহে কৰিবলৈ সক্ষম হয়। অৱশ্যে ভাৰতীয় অধিনায়ক শুভমন গিলে আঘাতৰ বাবে বেটিং কৰিব নোৱাৰিলে। দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই ১৫৯ ৰান কৰাত ভাৰতীয় দলটোৰ বাবে জয়ৰ লক্ষ্য ১২৪ নিৰ্ধাৰিত হয়। আঘাতপ্ৰাপ্ত অধিনায়ক শুভমন গিলৰ অনুপস্থিতিত ভাৰতীয় দলটোৱে এই সহজ লক্ষ্যও অতিক্ৰম কৰিবলৈ সক্ষম নহ’ল। ১২৪ ৰানৰ সহজ জয়ৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ভাৰতীয় দলটোৱে মাত্ৰ ৯৩ ৰানহে কৰিবলৈ সক্ষম হয়। ফলত ভাৰতীয় দলটোৱে ইডেন গাৰ্ডেনত অনুষ্ঠিত প্ৰথমখন টেষ্টত ৩০ ৰানত লজ্জাজনৰ পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়।

প্ৰথম ইনিংছ
দক্ষিণ আফ্ৰিকা : ১৫৯/১০ (মাৰ্কৰাম-৩১, বুমৰাহ ২৭/৫, কুলদীপ ৩৬/২)
ভাৰত : ১৮৯/১০ (ৰাহুল-৩৯, হাৰ্মাৰ-৩০/৪)
দ্বিতীয় ইনিংছ
দক্ষিণ আফ্ৰিকা : ১৫৩/১০ (বাভুমা-৫৫, জাদেজা-৫০/৪, কুলদীপ-৩০/২)
ভাৰত : ৯৩/১০ (ৱাশ্বিংটন ৩১, হাৰ্মাৰ ২১/৪)

You might also like