BSNL ৰ বিনামূলীয়া ভেলিডিটী অফাৰ ২০ এপ্ৰিললৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ বিএছএনএলে লকডাউনৰ সময়ছোৱাত গ্ৰাহকৰ বাবে বিনামূলীয়া ভেলিডিটী অফাৰ আগবঢ়াইছে ।
অৰ্থাৎ এই সময়ছোৱাত অহা ২০ অপ্ৰিল পৰ্যন্ত কোনো ধৰণৰ নতুনকৈ ৰিছাৰ্চ নকৰাকৈয়ে ভেলিডিটীৰ সুবিধা লাভ কৰিব । আনকি জিৰ’ বেলেঞ্চ থকালৈকে ১০ টকাৰ ফ্ৰী টক টাইম লাভ কৰিব ।
ইনকামিং কলৰ সুবিধাও পূৰ্বৰ দৰে একেৰূপত গ্ৰাহকে লাভ কৰি থাকিব । বিএছএনএলৰ এমিডি প্ৰবীণ কুমাৰ পুৰবাৰে এই সুবিধাৰ কথা উল্লেখ কৰাৰ লগতে ৰিছাৰ্চৰ বাবে প্ৰয়োজনত বিএছএনএলৰ ডিজিটেল প্লেটফৰ্মৰ সুবিধা ল’বলৈও আহ্বান জনাইছে ।