নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ নিছিলামাৰীত চোৰাং গৰুসহ আটক দুই সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৭ নৱেম্বৰ : কামৰূপৰ মন্দিৰা আৰক্ষীয়ে চোৰাং গৰু ব্যৱসায়ৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলায় | অভিযানত ১২টাকৈ চোৰাং গৰুসহ দুজনক আটক কৰে আৰক্ষীয়ে |

মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় গৰুকেইটা ৷ লগতে আৰক্ষীয়ে আটক কৰিছে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুই সৰবৰাহকাৰীক | ধৃত দুই সৰবৰাহকাৰী ঝাওকাটাদিয়াৰ চাত্তাৰ আলী আৰু মালিবাৰীৰ আবেদ আলী | আটকাধীন দুই সৰবৰাহকাৰীয়ে সদৰী কৰা অনুসৰি গৰু ব্যৱসায়ী চাহেব আলীৰ নেতৃত্বত চলি আহিছিল এই চোৰাং গো ব্যৱসায় |

ইতিমধ্যে আৰক্ষীয়ে দুই সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ কৰাৰ লগতে জব্দ কৰা গৰুকেইটা গোশালালৈ প্ৰেৰণৰ দিহা কৰে | জব্দকৃত গৰুকেইটা মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ সন্দেহ কৰা হৈছে ৷

You might also like