মৰিগাঁৱৰ শিলপুখুৰী-ত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ
- মৰিগাঁৱৰ শিলপুখুৰী গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে এটা মৃতদেহ।
- গাঁওখনৰ এটা পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
- স্থানীয় ৰাইজে মৃতদেহটো প্ৰতক্ষ্য কৰি আৰক্ষীক খবৰ দিয়ে।
- ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী আৰু SDRF বাহিনীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেটো।
- উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় জানিব পৰা হোৱা নাই ।
- ৰাইজৰ সন্দেহ কোনো লোকে হত্যা কৰি পুখুৰীত পেলাই থৈ যোৱাৰ।
- ইফালে বৰিবজাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।
ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ