নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৮ বছৰৰ অন্তত ফিফা বিশ্বকাপলৈ টিকট স্কটলেণ্ডৰ

নিউজ ডেস্ক, ২০ নৱেম্বৰ : সুদীর্ঘ ২৮ বছৰৰ অন্তত ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিলে স্কটলেণ্ডে৷ গ্লাছগ’ত মঙলবাৰে নিশা অনুষ্ঠিত গ্রুপ চিৰ অন্তিমখন লীগ মেচত স্কটলেণ্ডে ডেনমার্কক ৪–২ গ’লত পৰাস্ত কৰি বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে৷

মন কৰিবলগীয়া যে ১৯৯৮ চনত স্কটলেণ্ডে অন্তিমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবলৰ মূল ৰাউণ্ডত অংশগ্রহণ কৰিছিল৷ ইফালে, স্পেইন, বেলজিয়াম, ছুইজাৰলেণ্ড আৰু অষ্ট্রিয়ায়ো ফিফাৰ সন্মানীয় প্রতিযোগিতাখনলৈ যোগ্যতা অর্জন কৰিছে৷ মঙলবাৰে নিশা অনুষ্ঠিত গ্রুপ ইৰ অন্তিমখন মেচত স্পেইনে তুৰস্কৰ বিপক্ষে ২–২ গ’লত ড্র খেলি বিশ্বকাপলৈ টিকট কাটে৷

আনহাতে, গ্রুপ জেৰ অন্তিমখন মেচত বেলজিয়ামে লিচেনষ্টাইনক ৭–০ গ’লত বিধ্বস্ত কৰি বিশ্বকাপৰ মূল ৰাউণ্ডত খেলাৰ যোগ্যতা অর্জন কৰে৷ ছুইজাৰলেণ্ডে গ্রুপ ডিৰ অন্তিমখন মেচত কছ’ভ’ৰ বিপক্ষে ১–১ গ’লত ড্র আৰু অষ্ট্রিয়াই গ্রুপ এইচৰ অন্তিমখন মেচত বছনিয়া এণ্ড হার্জেগভিনাৰ বিপক্ষে ১–১ গ’লত ড্র খেলি যোগ্যতা অর্জন কৰে৷

You might also like