নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই ৰাজমিস্ত্ৰীৰ দুহাজাৰ কিলোমিটাৰজোৰা পদযাত্ৰা

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে যোৱা ২৪ মাৰ্চত ২১ দিনীয়া দেশজোৰা লকডাউন ঘোষণা কৰাত হাজাৰ হাজাৰ লোক সমস্যাৰ সন্মুখীন হৈছে । কৰ্ণাটকৰ বেংগালুৰুত ৰাজমিস্ত্ৰী হিচাপে জীৱন নিৰ্বাহ কৰি থকা ৰাজস্থানৰ এজন ব্যক্তিয়ে লকডাউনৰ সময়ত ২,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি চাৰিখন ৰাজ্যৰ মাজেৰে নিজ গৃহলৈ যাব লগাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । হঠাতে ৰেল আৰু পথ পৰিবহণ বন্ধ হৈ পৰাৰ বাবে বহু লোকে দেশৰ বিভিন্ন স্থানৰ পৰা দিনে-নিশাই খোজকাঢ়ি নিজ গৃহলৈ যাত্ৰা কৰিবলগীয়া হৈছে ।

বেংগালুৰুত কৰ্মৰত ৰাজমিস্ত্ৰী বিজা ৰাম আৰু তেওঁৰ সংগী বানৱাৰিয়ে ২৪ মাৰ্চত লকডাউন ঘোষণা কৰাৰ পাচতেই কৰ্ণাটকৰ পৰা মহাৰাষ্ট্ৰ, গুজৰাট আৰু ৰাজস্থানৰ মাজেৰে নিজ গৃহ যোধপুৰলৈ যাত্ৰা আৰম্ভ কৰিছিল । বেংগালুৰু-মুম্বাই হাইৱে চাৰিদিনত অতিক্ৰম কৰাৰ পাচত সোমবাৰে পুৱা দুয়োজন ব্যক্তি মুম্বাইত উপস্থিত হয়হি । মুম্বাইৰ পৰা তেওঁলোকে পুনৰ মুম্বাই-আহমেদাবাদ হাইৱেযোগে খোজকাঢ়ি ৰাজস্থানলৈ যাত্ৰা আৰম্ভ কৰিছে । লকডাউন ঘোষণা কৰাৰ পাচতেই প্ৰতিখন ৰাজ্যৰ সীমান্ত আৰু জিলাৰ সীমা ছীল কৰি দিয়াৰ পাচত বিজা ৰাম আৰু বানৱাৰিক বহু ঠাইত আৰক্ষীয়ে হকা-বাধা দিছিল । কিন্তু পেচাত কাঠমিস্ত্ৰীবিজা ৰামে কয় – বেংগালুৰুৰ পৰা যাত্ৰা কৰিবলৈ মোৰ আৰু আন পথ নাই । খাদ্য ক্ৰয় কৰিবলৈ মোৰ হাতত টকা নাই আৰু পৰিয়ালৰ লোকসকল মোক লৈ অত্যন্ত চিন্তিত ।

উল্লেখ্য যে, এই দুয়োজন ব্যক্তিৰ ভৰিত নাই এযোৰ চেণ্ডেল তেওঁলোকৰ ভৰিৰ পতা খোজাকাঢ়োতে ফাটি তেজ ওলাইছে । তথাপি ঘৰমুখী যাত্ৰা অব্যাহত ৰাখিছে । এই যাত্ৰাত ৫০ কিলোমিটাৰ খোজকঢ়াৰ পাচতহে সামান্য জিৰণি লয় লোক দুজনে ।

You might also like