নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূপাল-ত উজলিল নীলাভ নিবিড় কলিতা

মহৰ্ষি ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱত বিজ্ঞান প্ৰকল্প প্ৰদৰ্শনীত ছিনিয়ৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ

মহৰ্ষি বিদ্যা মন্দিৰ বিদ্যালয়সমূহৰ দ্বাৰা যোৱা ১১, ১২ আৰু ১৩ নৱেম্বৰত মধ্যপ্ৰদেশৰ ভূপালত আয়োজিত ‘মহৰ্ষি ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱত গুৱাহাটী লালমাটি মহৰ্ষি বিদ্যা মন্দিৰ-৪ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ নীলাভ নিবিড় কলিতাই বিজ্ঞান প্ৰকল্প প্ৰদৰ্শনত ছিনিয়ৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে৷

বিজ্ঞান প্ৰকল্পটোৰ বিষয় আছিল ‘Anti-Drone Defence System : Detecting and Disabling Unmanned Aerial Threats’৷

ইয়াৰ আগতে যোৱা বছৰ বিদ্যালয়ৰ বিজ্ঞান প্ৰকল্প প্ৰদৰ্শনীতো নীলাভে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ নীলাভ নিবিড় কলিতা বেলতলা বনগাঁও নিৱাসী উপানন্দ দাস আৰু টুটুমণি তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ৷

ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ

You might also like