নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইনত থকা ব্যক্তিয়ে ঘণ্টাই প্ৰতি পঠাব লাগিব ছেল্ফি 

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে প্ৰতি ঘণ্টাৰ মূৰে মূৰে চৰকাৰলৈ বিশেষ এপৰ সহায়ত প্ৰেৰণ কৰিব লাগিব ছেল্ফি । এই নিৰ্দেশ অমান্য কৰিলে হোম কোৱাৰেণ্টাইনৰ সলনি চৰকাৰী কোৱাৰেণ্টাইন কক্ষত থাকিব লাগিব । সোমবাৰে কৰ্ণাটক চৰকাৰে ৰাজ্যবাসীৰ বাবে জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা ।

কিন্তু কিয় এই নিৰ্দেশনা জাৰি কৰিব লগা হ’ল কৰ্ণাটক চৰকাৰে । প্ৰশাসনে জনোৱা অনুসৰি ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা লকডাউনৰ বিধি অগ্ৰাহ্য কৰিছে বহুলোকে । আনফালে, বিদেশৰ পৰা উভতি আহি ১৪ দিন পৰ্যন্ত ঘৰতে থাকিবলৈ কোৱাৰ পাচতো এই কথাও মানি ল’ব খোজা নাই অনেকে । বেংগালুৰু চহৰতে সংঘটিত হৈছে এনে বহু ঘটনা । ফলত কৰ্ণাটক চৰকাৰে সোমবাৰে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা ।

পুৱা ১০ বজাৰ পৰা সন্ধ্যা ৭ বজালৈ লৈকে হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিয়ে প্ৰতি ঘণ্টাৰ মূৰে মূৰে প্ৰেৰণ কৰিব লাগিব ছেল্ফি । এই সমগ্ৰ ব্যৱস্থাটো কোৱাৰেণ্টাইন এনফৰ্ছমেণ্ট স্কোৱাডৰ নিৰীক্ষণত থাকিব বুলিও উল্লেখ কৰিছে চৰকাৰে ।

উল্লেখ্য যে, কৰ্ণাটক বৰ্তমানলৈকে ৮৫ জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৩ জনৰ । গতিকে তেনে পৰিপ্ৰেক্ষিতত চৰকাৰে আগন্তুক দিনসমূহত ক’ৰোনা প্ৰতিৰোধৰ বাবে গঢ়ি তুলিছে ভিন্ন কাৰ্যপন্থা । হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিসকলে যাতে বাহিৰত ঘূৰি ফুৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে প্ৰতি এঘণ্টাৰ ব্যৱধানত ছেল্ফি প্ৰেৰণৰ বাবে শেহতীয়াকৈ জাৰি কৰিছে নিৰ্দেশ ।

You might also like