নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাইট ৱাছ হৈও গাদী এৰিব নিবিচাৰে মুখ্য প্ৰশিক্ষক গম্ভীৰে! বল ঠেলিলে বিচিচিআইৰ ক’ৰ্টলৈ

ডিজিটেল ডেস্ক, ২৬ নৱেম্বৰ : ইডেনৰ টাৰ্নিং পিটচেই হওক বা গুৱাহাটীৰ স্প’ৰ্টিং পিটচ, সকলোতে ব্যৰ্থ গৌতম গম্ভীৰৰ ভাৰতীয় ক্ৰিকেট দল। টীম ইণ্ডিয়াৰ ব্যৰ্থতাৰ যেন কোনো সমাধানেই নোলোৱা হৈছে। এখনৰ পিছত আনখন টেষ্টত পৰাজয়ৰ পিছত গম্ভীৰৰ ৰণনীতিক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে। প্ৰাক্তন খেলুৱৈসকলো গম্ভীৰৰ নীতিক লৈ সৰৱ হৈ পৰিছে। ভাৰতীয় ক্ৰিকেটত ‘গম্ভীৰ যুগ’ৰ অৱসান কেতিয়া ? দক্ষিণ আফ্ৰিকাৰে শৃংখলাত হোৱাইট ৱাছৰ পিছতো গাদী এৰিবলৈ ৰাজী নহয় গম্ভীৰ। ইমানৰ পিছতো তেওঁ বল ঠেলিলে বিচিচিআইৰ ক’ৰ্টলৈহে।

মুখ্য প্ৰশিক্ষক হিচাপে গম্ভীৰৰ ছত্ৰছায়াত এবছৰত ঘৰৰ মাটিত একাধিক টেষ্টত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰতীয় দল। ২৫ বছৰৰ পাছত ভাৰতৰ মাটিত ২-০ৰ ব্যৱধানত জয় সাব্যস্ত কৰে দক্ষিণ আফ্ৰিকাই। গুৱাহাটী টেষ্টৰ পাছত সাংবাদিকৰ কেইবাটাও কঠিন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় গম্ভীৰ। তেওঁক পোনপটীয়াকৈ সোধা হয়- ক্ৰিকেটৰ দীৰ্ঘতম ফৰ্মেটত তেওঁৰ ভৱিষ্যতৰ বিষয়ে। উত্তৰত গম্ভীৰে কয়- “এয়া বিচিচিআইৰ সিদ্ধান্ত। আমি এনে এটা দল, যি নিতৌ শিকি আছোঁ।”

গম্ভীৰে কয়- “দোষ সকলোৰে। কিন্তু দোষীৰ তালিকা কৰিব লাগিলে মোৰ পৰাই আৰম্ভ কৰিব লাগিব। আচলতে এয়া ট্ৰেনজিচনৰ সময়। সেয়ে সময় দিবই লাগিব। মই কেতিয়াও কাকো নিৰ্দিষ্টভাৱে দোষ দিয়া নাই। আগলৈও নকৰোঁ।”

অভিজ্ঞ খেলুৱৈৰ অভাৱ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকে অনুভৱ কৰিছে বুলি প্ৰায় স্বীকাৰ কৰে গম্ভীৰে। তেওঁৰ ভাষ্য- “আমি একেলগে বহুতো অভিজ্ঞ খেলুৱৈক হেৰুৱাইছোঁ। সেই কাৰণে ক’ব লাগিব- আমি ট্ৰেনজিচনৰ মাজেৰে গৈ আছোঁ। এইটোৰ লগত খাপ খোৱাটো খুবেই কঠিন। সেয়ে প্ৰত্যেককে সময় দিয়াটো জৰুৰী। মোৰ মনত নপৰে যে ইয়াৰ আগতে ভাৰতীয় দলত একেলগে বেটিং আৰু বলিং দুয়োটা বিভাগতে এনেদৰে ট্ৰেনজিচন হৈছিল। আগতে বেটিং বিভাগে ভাল খেলিছিল, বলিঙত ট্ৰেনজিচন হৈছিল। কিন্তু আমাৰ এই দলটো দুয়োটা বিভাগতে ট্ৰেনজিচনৰ মাজেৰে গৈ আছে। এয়া সকলোৱে বুজিব লাগে। টেষ্ট ক্ৰিকেটত ধাৰাবাহিকতা ৰক্ষাৰ বাবে অভিজ্ঞতাৰ প্ৰয়োজন।”

উল্লেখ্য যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত বৰ্তি থকাৰ ক্ষেত্ৰত ভাৰতীয় ক্ৰিকেটপ্ৰেমীক চিন্তাত পেলাইছে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ লজ্জাৰ ৰেকৰ্ডে। তেওঁৰ অধীনত ১৮খন মেচ খেলি মাত্ৰ ৭খনতহে জয়লাভ কৰিব পাৰিছে ভাৰতে।

You might also like