নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ভোকৰ ভাতমুঠি

অক্সিজেনৰ পিছতেই মানুহৰ সকলোতকৈ প্রয়োজনীয় বস্তুবিধেই হৈছে খাদ্য৷ কেৱল ক্ষুধা নিবাৰণেই নহয়, জীয়াই থকাৰ বাবেই মানুহক প্রয়োজন আহাৰৰ৷ ক্ষুধা নিবাৰণৰ বাবে আমাৰ নূ্যনতম প্রয়োজনীয়তানো কি? এমুঠি চাউল আৰু দুটা আলুগুটি৷

অসমত এই দুবিধ সামগ্রী হ’লেই ক্ষুধা নিবাৰণ কৰি জীয়াই থকাটো সম্ভৱ৷ অসমৰ বাহিৰত ক্ষুধা নিবাৰণৰ বাবে প্রয়োজন মাথোঁ দুখন ৰুটী৷ খুব সাধাৰণভাৱে হ’লেও এইখিনি খাদ্য খায়েই এজন মানুহ জীয়াই থাকিব পাৰে৷ আৰু সাধাৰণভাৱে ধৰিলে এইখিনি খাদ্য নিজে বনাই খালে মূল্য হ’ব খুব বেছি ১৫ টকা৷

কিন্তু আশ্চর্যজনকভাৱে এই নূ্যনতম খাদ্যখিনিয়েই এতিয়াও গোটাবলৈ সক্ষম নহয় বিশ্বৰ লাখ লাখ মানুহে৷ আমি যিসকলে দুবেলা দুসাঁজ পেট ভৰাই খাই আছোঁ তেওঁলোকৰ বাবে এই কথাখিনি কল্পনা কৰাটো প্রায় অসম্ভৱ৷ দৰিদ্রপীড়িত ভাৰতৰ দৰে এখন দেশত ১৫টকীয়া এসাঁজ ভাত অথবা দুখন ৰুটী গোটোৱাও যে এতিয়াও এচামৰ বাবে কেনে কঠিন সেই কথা উন্মোচন হৈছে এটা ঘটনাত৷ মধ্যপ্রদেশৰ গুণা জিলাৰ বম’ৰি বিধানসভা সমষ্টিৰ অন্তর্গত কুশেপুৰ নামৰ গাঁওখনত এগৰাকী বৃদ্ধাৰ মৃত্যুৰ বাতৰিয়ে দেশত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মহিলাগৰাকীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত খাদ্য সংগ্রহৰ বাবে দুদিন ধৰি দোকানৰ সন্মুখত শাৰী পাতি ৰৈ আছিল৷ প্রচণ্ড ঠাণ্ডা আৰু ভোকত আতুৰ হৈ জর্জৰিত মহিলাগৰাকীয়ে দুটা দিন ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মূল্যৰ দোকানত থিয় দি থাকিও খাদ্য সংগ্রহ কৰিব পৰা নাছিল৷ তেনেদৰে দীর্ঘ সময় শাৰী পাতি থকাৰ সময়তে দুর্বল বৃদ্ধা ভুৰিয়া বায়ে অচেতন হৈ পৰি যায়৷ তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতালতে তেওঁৰ মৃত্যু হয়৷

ভুৰিয়া বাইৰ এই শোকাৱহ মৃত্যুৱে আকৌ এবাৰ সকলোকে ভবাই তুলিছে যে এতিয়াও ভোকৰ ভাতমুঠিৰ মূল্য কিমান ভুৰিয়া বাইৰ কাহিনী এটা উদাহৰণহে মাত্র৷ দেশত লাখ লাখজনে এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি আছে৷ কাৰোবাৰ ঘৰৰ সন্মুখত অথবা কোনোবা দোকানৰ সন্মুখত ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিও এনে দুর্ভগীয়া ভোকৰ ভাতমুঠি যোগাৰ কৰিব পৰা নাই৷

‘হাংগাৰ ইনডেক্স ২০২৫’ত বিশ্বৰ ১২৩খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০২ নম্বৰত৷ ২৫.৮ পইণ্টেৰে ভাৰতত ক্ষুধাৰ সমস্যা এতিয়াও এক ‘ছিৰিয়াছ’ সমস্যা হিচাপে চিহ্ণিত হৈ আছে৷

ভাবিলে আচৰিত লাগে, যি সময়ত বিজ্ঞানৰ চমকপ্রদ সাফল্যই ভাৰতক জোনবাইৰ দেশলৈ লৈ গৈছে, তেজছৰ দৰে অত্যাধুনিক যুঁজাৰু বিমানে আকাশ নিজৰ দখললৈ লৈ আনিছে, বিক্রাণ্টে মহাসাগৰত দেশৰ খোপনি পুতিছে, বিলিয়নাৰ আম্বানিৰ ‘এণ্টিলা’ই বিশ্বক চমকিত কৰিছে, ৰাজনৈতিক নেতা বাদেই দিয়ক কোনোবা অখ্যাত অভিযন্তাৰ ঘৰতেই কোটি কোটি টকা উদ্ধাৰ হৈছে, সেই সময়তো ভাৰতৰ ১৪০ কোটি বাসিন্দাৰ ২৫ কোটি লোকেই এমুঠি ভাতৰ বাবে দিনৰ পিছত দিন যুঁজি থাকিবলগীয়া হৈছে৷

মর্মান্তিক কথাটো হ’ল চৰম দৰিদ্রত পিষ্ট হোৱা এই বৃহৎসংখ্যক লোকৰ ৬৫ শতাংশই হ’ল ১২ বছৰৰ তলৰ শিশু৷ পেট ভৰাই খাবলৈ যিসময়ত এই শিশুসকলক এসাঁজ পুষ্টিকৰ আহাৰৰ প্রয়োজন সেই সময়ত এই শিশুসকলে দিনটোত এখন ৰুটীও খাবলৈ পোৱা নাই৷ বিজ্ঞানে এফালে ভাৰতক এখন আধুনিক দেশ হিচাপে প্রতিষ্ঠা কৰাৰ বিপৰীতে চকুত ছাট মাৰি ধৰা উচ্চ উচ্চ দালানবোৰৰ পোহৰ নপৰা তলৰ আন্ধাৰত যুগ যুগ ধৰি বর্তি আছে এখন অন্য পৃথিৱী৷

এই পৃথিৱীত খাবলৈ এমুঠি চাউল অথবা এখন ৰুটী, লজ্জা নিবাৰণৰ বাবে এডোখৰ কাপোৰৰ বাবে চলি আছে নিৰন্তৰ যুঁজ৷ এই পৃথিৱীৰ বাসিন্দাৰ বাবে এসাঁজ পেট ভৰাই খাবলৈ পোৱাটোৱেই তেওঁলোকৰ বাবে চৰম লাগজাৰী৷ প্রচণ্ড শীতত অনাহাৰ পেটেৰে, এটুকুৰা ছিন্ন বস্ত্র পৰিধান কৰি দুটা দিন, দুটা ৰাতি কঁপি কঁপি খাদ্য সংগ্রহৰ বাবে ৰৈ থকা ভুৰিয়া বাই আছিল এনে এখন পৃথিৱীৰে প্রতিনিধি৷

You might also like