মধ্য অসমৰ কামপুৰত সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰশাসনৰ
আজি মধ্য অসমৰ কামপুৰ লুটুমাৰীত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান
নগাঁও জিলা প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান
অৰ্ধশতাধিক ড্ৰাম্পাৰ লৈ উচ্ছেদ চলাইছে প্ৰশাসনে
কামপুৰ আঞ্চলিক বন বিভাগৰ অন্তৰ্গত লুটুমাৰী বনাঞ্চলৰ ৭৯৫ হেক্টৰ ভূমিত চলিব এই বৃহৎ উচ্ছেদ অভিযান
২০৭০টা কেঁচা ঘৰ আৰু ১৯২টা পকী ঘৰত উচ্ছেদ চলাব প্ৰশাসনে
নগাঁও জিলাৰ আয়ুক্তই মাইকযোগে উচ্ছেদ স্থলী ত্যাগ কৰিবলৈ অনুৰোধ কৰাৰ পাছত সহস্ৰাধিক পৰিয়ালে ইতিমধ্যে নিজেই ঘৰ-দুৱাৰ ভাঙি স্থান ত্যাগ কৰিছে।
যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উচ্ছেদ স্থলীত কেইবাহাজাৰ আৰক্ষী, স্বাস্থ্য বিভাগৰ লোক, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সক্ৰিয় হৈ আছে।
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ