নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম’হখুলি হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত

নলবাৰীৰ ম’হখুলিৰ প্ৰমোদ বৰ্মন হত্যাকাণ্ডত জড়িত মাষ্টাৰমাইণ্ড কল্পজ্যোতি ডেকাক শেষপৰ্যন্ত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁক বেলশৰ আৰক্ষী থানাৰ লকআপত ৰখা হৈছে।

তেওঁ আত্মসমৰ্পণ কৰিলে নে গ্ৰেপ্তাৰ হ’ল— ই এতিয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য, যোৱা ২৯ আগষ্টত ম’হখুলিত সংঘটিত হত্যাকাণ্ডৰ পিছত কল্পজ্যোতি ডেকা লুকাই থকাৰ চেষ্টা কৰিছিল। তেওঁ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল বুলি সন্দেহ কৰা হৈছে।

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ

You might also like