শালবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ১
- বাক্সাৰ শালবাৰীৰ টাঙাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন।
- তীব্ৰবেগী চাৰিচকীয়া ব’লেৰো বাহনৰ খুন্দাত থিতাতে নিহত হয় ইৰিক্সা চালক।
- নিহত ইৰিক্সা চালকজন শালবাৰীৰ ৰবেন বড়ো বুলি জানিব পৰা গৈছে।
- জানিব পৰামতে লোকজনে আনন্দ বজাৰৰ পৰা শালবাৰী বজাৰলৈ ইৰিক্সাৰে শাকপাচলি বিক্ৰী কৰিবলৈ আনি থকাৰ সময়তে তীব্ৰবেগী বাহনখনে মহতিয়াই থৈ যায় লোকজনক।
- ইফালে তীব্রবেগী বাহনখনে লোকজনক মহতিয়াই থৈ পলায়ন কৰে যদিও পৰবৰ্তী সময়ত আৰক্ষীয়ে জব্দ কৰে বাহনখন৷
- জব্দ কৰা বলেৰ’ বাহনখনৰ নম্বৰ AS 15C 3093
- ঘটনাস্থলীত শালবাৰী আৰক্ষী উপস্থিত হৈ নিহত ইৰিক্সা চালকজনৰ মৃতদেহ আৰক্ষী থানালৈ লৈ আনে।
- ইতিমধ্যে শালবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত।
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ