চামগুৰিত অখিল গগৈ-ৰ পুত্তলিকা দাহ অসম চাহ মজদুৰ সংঘৰ
নগাঁও জিলাৰ আমনিত আজি অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিয়ে বিধায়ক অখিল গগৈৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
২০০ বছৰীয়া ইতিহাসত নজিৰ সৃষ্টিৰে ৰাজ্য খনৰ চাহ শ্ৰমিক সকলক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে কালি বিধানসভাত বিধেয়কখন গৃহীত কৰা সময়ত তথা বিধেয়ক খনক লৈ বিধায়ক অখিল গগৈয়ে সৰৱ হোৱাত অসম চাহ মজদুৰ সংঘৰ লগতে শতাধিক চাহ শ্ৰমিক ৰাইজে আজি চামগুৰিৰ আমনিত বিধায়ক অখিল গগৈৰ পুত্তলিকা দাহ কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
চাহ শ্ৰমিক ৰাইজক ভূমি পট্ৰা প্ৰদানৰ ক্ষেত্ৰত আৰু বিধান সভাত চাহ শ্ৰমিক ৰাইজক উদ্দেশ্যে বিৰূপ মন্তব্য প্ৰকাশ কৰাত বিধায়ক অখিল গগৈক চাহ অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে চাহ মজদুৰ সংঘৰ বিষয়ববীয়াসকলে বিধায়কগৰাকীক তীব্ৰ সমালোচনা কৰে৷ লগতে বিধায়ক অখিল গগৈৰ অৰ্কিড পাৰ্ক খনৰ তদন্ত দাবী জনায় চাহ মজদুৰ সংঘই ৷
নিয়মীয়া বাৰ্তা, চামগুৰি, ২৯ নৱেম্বৰ