বৰভূঁইকঁপৰ আশংকা : হিমালয়-সহ পাদদেশৰ ভূকম্পনপ্ৰৱণ এলেকাৰ সংজ্ঞা সলনি
জৰুৰী সেৱা বৰ্তাই ৰাখিবলৈ হাস্পাতাল, দলং, একাংশ চৰকাৰী কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য কেবাগুণ শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে
ক্ৰমাত ঘনীভূত হৈছে বৰ ভূঁইকপৰ আশংকা। ভূগৰ্ভস্থ টেকটনিক চ্যুতি-বিচ্যুতি প্ৰক্ৰিয়াৰ সঘন পৰিবৰ্তনৰ বাবে হিমালয় আৰু ইয়াৰ পাদদেশত থকা সমগ্ৰ অঞ্চলৰ ভূকম্পন প্ৰবণ এলেকাৰ সংজ্ঞা সলনি কৰা হৈছে।
এতিয়ালৈকে ভাৰতত সৰ্বোচ্চ ভূকম্পন বিপজ্জনক জ’ন আছিল ৫ (v)। কিন্তু হিমালয়ৰ ভূগৰ্ভস্থ গাথনিৰ সংবেদনশীলতা শেহতীয়াকৈ ইমানে বৃদ্ধি পাইছে যে অসমকে ধৰি হিমালয় আৰু ইয়াৰ পাদদেশীয় অঞ্চলসমূহৰ ভূকম্পন প্ৰবণ জ’ন ৬লৈ (vi) বৃদ্ধি কৰা হৈছে।
ব্যুৰ’ অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছে (বি আই এছ) অলপতে জাৰি কৰা নতুন ভূকম্পীয় অঞ্চল মানচিত্রত (ছিচমিক জনেচন মেপ) এই সালসলনি কৰা হৈছে। এক নতুন ভূমিকম্প ডিজাইন ক’ডৰ জৰিয়তে বি আই এছে সমগ্ৰ হিমালয় পৰ্বতমালাক সৰ্বোচ্চ ভূকম্পন প্ৰবণ এলেকা হিচাপে চিহ্নিত কৰিছে।
ইয়াৰ জৰিয়তে সকলো আন্তগাথনী ব্যৱস্থাপনাতো সালসলিন কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। নগৰীয় বিকাশ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই নিৰ্মাণকাৰ্যৰ আৰ্হিসমূহক শক্তিশালী কৰি তোলাটোও বাঞ্ছনীয় হৈ পৰিছে।
বিশেষকৈ আপতকালীন সময়ত জৰুৰী সেৱা বৰ্তাই ৰাখিবলৈ হাস্পাতাল, দলং, একাংশ চৰকাৰী কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য কেবাগুণ শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সামগ্ৰিক ভাৱে স্কুল-কলেজ, বিভিন্ন পাইপলাইন, বৈদ্যুতিক সংযোগৰক্ষাকাৰী পিলাৰ আদিৰ গাথনি অত্যন্ত শক্তিশালী কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে।
কোৱা হৈছে হিমালয়ৰ পূৱৰ পৰা পশ্চিম ভূগৰ্ভত টেকটনিক চাপ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। এই চাপ যেতিয়া প্ৰবল ভূইকঁপলৈ ৰূপন্তৰিত হব তেতিয়া সেই ধ্বংসলীলা বিশেষকৈ জনবহল চহৰসমূহত বিভিষিকাৰ ৰূপ লব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে। আৰু তাৰ বাবেই প্ৰয়োজন হৈ পৰিছে জৰুৰী সুৰক্ষা সংস্কাৰৰ।
পূৰ্বৰ ভূমিকম্প ডিজাইন ক’ড প্ৰত্যাহাৰ কৰি তুৰন্তে নতুন ডিজাইন ক’ডৰ জৰিয়তে আঁচনি প্ৰণয়নকাৰী কাৰিগৰি ব্যৱস্থাপনা গ্ৰহণ কৰিবলৈ মন্ত্ৰণা জাৰি কৰা হৈছে।
উল্লেখ্য যে সম্ভাৱনামূলক ভূমিকম্পীয় বিপদৰ মূল্যায়ন (প্ৰবেবিলিষ্টিক ছিচমিক হেজাৰ্ড এছেচমেন্ট) পদ্ধতিৰ যোগেদি নতুন ছিচমিক জনেচন মেপ তৈয়াৰ কৰা হৈছে বুলি বি আই এছে জাৰি কৰা বিবৃতিত প্ৰকাশ কৰা হৈছে।
মন কৰিব লগীয়া যে প্ৰতি দহ বছৰৰ মূৰে মূৰে ছিচমিক জনেচন মেপ তৈয়াৰ কৰা হয়। বি আই এছে জাৰি কৰা বিজ্ঞপ্তিত ২০১৬ চনৰ ছিচমিক জনেচন মেপ সম্পূৰ্ণৰূপে পৰিত্যাগ কৰি তুৰন্তে ২০২৫ চনৰ মেপক অনুসৰণ কৰিবলৈ পৰামৰ্শ জাৰি কৰা হৈছে।
নতুন ভূকম্পীয় অঞ্চল মানচিত্রত লাডাখক বাদ দি জম্মু আৰু কাশ্মীৰ, হিমাচল, উত্তৰাখণ্ড আৰু উত্তৰপূৰ্বাঞ্চলৰ আঠ খন ৰাজ্যৰ উপৰি পাঞ্জাৱৰ একাংশ এলেকা, নেপাল সীমান্তবৰ্তী উত্তৰ প্ৰদেশৰ সমগ্ৰ এলেকা আৰু পশ্চিমবংগৰ একাংশ অঞ্চলক সৰ্বোচ্চ জ’ন ৬লৈ সামৰি লোৱা হৈছে।
ইয়াৰ উপৰি গুজৰাটৰ কচ্ছ আৰু সমগ্ৰ আন্দামান-নিকোবৰ দ্বীপপুঞ্জকো সৰ্বোচ্চ জ’নত অন্তৰ্ভূক্ত কৰা হৈছে। লক্ষ্যনীয়ভাৱে নতুনকৈ চিহ্নিত জ’ন ৬-ত থকা অঞ্চলসমূহ পূৰ্বতে জ’ন ৫ আৰু ৪-ত স্থান লাভ কৰিছিল। কিন্তু ভূগৰ্ভস্থ টেকটনিক চ্যুতি-বিচ্যুতিৰ পৰিবৰ্তিত পৰিস্থতিয়ে এই সকল অঞ্চলক সৰ্বাধিক ভূকম্পন প্ৰবণ এলেকালৈ পৰ্যবেশিত কৰিছে।
নতুনকৈ জাৰি কৰা মানচিত্ৰ অনুসৰি ভাৰতৰ ৭৫ শতাংশ ভূখণ্ডই এতিয়া মধ্যমৰ পৰা সৰ্বোচ্চ বিপজ্জনক ভূকম্পন প্ৰবণ শ্ৰেণীত সোমাই পৰিছে। উচ্চ বিপজ্জনক শ্ৰেণীত অন্তৰ্ভূক্ত হৈছে দেশৰ ৬১ শতাংশ ভূখণ্ড।
বিশেষ বাৰ্তা, নতুন দিল্লী, ২৯ নৱেম্বৰ