আজিৰে পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰৰ বাজেট অধিৱেশন
আজিৰ পৰা বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি পৰিষদীয় বিধানসভা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত হব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচিৰ নতুন পৰিষদীয় চৰকাৰখনৰ প্ৰথমটো বাজেট অধিৱেশন৷
১ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া বাজেট অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি বডোফা নগৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা বেহু৷ কেইবাটাও স্থানত স্থাপন কৰা হৈছে কেইবাতৰপীয়া বেৰিকেড৷
বিশেষকৈ যোৱা ২৯ নৱেম্বৰত সংঘটিত বিটিচি সচিবালয় কান্ডৰ প্ৰতি লক্ষ্য ৰাখি আৰু সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি নজৰ দি চিআৰপিএফ, কমান্ডো বাহিনীৰ লগতে অসম আৰক্ষীক সুৰক্ষা কাৰ্যত নিয়োগ কৰি যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে সষ্টম কৰি ৰখা পৰিলক্ষিত হৈছে৷
ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ